গুজৰাটৰ ভৱনগৰ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭জন লোকৰ মৃ*ত্যু হৈছে। সোমবাৰে সংঘটিত এই দুৰ্ঘটনাৰ ফলত SUVখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা ৬জন লোকৰ ঘটনাস্থলীতে মৃ*ত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত আন এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃ*ত্যু হয়। জানিব পৰা মতে, SUVখনত থকা লোককেইজন আলঙৰ এটা কাৰখানালৈ গৈ আছিল। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথত বাহনখন এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে SUVখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়। বাহনখনৰ ভিতৰত থকা লোকসকল গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে আলং আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে ৬জন লোকৰ ঘটনাস্থলীতে মৃ*ত্যু হয়। আনহাতে চিকিৎসালয়ত আন এজন লোকে মৃ*ত্যুবৰণ কৰে। ইয়াৰ ফলত দুৰ্ঘটনাটোত মুঠ মৃ*তকৰ সংখ্যা ৭জনলৈ বৃদ্ধি পায়।
ঘটনাটোৰ পিছতে আলং আৰক্ষীয়ে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে। এছ ইউ ভিখন কিয় ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰি আছে। দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত কিছু সময়ৰ বাবে যান-বাহনৰ চলাচলতো ব্যাঘাত জন্মে। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি বিভিন্ন তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু দায়ী পক্ষৰ বিষয়ে স্পষ্ট তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















