“পুৰুষ অবিহনেই মহিলাই সন্তান জন্ম দিব পাৰিব”—শুনিবলৈ কথাটো কল্পবিজ্ঞানৰ দৰে লাগিলেও, প্ৰজনন বিজ্ঞানত ইয়াৰ সৈতে জড়িত গৱেষণা ইতিমধ্যে যথেষ্ট আগবাঢ়িছে। অৱশ্যে এটা কথা স্পষ্টকৈ বুজি লোৱা প্ৰয়োজন—বৰ্তমানলৈকে মানুহৰ ক্ষেত্ৰত পুৰুষৰ শুক্ৰাণু অবিহনে সুস্থ সন্তান জন্ম দিয়াৰ এই পদ্ধতি চিকিৎসা হিচাপে সফল হোৱা নাই। এই ক্ষেত্ৰৰ উল্লেখযোগ্য সফলতা এতিয়াও মূলতঃ নিগনিৰ ওপৰত কৰা পৰীক্ষাতে সীমাবদ্ধ।
আচলতে নতুন প্ৰযুক্তিটো কি?
এই গৱেষণাৰ মূল ধাৰণাটো হৈছে In Vitro Gametogenesis (IVG)। সহজ ভাষাত ক’বলৈ গ’লে, মানুহৰ শৰীৰৰ সাধাৰণ কোষ—যেনে ছাল বা আন দেহকোষ—লেবৰেটৰীত বিশেষ পদ্ধতিৰে পুনৰ প্ৰগ্ৰাম কৰি তাৰ পৰা ডিম্বাণু বা শুক্ৰাণুৰ দৰে প্ৰজনন কোষ তৈয়াৰ কৰাৰ চেষ্টা কৰা হৈছে। এই প্ৰযুক্তি সফল আৰু নিৰাপদভাৱে মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা গ’লে, বৰ্তমান সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত অসম্ভৱ যেন লগা কিছুমান সম্ভাৱনা ভৱিষ্যতে মুকলি হ’ব পাৰে।
দুগৰাকী মহিলাৰ জিনৰ পৰা সন্তানৰ সম্ভাৱনা!
সাধাৰণ প্ৰজননত এটা সন্তানৰ জিনগত উপাদান আহে মাতৃৰ ডিম্বাণু আৰু পিতৃৰ শুক্ৰাণুৰ পৰা। কিন্তু বিজ্ঞানীসকলে গৱেষণা কৰি চাইছে—এগৰাকী মহিলাৰ দেহৰ কোষৰ পৰা কৃত্ৰিমভাৱে প্ৰজনন কোষ তৈয়াৰ কৰি আন এগৰাকী মহিলাৰ ডিম্বাণুৰ সৈতে ব্যৱহাৰ কৰি ভ্ৰূণ সৃষ্টি কৰিব পৰা যায় নেকি। এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধাটো হৈছে genomic imprinting। সহজ ভাষাত, মাতৃ আৰু পিতৃৰ পৰা অহা কিছুমান জিন ভ্ৰূণৰ বিকাশৰ সময়ত বেলেগ ধৰণে ‘অন’ বা ‘অফ’ হৈ থাকে। কেৱল একে লিংগৰ দুটা জিনগত উৎস ব্যৱহাৰ কৰিলে এই স্বাভাৱিক জিন-নিয়ন্ত্ৰণত সমস্যা হয়।
নিগনিৰ ওপৰত ইতিমধ্যে গুৰুত্বপূৰ্ণ সফলতা
এই ক্ষেত্ৰত নিগনিৰ ওপৰত হোৱা পৰীক্ষাই বিজ্ঞানীসকলক যথেষ্ট উৎসাহিত কৰিছে। ২০২৫ চনত প্ৰকাশিত এটা গৱেষণাত বিজ্ঞানীসকলে জিনগত ‘imprinting’ৰ সৈতে জড়িত ২০টা গুৰুত্বপূৰ্ণ স্থানত জিনগত পৰিৱৰ্তন কৰি দুটা পুলিংগ জিনৰ পৰা পূৰ্ণবয়স্ক নিগনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। যদিও সফলতাৰ হাৰ কম আছিল আৰু সকলো নিগনি স্বাভাৱিকভাৱে বিকশিত হোৱা নাছিল, তথাপিও এই ফলাফলক mammalian reproduction-ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে গণ্য কৰা হৈছে। ইয়াৰ আগতেও দুটা স্ত্ৰীলিংগৰ জিনগত উপাদান ব্যৱহাৰ কৰি সুস্থ নিগনি সৃষ্টি কৰাৰ গৱেষণা হৈছিল। ২০০৭ চনৰ এক পৰীক্ষাত পুলিংগৰ জিনগত অৱদান নোহোৱাকৈ দুটা স্ত্ৰীলিংগৰ জিনৰ পৰা নিগনি জন্ম দিয়া হৈছিল।
মানুহৰ ক্ষেত্ৰত কেতিয়াৰ পৰা সম্ভৱ হ’ব?
২০২৫–২৬ চনৰ গৱেষণাসমূহে দেখুৱাইছে যে IVG আৰু artificial gamete technology আগবাঢ়িছে যদিও মানুহৰ ক্ষেত্ৰত ইয়াৰ সুৰক্ষা, জিনগত স্থিৰতা আৰু সম্পূৰ্ণ বিকাশৰ বিষয়ে এতিয়াও বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই। American Society for Reproductive Medicine-ৰ ২০২৬ চনৰ মতামত অনুসৰি মানুহৰ ক্ষেত্ৰত IVG ব্যৱহাৰৰ কোনো সুৰক্ষা-তথ্য এতিয়াও উপলব্ধ নহয়। আনহাতে, ২০২৫ চনৰ Human Reproductionৰ এক পৰ্যালোচনাত কোৱা হৈছে যে stem-cell-derived gamete technology এতিয়াও প্ৰাথমিক পৰ্যায়ত আছে। কিছুমান গৱেষকে অহা কেইটামান দশকৰ ভিতৰত মানুহৰ ক্ষেত্ৰত ইয়াৰ clinical introduction সম্ভৱ বুলি আশা কৰিছে যদিও সেই সম্ভাৱনা এতিয়াও নিশ্চিত নহয়।
এই প্ৰযুক্তিয়ে কি পৰিৱৰ্তন আনিব পাৰে?
ভৱিষ্যতে যদি এই প্ৰযুক্তি সম্পূৰ্ণ নিৰাপদ আৰু সফল হয়, তেন্তে— ডিম্বাণু বা শুক্ৰাণুৰ অভাৱ থকা কিছুমান লোকৰ বাবে নতুন fertility option সৃষ্টি হ’ব পাৰে। বয়স বা কিছুমান চিকিৎসাজনিত কাৰণত প্ৰজনন ক্ষমতা হেৰুৱা লোকৰ বাবে নতুন সম্ভাৱনা আহিব পাৰে।
একে লিংগৰ দম্পতীৰ ক্ষেত্ৰতো দুয়োৰে জিনগত অৱদান থকা সন্তানৰ সম্ভাৱনা সম্পৰ্কে গৱেষণা আগবাঢ়িব পাৰে। বৰ্তমান অসম্ভৱ বুলি ভবা কিছুমান reproductive technology ভৱিষ্যতে সম্ভৱ হোৱাৰ পথ মুকলি হ’ব পাৰে। কিন্তু ইয়াৰ বিপদ আৰু নৈতিক প্ৰশ্নও আছে। এই প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে সন্তানটো সম্পূৰ্ণ সুস্থ হ’বনে?
ভ্ৰূণৰ বিকাশত সামান্য জিনগত বা epigenetic ভুলেও গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেয়ে কেৱল লেবৰেটৰীত ভ্ৰূণ সৃষ্টি কৰিব পাৰিলেই মানুহৰ ক্ষেত্ৰত এই পদ্ধতি ব্যৱহাৰ কৰিব পৰা নাযায়। ইয়াৰ উপৰি আছে—ভৱিষ্যৎ শিশুৰ স্বাস্থ্য, জিন সম্পাদনা, embryo research, শিশুৰ অধিকাৰ, মাতৃৰ সুৰক্ষা আৰু আইনগত দায়িত্বৰ দৰে বহু নৈতিক আৰু সামাজিক প্ৰশ্ন। এই কাৰণেই বিজ্ঞানীসকলে মানুহৰ ক্ষেত্ৰত ব্যৱহাৰৰ আগতে বহু পৰ্যায়ৰ সুৰক্ষা পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে।
সেয়ে “পুৰুষ অবিহনেই মহিলাই সন্তান জন্ম দিব পাৰিব” বুলি কোৱাটো বৰ্তমান সময়ত অলপ অতিৰঞ্জিত হ’ব। অধিক সঠিককৈ ক’বলৈ গ’লে—পুৰুষৰ শুক্ৰাণুৰ ওপৰত নিৰ্ভৰশীলতা কমাব পৰা artificial gamete বা IVG প্ৰযুক্তিৰ ওপৰত বিজ্ঞানীসকলে গৱেষণা কৰি আছে, আৰু নিগনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতাও লাভ হৈছে। কিন্তু মানুহৰ ক্ষেত্ৰত এই পদ্ধতি এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে। এই গৱেষণাই অৱশ্যে এটা গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে—ভৱিষ্যতে হয়তো সন্তান জন্ম দিয়াৰ বাবে প্ৰাকৃতিকভাৱে উৎপন্ন শুক্ৰাণু আৰু ডিম্বাণুৰ ওপৰত নিৰ্ভৰ কৰাৰ পদ্ধতিত আমূল পৰিৱৰ্তন আহিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















