বলীউডৰ অভিনেত্ৰী নুছৰত ভাৰুচাই কঢ়িয়াই আনিছে ডাঙৰ খবৰ। বলীউডৰ অভিনেত্ৰী নুছৰত ভাৰুচাই কালি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। কৰ্মসূত্ৰে বালিত থকাৰ সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনাত আহত হোৱাৰ পিছত অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ বালিৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাতেই চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী।
দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকীৰ ৰাজহাড় ভাঙি যায়। অভিনেত্ৰীগৰাকীৰ টীমে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰে যে, বৰ্তমান নুছৰত চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু তেওঁক ততাতৈয়াকৈ মুম্বাইলৈ লৈ যোৱা হ’ব। মুম্বাইত তেওঁৰ মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ কৰা হ’ব। এয়াৰ এম্বুলেন্সেৰে মুম্বাইলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে, “বৰ্তমান আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে তেওঁৰ স্বাস্থ্য আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰা। আমি এতিয়া নুছৰটক বালিৰ পৰা এয়াৰ এম্বুলেন্সেৰে মুম্বাইলৈ উভতাই অনাৰ ব্যৱস্থা কৰিছোঁ, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। তেওঁৰ আগন্তুক কাম অহা কেইসপ্তাহমানৰ বাবে স্থগিত ৰখা হ’ব।”
খবৰ অনুসৰি এসপ্তাহ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া ফিডত কিছু ছবি শ্বেয়াৰ কৰিছিল। টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবিত দেখা যাব নুছৰত ভাৰুচাক। এই ছবিখনে প্ৰথমবাৰৰ বাবে টাইগাৰ শ্ৰফ আৰু নুছৰত ভাৰুচাই পৰ্দাত একেলগে কাম কৰিছে। ছবিখনৰ ঘনিষ্ঠ সূত্ৰই পিংকভিলাক জনাইছে যে, “দলটোৱে এনে এজনক বিচাৰিছিল যিয়ে কাহিনীটোত শক্তি আৰু আৱেগিক গভীৰতা দুয়োটাকে আনিব পাৰে। নুছৰত সদায় শক্তিশালী পছন্দ আছিল।”
ছবিখনত নুছৰাতৰ চৰিত্ৰ সন্দৰ্ভত সবিশেষ সম্প্ৰতি ঢাকি ৰখা হৈছে যদিও সূত্ৰই জনোৱা মতে, ছবিখনৰ কাহিনীত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা চৰিত্ৰ নিৰ্মাতাসকলে লিখিছে। ইয়াৰ উপৰিও কোৱা হৈছে যে তেওঁৰ ভূমিকা কেৱল এগৰাকী সাধাৰণ মহিলা সহযোগী অভিনেত্ৰীতকৈও অধিক। ছবিখনত পশ্মিনা ৰোশন, অভিষেক বেনাৰ্জী আৰু এলভিছ যাদৱেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। নতুনকৈ মুকলি কৰা বেনাৰ ভি জে ফ্ৰেমছৰ অধীনত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰযোজক ভিকি জৈনৰ বাবেও এই প্ৰকল্পটো এক ডাঙৰ মাইলৰ খুঁটি। নুছৰত ভাৰুচাক শেষবাৰৰ বাবে দেখা গৈছিল সোহাম শ্বাহৰ সৈতে কমেডী থ্ৰিলাৰ ‘উফ য়েহ ছিয়াপা’ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















