• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

2 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

1 minute ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

31 minutes ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

1 hour ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

18 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

19 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

স*ন্ত্ৰাসবাদী সংগঠনৰে আছিল নেকি সম্পৰ্ক?

editor by editor
October 3, 2026
in অপৰাধ, প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

UAEৰ পৰা ইজৰাইললৈ যোৱা FLY DUBAIৰ এখন বিমানত ভাৰতীয় কেপ্টেইন স্মিট মচ্চৰক আক্ৰমণ কৰি বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰোৱাৰ অপচেষ্টা চলোৱা বিমানখনৰ ওমানী সহঃ পাইলটজনৰ পৰিচয়ো ৰাজহুৱা কৰিছে কৰ্তৃপক্ষই। ছৌদি আৰৱৰ সংবাদ মাধ্যম আল আৰবিয়াই সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, সহ-পাইলটজনৰ নাম হৈছে হামাম আলহামামী। প্ৰতিবেদনটোত দাবী কৰা হৈছে যে উগ্ৰবাদী দৃষ্টিভংগীৰ বাবে তেওঁক ওমানত বিমান চলোৱাৰ পৰা বাধা দিয়া হৈছিল।

আল আৰবিয়াৰ প্ৰতিবেদন অনুসৰি, আলহামামীয়ে জীৱনৰ এটা দীঘলীয়া সময় ওমানৰ বাহিৰত কটাইছিল। UAEলৈ অহাৰ পূৰ্বে তেওঁ ছিৰিয়াত যথেষ্ট সময় বাস কৰিছিল। সেই সময়ছোৱাত তেওঁ উগ্ৰবাদী মতাদৰ্শৰ সংস্পৰ্শলৈ অহাৰ অভিযোগ উত্থাপন হৈছে। এই কাৰণতে ওমানৰ বিমানসেৱা কৰ্তৃপক্ষই তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল বুলি প্ৰতিবেদনটোত কোৱা হৈছে। ইয়াৰ পিছতে আলহামামীয়ে ওমান এৰি যায়। আমেৰিকাৰ সংবাদ মাধ্যম CNNৰ প্ৰতিবেদন অনুসৰি, FLY DUBAIৰ এই ওমানী সহ-পাইলটজনক যোৱা বছৰ ওমানৰ ৰাষ্ট্ৰীয় বিমান সংস্থাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। CNNৰ প্ৰতিবেদন অনুসৰি, উগ্ৰবাদী মতাদৰ্শৰ আশংকাৰ বাবে আলহামামীক বিমান প্ৰশিক্ষণৰ পৰা আঁতৰাই দিয়া হৈছিল। অৱশ্যে পিছত বিমান সংস্থাটোৰ ভিতৰতে তেওঁক আন এটা দায়িত্ব দিয়া হৈছিল বুলি সূত্ৰটোৱে দাবী কৰে। আন এটা সূত্ৰৰ মতে, আলহামামীৰ পিতৃ ওমানৰ আৰু মাতৃ ছিৰিয়াৰ। তেওঁৰ জন্ম সংযুক্ত আৰব আমিৰশ্বাহীত হৈছিল আৰু জীৱনৰ বহু বছৰ তেওঁ UAEতেই কটাইছিল।

ইজৰাইলৰ চেনেল ১২-এ প্ৰকাশ কৰা অনুসৰি, তদন্তকাৰী সংস্থাই আলহামামীৰ বিৰুদ্ধে আল কায়দাৰ মতাদৰ্শৰ সৈতে জড়িত হোৱাৰ আশংকা সন্দৰ্ভতো তদন্ত চলাইছিল। এই প্ৰক্ৰিয়াৰ সময়ত তেওঁ কেইবাজনো ধৰ্মীয় নেতাৰ সৈতে সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে সেই নেতাসকলৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। ইফালে ইজৰাইলী সংবাদ মাধ্যম i24 News-এ এমিৰেটছৰ এটা সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে ওমানী সহ-পাইলটজনৰ বেগৰ পৰা পেলেষ্টাইন সমৰ্থক কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত ‘ফ্ৰী পেলেষ্টাইন’ গোটৰ পমফ্লেট আৰু অন্যান্য কিতাপো আছিল বুলি প্ৰতিবেদনটোত কোৱা হৈছে।

তদন্তৰ সৈতে জড়িত সূত্ৰৰ মতে, বৰ্তমান তদন্তকাৰী বিষয়াসকলে আলহামামীয়ে অকলে এই আক্ৰমণৰ চেষ্টা চলোৱা বুলি ধাৰণা কৰিছে। অৱশ্যে তদন্ত এতিয়াও চলি আছে। কৰ্তৃপক্ষই এই ঘটনাৰ উপৰি আন কোনো বিদেশী বিমান সংস্থাৰ বিমানৰ ক্ষেত্ৰতো একেধৰণৰ ভাবুকি সৃষ্টি হ’ব পাৰে নেকি, সেই বিষয়টোও পৰীক্ষা কৰি আছে। লগতে ইজৰাইলৰ তদন্তকাৰী সংস্থাসমূহে আলহামামী কেনেকৈ ফ্লাইডুবাইৰ বিমান ক্ৰুৰ সদস্য হ’বলৈ সক্ষম হ’ল, সেই বিষয়েও অনুসন্ধান চলাইছে। এই ঘটনাই ইজৰাইলৰ সৈতে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নথকা ওমানৰ এজন নাগৰিকক কেনেদৰে ইজৰাইললৈ অহা বিমানৰ ক্ৰুত কাম কৰাৰ অনুমতি দিয়া হৈছিল, সেই সন্দৰ্ভতো প্ৰশ্নৰ সৃষ্টি কৰিছে। অৱশ্যে ঘটনাটোৰ সম্পূৰ্ণ তথ্য তদন্ত শেষ হোৱাৰ পাছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24fly dubaiOman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
Next Post
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ'ল চীনা খেলুৱৈ

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ'ব নেকি বদৰুদ্দিন আজমল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.