ভাৰতীয় ক্ৰিকেটাৰ ৱাণ্ডাৰকিড ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে অৰ্জন কৰিছে আন এক সাফল্য। এইবাৰ ক্ৰিকেট খেলপথাৰৰ পৰা ওলাই আহিল তেওঁৰ এই কৃতিত্ব। সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ ভৱিষ্যত গঢ় দিয়া উদীয়মান তাৰকাসকলক স্বীকৃতি দিয়া টাইম মেগাজিনৰ টাইম ১০০ নেক্সট ২০২৬ তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে। তালিকাৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি।
টাইম আলোচনীয়ে বৈভৱক ‘ফীননম’ শিতানত অন্তৰ্ভুক্ত কৰিছে। এই তালিকাত থকা আন ছয়জন ক্ৰীড়া ব্যক্তিত্বৰ ভিতৰত আছে আমেৰিকান ফুটবল কোৱাৰ্টাৰবেক আৰ্চ মেনিং, এনবিএ তাৰকা টাইৰেছ মেক্সী, মহিলা ফুটবলাৰ নাওমি গিৰ্মা, ষ্ট্ৰাইকাৰ ফ’লাৰিন বালোগুন, টেনিছ খেলুৱৈ আলেকজেণ্ড্ৰা ইয়ালা আৰু বাস্কেটবল তাৰকা অলিভিয়া মাইলছ।
বৈভৱ সূৰ্যবংশীৰ ক্ৰিকেট যাত্ৰা সাধুকথাতকৈ কম নহয়। ২০২৪ চনৰ আই পি এলৰ নিলামত মাত্ৰ ১৩ বছৰ বয়সতে ৰাজস্থান ৰয়েলছৰ হাতত চুক্তিবদ্ধ হোৱাৰ সময়ত বৈভৱ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
পিছৰ বছৰত বৈভৱ সূৰ্যবংশীয়ে অভিষেক ঘটায় আৰু পুৰুষৰ টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হৈ ইতিহাস ৰচনা কৰে। তেওঁ এতিয়া টিম ইণ্ডিয়াৰ হৈ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে।
ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈও বৈভৱ সূৰ্য্যবংশী। শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে। বৰ্তমান তেওঁ এছিয়ান গেমছৰ বাবে ভাৰতীয় দলৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















