• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

27 seconds ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

21 minutes ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

2 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

2 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

4 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

6 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

7 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কোন হ'ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী অধিনায়ক?

editor by editor
October 6, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় মহিলা ক্ৰিকেট দলত আহিছে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। প্ৰায় এটা দশক ধৰি দলটোক নেতৃত্ব দিয়া হৰমনপ্ৰীত কৌৰে সকলো ফৰ্মেটৰ অধিনায়ক পদৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছত তেওঁ কেৱল এগৰাকী খেলুৱৈ হিচাপে ভাৰতীয় দলৰ হৈ খেলি যাব। হৰমনপ্ৰীত কৌৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ভাৰতীয় মহিলা দলৰ নতুন অধিনায়ক হিচাপে স্মৃতি মান্ধনাৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে।

এছিয়ান গেমছৰ সামৰণিৰ পিছত সোমবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলক লৈ BCCI-এ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকত দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু BCCIৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত আছিল। বৈঠকত BCCI-এ নেতৃত্বৰ ক্ষেত্ৰত পৰিৱৰ্তন বিচৰাৰ বিষয়ে হৰমনপ্ৰীত আৰু মান্ধনাক সদৰী কৰা বুলি হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনত উল্লেখ কৰিছে। ভৱিষ্যতৰ কথা মনত ৰাখি এতিয়াৰে পৰা এগৰাকী নতুন অধিনায়ক গঢ়ি তোলাৰ সময় আহি পৰিছে বুলি ব’ৰ্ডে মত প্ৰকাশ কৰিছিল।

অৱশ্যে হৰমনপ্ৰীত কৌৰে নিজে অধিনায়ক হিচাপে আগবাঢ়ি যাব বিচাৰিছিল। তেওঁৰ মতে, দলটোক এই সময়ত অভিজ্ঞ নেতৃত্বৰ প্ৰয়োজন আছিল আৰু তেওঁ তিনিওটা ফৰ্মেটতে দলক নেতৃত্ব দিবলৈ সাজু আছিল। কিন্তু T20 ক্ৰিকেটত কৌৰে দীৰ্ঘদিনৰ পৰা দুৰ্বল বেটিং প্ৰদৰ্শনৰ সৈতে যুঁজি থকা বিষয়টোক স্বীকাৰ কৰিছিল। অৱশ্যে অনিচ্ছাসত্বেও কম বয়সীয়া খেলুৱৈসকলক অধিক সুযোগ দিয়াৰ বাবে প্ৰয়োজন হ’লে অধিনায়ক পদ এৰিবলৈ তেওঁ সাজু বুলি ইংগিত দিছিল। তথাপি হৰমনপ্ৰীতৰ ইচ্ছা আছিল যে অন্ততঃ এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত তেওঁ অধিনায়ক হিচাপে থাকক। কিন্তু সকলো ফৰ্মেটতে নেতৃত্বৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত BCCI নিজৰ সিদ্ধান্তত অটল হৈ থাকে।

২০১৬ চনত হৰমনপ্ৰীত কৌৰে ভাৰতীয় মহিলা T20 দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এদিনীয়া আৰু টেষ্ট দলৰো নেতৃত্ব লাভ কৰে। অৰ্থাৎ প্ৰায় এটা দশক ধৰি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নেতৃত্বৰ সৈতে জড়িত হৈ আছিল হৰমনপ্ৰীত। তেওঁৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলে কেইবাটাও উল্লেখযোগ্য সফলতা লাভ কৰে। ২০২০ চনত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ইয়াৰ উপৰি এছিয়ান গেমছতো ভাৰতীয় মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছিল। কৌৰৰ সৰ্বশ্ৰেষ্ঠ সাফল্য হৈছে ২০২৫ৰ এদিনীয়া মহিলা বিশ্বকাপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰাটো। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বৰ অধ্যায় শেষ হ’লেও ভাৰতীয় দলৰ সৈতে তেওঁৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই। আগন্তুক দিনত তেওঁ এগৰাকী খেলুৱৈ হিচাপে দলৰ অংশ হৈ থাকিব। ইফালে, নতুন অধিনায়ক নিৰ্বাচনৰ ক্ষেত্ৰত স্মৃতি মান্ধনাৰ নাম এতিয়া সন্মুখলৈ আহিছে। বিপৰীতে জেমিমা ৰড্ৰিগছ অথবা দিপ্তী শৰ্মাক দিব পাৰে সহঃ অধিনায়কৰ দায়িত্ব। অৱশ্যে চূড়ান্ত সিদ্ধান্ত BCCI আৰু নিৰ্বাচকসকলেই গ্ৰহণ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.