• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

2 weeks ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

29 minutes ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

49 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

1 hour ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

2 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

3 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

20 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

21 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

21 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

22 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

23 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

23 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

ঘৰৰ পৰা নগদ ধন লৈহে ওলাব

editor by editor
October 1, 2026
in বাণিজ্য, ভাৰত, লেখা
0
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
0
SHARES
780
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ অক্টোবৰৰ ছুটীৰ দিনটোত বজাৰ কৰিবলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে ঘৰৰ পৰা ওলাই অহাৰ সময়ত পকেটত কিছু নগদ ধন ৰখাটো ভাল। কাৰণ, দেশৰ বিভিন্ন প্ৰান্তৰ একাংশ ব্যৱসায়ীয়ে ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ ঘোষণা কৰিছে। ব্যৱসায়ীসকলৰ এই প্ৰতিবাদৰ মূল কাৰণ হৈছে UPI পেমেণ্টৰ ওপৰত প্ৰস্তাৱিত Merchant Discount Rate (MDR)। ব্যৱসায়ী সংগঠনসমূহে দাবী কৰিছে যে নতুন MDR নিয়ম কাৰ্যকৰী হ’লে তেওঁলোকৰ লাভৰ ওপৰত অতিৰিক্ত চাপ পৰিব।

‘No UPI Day’ৰ সময়ত বহু দোকানত UPI পেমেণ্ট গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। দোকানত থকা QR ক’ড স্কেনাৰ ক’লা কাপোৰেৰে ঢাকি ৰখাৰ লগতে UPI পেমেণ্টৰ সময়ত ব্যৱহাৰ হোৱা ‘ছাউণ্ডবক্স’সমূহো বন্ধ ৰখাৰ কথা কোৱা হৈছে। মুম্বাই, দিল্লীকে ধৰি দেশৰ কেইবাখনো চহৰৰ কেইবাটাও ব্যৱসায়ী সংগঠনে এই প্ৰতিবাদত অংশ লোৱাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে দেশৰ সকলো ব্যৱসায়ী এই প্ৰতিবাদত অংশ লোৱা নাই।

এই বিতৰ্কৰ কেন্দ্ৰত আছে Merchant Discount Rate বা MDR। ব্যৱসায়ী সংগঠনসমূহৰ মতে, ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাতকৈ অধিক UPI লেনদেনৰ ওপৰত ০.৪০ শতাংশ MDR আৰোপৰ প্ৰস্তাৱ কৰা হৈছে। ব্যৱসায়ীসকলে আশংকা কৰিছে যে ইয়াৰ ফলত তেওঁলোকৰ লাভৰ পৰিমাণ কমি যাব। বিশেষকৈ দশমী আৰু দীপাৱলীৰ দৰে উৎসৱৰ সময়ত বৃহৎ পৰিমাণৰ বজাৰ হয়। ইলেক্ট্ৰনিকছ, কাপোৰ-কানি, মিঠাই আৰু অন্যান্য সামগ্ৰীৰ বহু লেনদেনৰ মূল্য ২,০০০টকাতকৈ অধিক হয়। উদাহৰণস্বৰূপে, কোনো গ্ৰাহকে ১০,০০০ টকাৰ সামগ্ৰী UPIৰ জৰিয়তে ক্ৰয় কৰিলে ০.৪০ শতাংশ হাৰত ৪০টকা MDR হিচাপে লোৱাৰ উদাহৰণ ব্যৱসায়ীসকলে দাঙি ধৰিছে।

মুম্বাইৰ কান্দিৱলী পশ্চিমৰ ব্যৱসায়ী সংগঠনৰ একাংশই আশংকা প্ৰকাশ কৰিছে যে বৰ্তমান ০.৪০ শতাংশৰ পৰা ভৱিষ্যতে এই হাৰ আৰু বৃদ্ধি পাব পাৰে। তেওঁলোকৰ মতে, এনে অতিৰিক্ত খৰচে ইতিমধ্যে সীমিত লাভত নেতিবাচক প্ৰভাৱ পেলাব। দিল্লীতো কেইবাগৰাকী ব্যৱসায়ীয়ে বিত্তমন্ত্ৰীক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় উদ্যোগ ব্যাপাৰ মণ্ডলেও ১৭খন ৰাজ্যৰ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে আলোচনাৰ পাছত MDR প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে।

দিল্লী চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়েও ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ কথা ঘোষণা কৰিছে। সংগঠনটোৰ দাবী অনুসৰি, ১০০ৰো অধিক বৃহৎ বাণিজ্যিক সংস্থাই এই প্ৰতিবাদত অংশ ল’ব আৰু দেশৰ প্ৰায় ২,০০০ৰো অধিক স্থানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। অৱশ্যে কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT) এই প্ৰতিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিছে। CAIT-এ স্পষ্ট কৰি দিছে যে তেওঁলোক এই কাৰ্যসূচীৰ অংশ নহয়।

ব্যৱসায়ীসকলৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে MDRক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে। চৰকাৰৰ মতে, প্ৰস্তাৱিত নিয়মৰ প্ৰভাৱ মূলতঃ বৃহৎ ব্যৱসায়ীসকলৰ ক্ষেত্ৰতহে পৰিব। যিসকল দোকানীৰ মাহিলী UPI লেনদেনৰ পৰিমাণ ১ লাখ টকাতকৈ কম, তেওঁলোকক MDRৰ পৰা ৰেহাই দিয়া হ’ব বুলি বিত্ত মন্ত্ৰালয়ে জনাইছে। ইয়াৰ উপৰি বৃহৎ লেনদেনৰ ক্ষেত্ৰত সৰ্বোচ্চ MDR ৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি চৰকাৰী পক্ষই প্ৰকাশ কৰিছে। অৰ্থাৎ, কোনো লেনদেনৰ পৰিমাণ ৭৫,০০০ টকা বা তাতকৈ অধিক হ’লেও সৰ্বোচ্চ ৩০০ টকা MDR ল’ব পৰা যাব। উদাহৰণস্বৰূপে, কোনো গ্ৰাহকে ৫ লাখ টকা UPIৰ জৰিয়তে পৰিশোধ কৰিলেও সৰ্বোচ্চ ৩০০ টকা MDRহে প্ৰযোজ্য হ’ব বুলি চৰকাৰী ব্যাখ্যাত কোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24UPI Payment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.