• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

1 hour ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

11 seconds ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

20 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

45 minutes ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

2 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

3 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

4 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

4 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

5 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

5 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

6 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

6 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

গ্ৰীচৰ মাইক’নছ বিমানবন্দৰত কেপ্টেইন স্মিটৰ সৈতে কি ঘটিছিল?

editor by editor
October 1, 2026
in প্ৰযুক্তি, বাণিজ্য, ভাৰত, লেখা
0
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইললৈ যাত্ৰা কৰা FLY DUBAIৰ এখন বিমানত আক্ৰমণৰ চেষ্টা বিফল কৰি সাহসিকতাৰ পৰিচয় দিয়া ভাৰতীয় কেপ্টেইন স্মিট মাছাৰ এতিয়া বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিমানখনৰ ককপিটত আক্ৰমণ সংঘটিত হোৱাৰ সময়তো তেওঁ ভয় নকৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। ছুৰীৰ আঘাত পোৱাৰ পাছতো তেওঁ ককপিটৰ দুৱাৰ খুলি দিয়ে আৰু ইজৰাইলী যাত্ৰীসকলৰ সহায়ত আক্ৰমণকাৰীক বশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পিছত জৰুৰীকালীন সংকেত প্ৰেৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হয়। বিমানখনো অৱশেষত নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়। এই সাহসিকতাৰ বাবে ভাৰতীয় কেপ্টেইনগৰাকীক বিভিন্ন মহলৰ পৰা প্ৰশংসা কৰা হৈছে।

কিন্তু স্মিট মাছাৰৰ বাবে এয়া প্ৰথমবাৰৰ বাবে সন্মুখীন হোৱা কঠিন পৰিস্থিতি নহয়। ইয়াৰ পূৰ্বেও তেওঁ বিমান উৰুৱাই থকাৰ সময়ত এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল। গ্ৰীচৰ মাইক’নছ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত তেওঁ ভয়ংকৰ উইণ্ডশ্বিয়াৰৰ সন্মুখীন হৈছিল। এই ঘটনাৰ বিষয়ে তেওঁ এটা প’ডকাষ্ট সাক্ষাৎকাৰত বিস্তৃতভাৱে কৈছিল।

এটা প’ডকাষ্টত স্মিট মাছাৰে কয় যে কেইমাহমান পূৰ্বে তেওঁ মাইক’নছত বিমান অৱতৰণ কৰিবলৈ গৈছিল। সেই সময়ত বতাহ যথেষ্ট প্ৰচণ্ড আৰু অস্থিৰ আছিল। অৱশ্যে বতাহৰ গতি বিমানখনৰ বাবে নিৰ্ধাৰিত সীমাৰ ভিতৰতে আছিল। সেয়েহে তেওঁ অৱতৰণৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়। কিন্তু অৱতৰণৰ সময়তে পৰিস্থিতি অধিক জটিল হৈ পৰে। হঠাতে উইণ্ডশ্বিয়াৰৰ সৃষ্টি হয়। উইণ্ডশ্বিয়াৰ হৈছে বতাহৰ গতি বা দিশত অতি কম সময়ৰ ভিতৰতে হোৱা হঠাৎ পৰিৱৰ্তন। বিশেষকৈ বিমানৰ টেক-অফ আৰু লেণ্ডিঙৰ সময়ত এনে পৰিস্থিতি যথেষ্ট বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত বিমানৰ এয়াৰস্পীড আৰু লিফ্ট হঠাতে বৃদ্ধি বা হ্ৰাস পাব পাৰে। আনকি বিমানখন নিৰ্ধাৰিত গ্লাইড পথৰ পৰাও আঁতৰি যাব পাৰে।

স্মিটৰ মতে, সেই সময়ত বিমানখন নিয়ন্ত্ৰণত ৰখাটো যথেষ্ট কঠিন হৈ পৰিছিল। অৱতৰণৰ সময়ত ৰানৱেৰ সৈতে বিমানখনৰ সঠিক সংযোগ বজাই ৰখাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান আহি পৰিছিল। তথাপি তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিৰাপদে বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয়।

স্মিট মাছাৰে কয় যে উইণ্ডশ্বিয়াৰৰ দৰে জটিল পৰিস্থিতিৰ বাবে পাইলটসকলক নিয়মীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। চিমুলেটৰত প্ৰায় ছমাহৰ মূৰে মূৰে এনে পৰিস্থিতিৰ অনুশীলন কৰোৱা হয়। সেয়ে বাস্তৱত এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে তেওঁ প্ৰশিক্ষণত শিকা নিয়ম অনুসৰণ কৰে। বিমানখনৰ শক্তি বৃদ্ধি কৰি নিৰ্ধাৰিত কৌশল অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু অৱশেষত নিৰাপদে অৱতৰণ কৰে। তেওঁৰ ভাষ্য অনুসৰি, সেই সময়ত ১০০ শতাংশ প্ৰচেষ্টাও যেন যথেষ্ট নাছিল। পৰিস্থিতিটো ইমানেই কঠিন আছিল যে তেওঁৰ এনে অনুভৱ হৈছিল যেন ২০০ শতাংশ মানসিক আৰু পেছাদাৰী প্ৰস্তুতিৰ প্ৰয়োজন।

স্মিট মাছাৰে এই ঘটনাৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ কথাও স্পষ্ট কৰিছিল যে—এজন পাইলটৰ দায়িত্ব কেৱল বিমান উৰুৱাই নিয়াতে সীমাবদ্ধ নহয়। পাইলট হোৱাৰ পাছতো নিয়মীয়াকৈ প্ৰশিক্ষণ আৰু পৰীক্ষাৰ মাজেৰে যাব লাগে। তেওঁৰ মতে, পাইলটসকলে নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা, ফ্লাইট চিমুলেটৰ পৰীক্ষা, লাইন চেক আৰু বিমানবন্দৰ সম্পৰ্কীয় পৰীক্ষাৰ সন্মুখীন হ’ব লাগে। ইয়াৰ লগতে বিমান চলাচলৰ নতুন নিয়ম, সুৰক্ষা পদ্ধতি আৰু অন্যান্য পৰিৱৰ্তনৰ বিষয়েও সদায় অৱগত হৈ থাকিব লাগে। অৰ্থাৎ, আকাশত হঠাতে সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেৱল সাহসেই যথেষ্ট নহয়। তাৰ বাবে প্ৰয়োজন অভিজ্ঞতা, নিয়মীয়া অনুশীলন আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা।

ইফালে বুধবাৰে FLY DUBAIৰ FZ1073 বিমানত সংঘটিত ঘটনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। ডুবাইৰ পৰা টেল আভিভলৈ গৈ থকা বিমানখনত আক্ৰমণৰ চেষ্টা চলোৱাৰ সময়ত ককপিটত থকা কেপ্টেইন স্মিট মাছাৰে সাহসিকতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। সহ পাইলট তথা আক্ৰমণকাৰীয়ে বিমানখন হাইজেক কৰাৰ বা বিপদত পেলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সময়ত স্মিটে জৰুৰীকালীন সংকেত প্ৰেৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক সতৰ্ক কৰে। ছুৰীৰ আঘাত পোৱাৰ পাছতো তেওঁ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি যায়। ইজৰাইলী যাত্ৰীসকলেও এই সময়ত আক্ৰমণকাৰীক বশ কৰাত সহায় কৰে। অৱশেষত বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ পাছত স্মিট মাছাৰৰ সাহসিকতাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱেও তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰিছে। স্মিট মাছাৰৰ এই ঘটনাই পুনৰ এবাৰ দেখুৱাই দিলে যে বিমান সুৰক্ষাৰ ক্ষেত্ৰত পাইলটৰ তাৎক্ষণিক সিদ্ধান্ত, কঠিন প্ৰশিক্ষণ আৰু জটিল সময়ত মানসিক স্থিৰতা কিমান গুৰুত্বপূৰ্ণ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Flight
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.