নিমিষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, “মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা। আৰক্ষীয়ে এক্সন ল’বই।” তেওঁৰ এই মন্তব্যৰ পাছতে বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।
নিমিষাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰীয়ে কয়, ‘নিমিষা মোৰ নিজৰ সমষ্টিৰ ছোৱালী, মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী। তাই নাবালিকা নাছিল, সাবালিকা আছিল। পুলিছে ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। নিমিষা কাণ্ডৰে জড়িত দোষীয়ে শাস্তি পাবই, আৰক্ষীয়ে এক্সন ল’বই। আমি সকলোৱে নিজক নিৰাপদে ৰাখিবলৈ শিকিব লাগিব।’
ইয়াৰোপৰি সংস্কাৰৰ ভিতৰত আমি চলিব লাগে। সংস্কাৰৰ মাজেৰে চলিলে সমাজখনো ভালে থাকে। আমি পুৰণি ৰীতি-নীতি বজাই ৰাখিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















