২ অক্টোবৰৰ ছুটীৰ দিনটোত বজাৰ কৰিবলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে ঘৰৰ পৰা ওলাই অহাৰ সময়ত পকেটত কিছু নগদ ধন ৰখাটো ভাল। কাৰণ, দেশৰ বিভিন্ন প্ৰান্তৰ একাংশ ব্যৱসায়ীয়ে ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ ঘোষণা কৰিছে। ব্যৱসায়ীসকলৰ এই প্ৰতিবাদৰ মূল কাৰণ হৈছে UPI পেমেণ্টৰ ওপৰত প্ৰস্তাৱিত Merchant Discount Rate (MDR)। ব্যৱসায়ী সংগঠনসমূহে দাবী কৰিছে যে নতুন MDR নিয়ম কাৰ্যকৰী হ’লে তেওঁলোকৰ লাভৰ ওপৰত অতিৰিক্ত চাপ পৰিব।
‘No UPI Day’ৰ সময়ত বহু দোকানত UPI পেমেণ্ট গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। দোকানত থকা QR ক’ড স্কেনাৰ ক’লা কাপোৰেৰে ঢাকি ৰখাৰ লগতে UPI পেমেণ্টৰ সময়ত ব্যৱহাৰ হোৱা ‘ছাউণ্ডবক্স’সমূহো বন্ধ ৰখাৰ কথা কোৱা হৈছে। মুম্বাই, দিল্লীকে ধৰি দেশৰ কেইবাখনো চহৰৰ কেইবাটাও ব্যৱসায়ী সংগঠনে এই প্ৰতিবাদত অংশ লোৱাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে দেশৰ সকলো ব্যৱসায়ী এই প্ৰতিবাদত অংশ লোৱা নাই।
এই বিতৰ্কৰ কেন্দ্ৰত আছে Merchant Discount Rate বা MDR। ব্যৱসায়ী সংগঠনসমূহৰ মতে, ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাতকৈ অধিক UPI লেনদেনৰ ওপৰত ০.৪০ শতাংশ MDR আৰোপৰ প্ৰস্তাৱ কৰা হৈছে। ব্যৱসায়ীসকলে আশংকা কৰিছে যে ইয়াৰ ফলত তেওঁলোকৰ লাভৰ পৰিমাণ কমি যাব। বিশেষকৈ দশমী আৰু দীপাৱলীৰ দৰে উৎসৱৰ সময়ত বৃহৎ পৰিমাণৰ বজাৰ হয়। ইলেক্ট্ৰনিকছ, কাপোৰ-কানি, মিঠাই আৰু অন্যান্য সামগ্ৰীৰ বহু লেনদেনৰ মূল্য ২,০০০টকাতকৈ অধিক হয়। উদাহৰণস্বৰূপে, কোনো গ্ৰাহকে ১০,০০০ টকাৰ সামগ্ৰী UPIৰ জৰিয়তে ক্ৰয় কৰিলে ০.৪০ শতাংশ হাৰত ৪০টকা MDR হিচাপে লোৱাৰ উদাহৰণ ব্যৱসায়ীসকলে দাঙি ধৰিছে।
মুম্বাইৰ কান্দিৱলী পশ্চিমৰ ব্যৱসায়ী সংগঠনৰ একাংশই আশংকা প্ৰকাশ কৰিছে যে বৰ্তমান ০.৪০ শতাংশৰ পৰা ভৱিষ্যতে এই হাৰ আৰু বৃদ্ধি পাব পাৰে। তেওঁলোকৰ মতে, এনে অতিৰিক্ত খৰচে ইতিমধ্যে সীমিত লাভত নেতিবাচক প্ৰভাৱ পেলাব। দিল্লীতো কেইবাগৰাকী ব্যৱসায়ীয়ে বিত্তমন্ত্ৰীক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় উদ্যোগ ব্যাপাৰ মণ্ডলেও ১৭খন ৰাজ্যৰ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে আলোচনাৰ পাছত MDR প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে।
দিল্লী চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়েও ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ কথা ঘোষণা কৰিছে। সংগঠনটোৰ দাবী অনুসৰি, ১০০ৰো অধিক বৃহৎ বাণিজ্যিক সংস্থাই এই প্ৰতিবাদত অংশ ল’ব আৰু দেশৰ প্ৰায় ২,০০০ৰো অধিক স্থানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। অৱশ্যে কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT) এই প্ৰতিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিছে। CAIT-এ স্পষ্ট কৰি দিছে যে তেওঁলোক এই কাৰ্যসূচীৰ অংশ নহয়।
ব্যৱসায়ীসকলৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে MDRক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে। চৰকাৰৰ মতে, প্ৰস্তাৱিত নিয়মৰ প্ৰভাৱ মূলতঃ বৃহৎ ব্যৱসায়ীসকলৰ ক্ষেত্ৰতহে পৰিব। যিসকল দোকানীৰ মাহিলী UPI লেনদেনৰ পৰিমাণ ১ লাখ টকাতকৈ কম, তেওঁলোকক MDRৰ পৰা ৰেহাই দিয়া হ’ব বুলি বিত্ত মন্ত্ৰালয়ে জনাইছে। ইয়াৰ উপৰি বৃহৎ লেনদেনৰ ক্ষেত্ৰত সৰ্বোচ্চ MDR ৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি চৰকাৰী পক্ষই প্ৰকাশ কৰিছে। অৰ্থাৎ, কোনো লেনদেনৰ পৰিমাণ ৭৫,০০০ টকা বা তাতকৈ অধিক হ’লেও সৰ্বোচ্চ ৩০০ টকা MDR ল’ব পৰা যাব। উদাহৰণস্বৰূপে, কোনো গ্ৰাহকে ৫ লাখ টকা UPIৰ জৰিয়তে পৰিশোধ কৰিলেও সৰ্বোচ্চ ৩০০ টকা MDRহে প্ৰযোজ্য হ’ব বুলি চৰকাৰী ব্যাখ্যাত কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















