পশ্চিম এছিয়াৰ সংকটৰ বাবে দীৰ্ঘদিন ধৰি জেট ইন্ধনৰ মূল্য অধিক হৈ থকাৰ বাবে ইণ্ডিগ’ৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত ইন্ধন চাৰ্জ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ৬ অক্টোবৰ মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।ফলস্বৰূপে বিমান ভাড়া আৰু বৃদ্ধি পোৱাৰ কথা। দূৰত্বৰ ভিত্তিত ঘৰুৱা বিমান সেৱাৰ বাবে ১০০ টকাৰ পৰা ৩৫০ টকালৈ বৃদ্ধি কৰা হৈছে ইন্ধনৰ চাৰ্জ। আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বৃদ্ধি আৰু অধিক। আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে প্ৰতিটো খণ্ডত সৰ্বাধিক ২৫০০ টকাকৈ ইন্ধনৰ চাৰ্জ বৃদ্ধি পাব পাৰে। মঙলবাৰে নিশা ১২:০১ বজাৰ পৰা কৰা সকলো বুকিংৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নতুন চাৰ্জ। ফলত তাৰ আগতে টিকট বুকিং কৰাসকলৰ ক্ষেত্ৰত এই চাৰ্জ প্ৰযোজ্য নহ’ব।
ইণ্ডিগ’ই কয় যে যোৱা কেইমাহমানৰ পৰা বিশেষকৈ পশ্চিমীয়া দেশসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে এ টি এফৰ মূল্যৰ উঠা-নমা হৈছে৷ ইয়াৰ মূল্য মাহৰ পিছত মাহে ১৪%তকৈ অধিক বৃদ্ধি পাইছে, যাৰ বাবে বিমান ইন্ধনৰ ব্যয় যোৱা দশকত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। বিমান সংস্থাসমূহৰ পৰিচালনা ব্যয়ৰ ৪০%তকৈ অধিক জেট ইন্ধনত ব্যয় কৰা হয়। ফলত ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ বিমান সংস্থাসমূহৰ খৰচত পৰে। ইণ্ডিগোৱে কয় যে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবেও দূৰত্বভিত্তিক ইন্ধনৰ চাৰ্জ সংশোধন কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















