বলীউডৰ অভিনেত্ৰী নুছৰত ভাৰুচাৰ ডাঙৰ খবৰ। কালি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰীগৰাকী। কৰ্মসূত্ৰে বালিত থকাৰ সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয়। আহত হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ বালিৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাতেই চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী।
দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকীৰ ৰাজহাড় ভাঙে। অভিনেত্ৰীগৰাকীৰ টীমে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰে যে, বৰ্তমান নুছৰত চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু তেওঁক ততাতৈয়াকৈ মুম্বাইলৈ লৈ যোৱা হ’ব। মুম্বাইত তেওঁৰ মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ কৰা হ’ব। এয়াৰ এম্বুলেন্সেৰে মুম্বাইলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।
বিবৃতিটোত প্ৰকাশ কৰা মতে, “বৰ্তমান তেওঁৰ স্বাস্থ্য আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰা হৈছে। আমি এতিয়া নুছৰটক বালিৰ পৰা এয়াৰ এম্বুলেন্সেৰে মুম্বাইলৈ উভতাই অনাৰ ব্যৱস্থা কৰিছোঁ, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। তেওঁৰ আগন্তুক কামসমূহ স্থগিত ৰখা হ’ব।”
খবৰ অনুসৰি এসপ্তাহ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া ফিডত কিছু ছবি শ্বেয়াৰ কৰিছিল। টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবিত দেখা যাব নুছৰত ভাৰুচাক। এই ছবিখনে প্ৰথমবাৰৰ বাবে টাইগাৰ শ্ৰফ আৰু নুছৰত ভাৰুচাই পৰ্দাত একেলগে কাম কৰিছে। ছবিখনত নুছৰাতৰ চৰিত্ৰ সন্দৰ্ভত সবিশেষ তথ্য পোহৰলৈ আহিব দিয়া নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















