এছিয়ান গেমছত ঘটিল এক অদ্ভুত ঘটনা। প্ৰতিযোগিতাৰ মাজতে প্ৰতিপক্ষ খেলুৱৈক কামুৰি অযোগ্য ঘোষিত হ’ল চীনৰ জুডো খেলুৱৈ টাংজিং। এই ঘটনাৰ পিছতে নিশ্চিত পদকৰ দিশে আগবাঢ়ি থকা টাংজিঙে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয়। ৭০ কেজি মহিলা জুডোৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ টাংজিঙে জাপানৰ ৰিন মাৱেদাৰ বিৰুদ্ধে খেলি আছিল। যুঁজৰ মাজতে টাংজিঙে মাৱেদাৰ বাওঁহাতত কামুৰি দিয়ে। এই ঘটনাৰ পিছত কিছু সময়ৰ বাবে খেল বন্ধ হৈ পৰে।

ইয়াৰ পিছতে মাৱেদাই ৰেফাৰীক নিজৰ বাওঁহাতখন দেখুৱাই দিয়ে। কামোৰৰ ফলত হাতত পৰা স্পষ্ট দাগো ৰেফাৰীয়ে প্ৰত্যক্ষ কৰে। ঘটনাটো গুৰুতৰ বুলি বিবেচনা কৰি কৰ্তৃপক্ষই ভিডিঅ’ ফুটেজ পৰীক্ষা কৰে।

ভিডিঅ’ ফুটেজ পৰীক্ষাৰ পাছত টাংজিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয়। ফলত পদক জয়ৰ দিশে আগবাঢ়ি থকা চীনৰ খেলুৱৈগৰাকীয়ে নিজৰ এই আচৰণৰ বাবেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয়।

আনহাতে, কামোৰৰ আঘাত পোৱাৰ পাছতো জাপানৰ ৰিন মাৱেদাই যুঁজ অব্যাহত ৰাখে। শেষত তেওঁ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ঘটনাটোৱে এছিয়ান গেমছৰ জুডো প্ৰতিযোগিতাত ব্যাপক চৰ্চা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















