দেশৰ যুৱ প্ৰজন্মৰ শিক্ষা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ-সুবিধাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পাইছে। Future of India Foundation-ৰ দ্বাৰা পৰিচালিত YouthPower Report-ত দেশৰ ৮০০খন জিলাৰ পৰিস্থিতি বিশ্লেষণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ইয়াৰে ১৬০খন জিলাক শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত পিছপৰা হিচাপে চিনাক্ত কৰা হৈছে। এই প্ৰতিবেদনত বিশেষভাৱে উত্তৰ প্ৰদেশৰ কথা পোহৰলৈ আহিছে। ৰাজ্যখনৰ ৩৩খন জিলা পিছপৰা জিলাৰ তালিকাত স্থান লাভ কৰিছে। ইয়াৰ পিছতে বিহাৰ আৰু মধ্যপ্ৰদেশৰ ২৪খনকৈ জিলা এই তালিকাত অন্তৰ্ভুক্ত হৈছে।
YouthPower Report-ৰ ৰাষ্ট্ৰীয় স্ক’ৰ অনুসৰি চণ্ডীগড়ে ৬৬ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিছে। আনহাতে, ৰাজস্থানে ৪৫.৭ নম্বৰ লাভ কৰি ২৫ নম্বৰ স্থানত আছে। প্ৰতিবেদনত শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত জয়পুৰক দেশৰ উন্নত চহৰসমূহৰ ভিতৰত অন্যতম হিচাপে উল্লেখ কৰা হৈছে। অৱশ্যে ৰাজ্যভিত্তিক ৰেংকিঙত ৰাজস্থান ২৫ নম্বৰ স্থানত আছে।
প্ৰতিবেদনখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে—দেশৰ কেইখনমান ৰাজ্যৰ এখনো জিলা পিছপৰা ১৬০খন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। এই ৰাজ্যসমূহৰ ভিতৰত আছে পাঞ্জাব, কেৰালা, তামিলনাডু, উত্তৰাখণ্ড আৰু গোৱা। অৰ্থাৎ এই ৰাজ্যসমূহৰ জিলাসমূহে প্ৰতিবেদনত ব্যৱহাৰ কৰা নিৰ্ধাৰিত সূচকসমূহৰ ভিত্তিত পিছপৰা জিলাৰ তালিকাত স্থান লাভ কৰা নাই। আনহাতে, হাৰিয়ানা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতিও তুলনামূলকভাৱে ভাল বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত জিলাসমূহক কেৱল শিক্ষাৰ ভিত্তিতেই মূল্যায়ন কৰা হোৱা নাই। মুঠ পাঁচটা গুৰুত্বপূৰ্ণ পৰিমাপক বিবেচনা কৰা হৈছে।
১. শিক্ষা: জিলাখনৰ বিদ্যালয়, উচ্চ শিক্ষা আৰু অন্যান্য শৈক্ষিক আন্তঃগাঁথনিৰ অৱস্থা পৰীক্ষা কৰা হৈছে।
২. সুযোগ:
যুৱক-যুৱতীৰ বাবে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত থকা শিক্ষা, প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগসমূহ মূল্যায়ন কৰা হৈছে।
৩. অংশগ্ৰহণ:
যুৱ সমাজে শিক্ষা, দক্ষতা বিকাশ আৰু কৰ্মক্ষেত্ৰত কিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, সেই বিষয়টো বিবেচনা কৰা হৈছে।
৪. প্ৰস্তুতি:
যুৱক-যুৱতীসকল চাকৰি বা কৰ্মজীৱনৰ বাবে কিমান প্ৰস্তুত, সেই বিষয়টোও মূল্যায়নৰ অন্তৰ্ভুক্ত কৰা হৈছে।
৫. কাম:
জিলাখনত যুৱক-যুৱতীৰ বাবে প্ৰকৃত কৰ্মসংস্থাপনৰ সুযোগ আৰু কৰ্মক্ষেত্ৰৰ অৱস্থাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।
প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, পিছপৰা ১৬০খন জিলাৰ ভিতৰত বিভিন্ন ৰাজ্যৰ জিলাৰ সংখ্যা এনেধৰণৰ— উত্তৰ প্ৰদেশৰ ৩৩খনকৈ জিলা পিছপৰা জিলা হিচাপে চিহ্নিত হৈছে। একেদৰে বিহাৰৰ ২৪খন জিলা, মধ্যপ্ৰদেশৰ ২৪খন জিলা, ছত্তীশগড়ৰ ১১খন জিলা, ওড়িশা ১০খন জিলা, অসমৰ ৯খন জিলা, ঝাৰখণ্ডৰ ৭খন জিলা, মহাৰাষ্ট্ৰৰ ৭খন জিলা, ৰাজস্থানৰ ৪খন জিলা, গুজৰাটৰ ৩খন জিলা, তেলেংগানা আৰু কৰ্ণাটকৰ দুখনকৈ জিলা আৰু অন্ধ্ৰপ্ৰদেশ-হাৰিয়ানাৰ এখনকৈ জিলা পিছপৰা জিলা হিচাপে চিহ্নিত কৰা হৈছে। অৰ্থাৎ, প্ৰতিবেদনখনত দেশৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ শিক্ষা, দক্ষতা বিকাশ আৰু যুৱ কৰ্মসংস্থাপনৰ সামগ্ৰিক পৰিস্থিতিৰ এখন ছবি দাঙি ধৰা হৈছে। বিশেষকৈ বৃহৎ সংখ্যক জিলা থকা ৰাজ্যসমূহৰ বহু জিলাত যুৱক-যুৱতীৰ বাবে শিক্ষা আৰু দক্ষতা বিকাশৰ সুযোগ বৃদ্ধিৰ লগতে নতুন কৰ্মসংস্থাপনৰ পথ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও এই তথ্যই স্পষ্ট কৰিছে।
ইপিনে প্ৰতিবেদনখনত উল্লেখ কৰা অসমৰ পিছপৰা ৯খন জিলা হৈছে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰ, হাইলাকান্দি, কৰিমগঞ্জ, দৰং আৰু ওদালগুৰি জিলা। মন কৰিবলগীয়া যে পিছপৰা জিলাৰ তালিকাত নাই উজনি অসমৰ এখনো জিলা, ইয়াৰ বিপৰীতে বৰাক ভেলীৰ দুখন জিলাৰ উপৰিও নামনি অসমৰ ৭খনকৈ জিলা পিছপৰা জিলাত অন্তৰ্ভুক্ত হৈছে। প্ৰতিবেদনখনত দেশৰ মুঠ ৮০০খন জিলাৰ শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনৰ পৰিস্থিতি বিশ্লেষণ কৰা হৈছিল। এই জিলা কেইখনক পিছপৰা হিচাপে চিহ্নিত কৰাৰ ক্ষেত্ৰত কেৱল শিক্ষাৰ ফলাফলেই বিবেচনা কৰা হোৱা নাই। শিক্ষাৰ আন্তঃগাঁথনি, যুৱক-যুৱতীৰ বাবে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত সুযোগ, যুৱ সমাজৰ অংশগ্ৰহণ, কৰ্মজীৱনৰ বাবে প্ৰস্তুতি আৰু বাস্তৱ কৰ্মসংস্থাপন—এই পাঁচটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















