গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱাসত অজ্ঞাত ব্যক্তিৰ প্ৰৱেশক লৈ সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশ। নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বিশ্ববিদ্যালয়ৰ চৌহদত এজন অজ্ঞাত ব্যক্তিয়ে কেনেদৰে প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে, ছাত্ৰী আবাসত অজ্ঞাত ব্যক্তিজনৰ উপস্থিতি ধৰা পৰাৰ পিছতে বিশ্ববিদ্যালয়খনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাক লৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিজনক আটক কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

ঘটনাৰ বিষয়ে জালুকবাৰী আৰক্ষীক অৱগত কৰা হয়। খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অজ্ঞাত ব্যক্তিজনক আটক কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত আটকাধীন ব্যক্তিজনৰ নাম জাবেদ মিঞা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, তেওঁৰ ঘৰ নেপালৰ সমীপৱৰ্তী অঞ্চলত।
ইফালে, নিৰাপত্তা ব্যৱস্থা কটকটীয়া বুলি দাবী কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এজন অজ্ঞাত ব্যক্তি ছাত্ৰী আবাসলৈকে কেনেদৰে প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল, সেই লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিশ্ববিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো এনে ঘটনা সংঘটিত হোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু জাবেদ মিঞাই কেনেদৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলে, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















