• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

1 hour ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

8 seconds ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

41 minutes ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

2 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

2 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

3 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

3 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

4 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

5 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

5 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

6 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পত্নীৰ বিৰুদ্ধে হ*ত্যাৰ অভিযোগ লৈ গৈছিল আৰক্ষী চকীলৈ

editor by editor
October 1, 2026
in অপৰাধ, ভাৰত, লেখা
0
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
0
SHARES
517
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ পত্নীৰ বিৰুদ্ধে ৮৫ বছৰীয়া শাহুৱেকক হ*ত্যাৰ অভিযোগ তুলি আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছিল এজন লোক। কিন্তু নিজে পতা জালত যেন নিজেই পৰিল লোকজন। আৰক্ষীৰ জেৰাত অভিযোগ লৈ যোৱা লোকজনেই ২০২২ চনত সংঘটিত হোৱা তিনিটা হ*ত্যাকাণ্ডৰ সৈতে নিজেই জড়িত থকাৰ কথা স্বীকাৰ কৰে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা এই অভিযুক্তজনৰ নাম মাধৱ দাস।

অৱশ্যে প্ৰথমে তেওঁ কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাইছিল । কিন্তু লোকজনে অভিযোগ কৰা হ*ত্যাকাণ্ডত তেওঁৰ পত্নী উৰ্মিলা আৰু খুলশালীয়েক দেৱানৰ জড়িত থকাৰ কোনো প্ৰমাণ লাভ কৰা নাছিল। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ চুৰাটত।

দৰাচলতে, অভিযুক্ত মাধৱ দাসে প্ৰথমে আৰক্ষীক অভিযোগ কৰিছিল যে উৰ্মিলা আৰু দেৱানে কেইবছৰমান পূৰ্বে কোছাম্বা জিলাৰ কাব্ৰিস্তান ফালিয়াৰ বাসিন্দা শান্তবেন গম্ভিৰভাই বাসৱক হ*ত্যা কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে হ*ত্যাৰ পিছত মৃ*তদেহটো ঘৰৰ ভিতৰত মজিয়াত পুতি থোৱা হৈছিল। এই তথ্য লাভ কৰাৰ পিছত ক্ৰাইম ব্ৰাঞ্চে দেৱানক কাৰ্যালয়লৈ মাতি আনি জেৰা কৰে। কিন্তু আৰক্ষীৰ সন্মুখত দেৱানে শান্তবেনৰ হ*ত্যাকাণ্ডৰ সৈতে নিজৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্টভাৱে অস্বীকাৰ কৰে। ইয়াৰ পিছত তদন্তকাৰী বিষয়াই মাধৱ দাস আৰু দেৱান দুয়োকে পৃথকে পৃথকে আৰু দীঘলীয়া সময় ধৰি জেৰা কৰে। জেৰাৰ সময়তে মাধৱ দাসে দেৱানৰ নাম মিছাকৈ লোৱা বুলি স্বীকাৰ কৰে।

এচিপি (ক্ৰাইম ব্ৰাঞ্চ) ভাৰত পেটেলৰ মতে, দেৱানৰ বিৰুদ্ধে কোনো তথ্য বা প্ৰমাণ নোপোৱাৰ পিছত আৰক্ষীৰ সন্দেহ মাধৱ দাসৰ ওপৰতে কেন্দ্ৰিত হয়। অধিক জেৰাৰ সময়ত মাধৱ দাসে নিজৰ মাতৃ, শাহুৱেক আৰু ভনীয়েকক হ*ত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীৰ মতে, মাধৱ দাসে জেৰাত জনাইছিল যে তেওঁৰ পত্নী উৰ্মিলাই পুত্ৰক লগত লৈ প্ৰায় ৯ মাহ ধৰি তেওঁৰ পৰা পৃথকে আছিল। সেই সময়ত উৰ্মিলাই সোণ-ৰূপৰ গহনা আৰু নগদ ধন লৈ যোৱা বুলি মাধৱ দাসে অভিযোগ কৰিছিল।

আৰক্ষীয়ে দাবী কৰা মতে, পত্নীৰ ওপৰত ক্ষুব্ধ হৈ মাধৱ দাসে উৰ্মিলা আৰু দেৱানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ভুৱা অভিযোগ দিছিল। কিন্তু অধিক জেৰাৰ পিছত তেওঁ ২০২২ চনত উৰ্মিলাৰ সৈতে মিলি মাধৱ দাসৰ নিজ মাতৃ আৰু ভগ্নীৰ লগতে উৰ্মিলাৰো মাতৃক হ*ত্যা কৰাৰ কথা স্বীকাৰ কৰে।

আৰক্ষীৰ অভিযোগ অনুসৰি, ২০২২ চনৰ ৭ অক্টোবৰৰ নিশা মাধৱ দাস আৰু উৰ্মিলাই শান্তবেনক হ*ত্যা কৰিছিল। ইয়াৰ পিছত মৃ*তদেহটো এটা ড্ৰামৰ ভিতৰত ভৰাই চিমেণ্টৰ ব্লকৰ সৈতে ঘৰৰ বাৰাণ্ডাত খন্দা এটা গাঁতত পুতি থোৱা হৈছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু মাধৱ দাসে কৰা স্বীকাৰোক্তি তথা তেওঁৰ দাবীসমূহৰ সত্যতা পৰীক্ষা কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
Next Post
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ'ব এই সংযোগ

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.