আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক প্ৰশ্ন কৰে যে চীনে আমেৰিকাৰ পৰা অস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী নেকি? এই তথ্য চীনত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ পাৰ্ডুয়ে প্ৰদান কৰিছে। অৱশ্যে ট্ৰাম্পে ছিক এই প্ৰশ্ন কেতিয়া সুধিছিল সেই কথা উল্লেখ কৰা নাই পাৰ্ডুয়ে। পাৰ্ডুৱে এই বক্তব্য প্ৰকাশ কৰিছে যেতিয়া আমেৰিকাই টাইৱানক অস্ত্ৰ বিক্ৰীৰ বাবে প্ৰস্তুতি চলাইছে, যিটো পদক্ষেপৰ চীনে দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছে। চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি গণ্য কৰে আৰু আনকি প্ৰয়োজন হ’লে বল প্ৰয়োগ কৰাৰ কথাও কৈছে।
পাৰ্ডুৱে কয় যে ট্ৰাম্পে ছি জিনপিঙক টাইৱানক আমেৰিকাৰ অস্ত্ৰ বিক্ৰী কৰাৰ সিদ্ধান্ত বুজাই দিছিল, লক্ষ্য কৰিছিল যে আমেৰিকাই বিশ্বৰ বহু দেশক অস্ত্ৰ বিক্ৰী কৰে। ইয়াৰ পিছতে ট্ৰাম্পে ছি জিনপিঙক সুধিলে যে তেওঁ আমেৰিকাৰ অস্ত্ৰ ক্ৰয় কৰিব বিচাৰে নেকি? যদিহে চীনে সঁচাকৈয়ে আমেৰিকাৰ অস্ত্ৰ ক্ৰয় কৰে তেন্তে আমেৰিকাৰ দশক দশক পুৰণি চীন-টাইৱান নীতিৰ এক বৃহৎ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত আমেৰিকাৰ সামৰিক প্ৰযুক্তি চীনত উপনীত হোৱাৰ বাবেও উদ্বেগ সৃষ্টি হ’ব পাৰে।
আমেৰিকাৰ সাংসদসকলে প্ৰশ্ন উত্থাপন কৰে
ইফালে, আমেৰিকাৰ সাংসদসকলে টাইৱানলৈ অস্ত্ৰ ডেলিভাৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ অৰ্ডাৰত পলম হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চীনৰ ৰাষ্ট্ৰপতিক সন্তুষ্ট কৰিবলৈ আমেৰিকাই টাইৱানলৈ অস্ত্ৰ যোগান ধৰাত বিলম্ব কৰিছে নেকি বুলি তেওঁলোকে প্ৰশ্ন কৰে। পাৰ্ডুৱে এই কথা অস্বীকাৰ কৰে। তেওঁ কয় যে টাইৱানক লৈ ট্ৰাম্পে অতি শক্তিশালী স্থিতি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমেৰিকাই টাইৱানক উল্লেখযোগ্য অস্ত্ৰ বিক্ৰী কৰিছে। তেওঁ লগতে কয় যে ট্ৰাম্প আৰু ছিয়ে ভৱিষ্যতে টাইৱানক আমেৰিকাৰ অস্ত্ৰ বিক্ৰীৰ বিষয়ে আলোচনা কৰি যাব।
আমেৰিকাৰ আইন অনুসৰি আমেৰিকাই টাইৱানক নিজৰ ৰক্ষাৰ উপায় প্ৰদান কৰিব লাগিব। আমেৰিকাই টাইৱানক পৃথক দেশ হিচাপে স্বীকৃতি নিদিয়ে যদিও ইয়াৰ সৰ্ববৃহৎ বেচৰকাৰী সমৰ্থক আৰু অস্ত্ৰ যোগানকাৰী। অৱশ্যে চীনৰ আক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাই প্ৰত্যক্ষ সামৰিক সহায় আগবঢ়াব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
টাইৱানক অস্ত্ৰ বিক্ৰী বন্ধ কৰি দিলে আমেৰিকাই
ইয়াৰ পূৰ্বে চীনে মে’ মাহত ট্ৰাম্প-ছি জিনপিঙৰ বৈঠকৰ সময়ত টাইৱানক অস্ত্ৰ বিক্ৰী বন্ধ কৰিবলৈ আমেৰিকাক দাবী জনাইছিল। সেই বৈঠকৰ পিছত আমেৰিকাই ১৪ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টিকাৰী অস্ত্ৰ পেকেজ বিক্ৰী বন্ধ কৰি দিয়ে। ট্ৰাম্পে ইয়াক চীনৰ সৈতে আলোচনাত “ভাল চুক্তি” নিশ্চিত কৰাৰ উপায় বুলি অভিহিত কৰিছিল। যোৱা সপ্তাহত হোৱাইট হাউছত ট্ৰাম্প আৰু ছি জিনপিঙৰ মাজত হোৱা বৈঠকৰ সময়তো টাইৱানৰ বিষয়টো উত্থাপন হৈছিল। চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ছি জিনপিঙে টাইৱানৰ স্বাধীনতাৰ বিৰোধিতা কৰিবলৈ ট্ৰাম্পক আহ্বান জনাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















