মুম্বাইত জনপ্ৰিয় মোমো বিক্ৰী কৰি পৰিচিতি লাভ কৰা সূৰয লামাৰ ব্যৱসায়লৈ আহিছে সংকট। উৎসৱৰ বতৰত খাদ্যৰ মানদণ্ড আৰু অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ বাবে মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) চলোৱা অভিযানৰ অংশ হিচাপে সোমবাৰে কেইবাখনো খাদ্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল আন্ধেৰী পশ্চিমৰ জনপ্ৰিয় ‘সূৰয লামা মোমোছ’ৰ মূল শাখাও।
সূৰয লামাৰ এই ব্যৱসায়ৰ কাহিনী অৱশ্যে যথেষ্ট আকৰ্ষণীয়। মাত্ৰ ১৪ বছৰ বয়সতে দাৰ্জিলিঙৰ মিৰিকৰ গাঁও এৰি কামৰ সন্ধানত মুম্বাইলৈ অহা সূৰযে জীৱনত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছে। বিভিন্ন সৰু-সুৰা কাম কৰাৰ পিছত তেওঁ বলীউডৰ চেলিব্ৰিটি ড্ৰাইভাৰ হিচাপে পৰিচিত হৈ পৰে। প্ৰায় ২৫ বছৰ ধৰি তেওঁ বিভিন্ন অভিনেতা আৰু চলচ্চিত্ৰ জগতৰ লোকৰ বাবে গাড়ী চলাইছিল।
সূৰযে বলীউডৰ বহু পৰিচিত ব্যক্তিৰ সৈতে কাম কৰিছিল। তেওঁ সোণাক্ষী সিনহা, শ্বাহিদ কাপুৰৰ দৰে অভিনেতাৰ সৈতে কাম কৰাৰ লগতে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ দৰে ডাঙৰ বেনাৰৰ লোকসকলৰ বাবেও গাড়ী চলাইছিল। কিন্তু এই চাকৰিটো কৰি থাকোঁতে এটা ঘটনাই সূৰযৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁৰ মতে, তেওঁ নিজৰ কামত যথেষ্ট নিষ্ঠাবান আছিল আৰু যিসকলৰ বাবে কাম কৰিছিল, তেওঁলোকক পৰিয়ালৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু বহু সময়ত তেওঁ সমান আৰু মৰ্যাদা নোপোৱা বুলি অনুভৱ কৰিছিল।
এবাৰ তেওঁ এজন অভিনেতাক শ্বুটিঙৰ স্থানলৈ লৈ গৈছিল। তাত এজন শিশুৱে বহু সময় অপেক্ষা কৰি অভিনেতাজনৰ সৈতে এখন ফটো উঠিব বিচাৰিছিল। সূৰযে শিশুটোক সহায় কৰিবলৈ অভিনেতাজনক অনুৰোধ কৰিছিল যদিও অভিনেতাজনে সেয়া নাকচ কৰে। এই ঘটনাটোৱে সূৰযক যথেষ্ট ব্যথিত কৰিছিল।
সময়ৰ লগে লগে সূৰযৰ জীৱন সলনি হ’বলৈ ধৰিলে। ওলা আৰু উবেৰৰ দৰে এপভিত্তিক কেব সেৱা জনপ্ৰিয় হোৱাৰ পিছত তেওঁৰ ড্ৰাইভাৰৰ কামৰ ওপৰত আগৰ দৰে নিৰ্ভৰ কৰিব নোৱাৰা পৰিস্থিতি আহিল। তেতিয়াই তেওঁ নতুন কিবা এটা কৰাৰ কথা ভাবিলে। ২০১৭ চনত তেওঁ মোমো বিক্ৰী আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে। মোমো প্ৰস্তুত কৰাত তেওঁৰ পত্নী বিজয়তাও পাৰদৰ্শী আছিল। সূৰযে তেওঁৰ পত্নীকো এই নতুন ব্যৱসায়ত যোগ দিবলৈ উৎসাহিত কৰে। সেই সময়ত বিজয়তাই কণ্ঠশিল্পী কে কেৰ ঘৰত ৰান্ধনীৰ কাম কৰিছিল। সূৰযে নিজৰ চাকৰি এৰি নিজৰ বাইকখন বিক্ৰী কৰি এখন চাইকেল কিনিলে। সেই চাইকেলতে তেওঁ মুম্বাইৰ আন্ধেৰী পশ্চিম অঞ্চলত ঘূৰি ঘূৰি মোমো বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

সূৰযে পিছত স্বীকাৰ কৰিছিল যে চাকৰি এৰি মোমোৰ ব্যৱসায় আৰম্ভ কৰাটো তেওঁৰ বাবে এক ডাঙৰ ৰিস্ক আছিল। তেওঁ আৰু তেওঁৰ পত্নীয়ে আগৰ চাকৰিৰ পৰা মিলি প্ৰায় ৩০ হাজাৰ টকা উপাৰ্জন কৰিছিল। তাৰ আধা ঘৰুৱা খৰচত গৈছিল আৰু বাকীখিনি সঞ্চয় কৰিছিল। কিন্তু ভাগ্যই তেওঁলোকক সহায় কৰিলে। মুম্বাইত সেই সময়ত মোমো আজিৰ দৰে সহজলভ্য নাছিল। ফলত সূৰযৰ মোমোৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে। প্ৰথমে তেওঁ চাইকেলত মোমো বিক্ৰী কৰিছিল। পিছত চাহিদা বৃদ্ধি পোৱাত মুম্বাইৰ ভাৰ্চোভাত এখন সৰু দোকান খুলিলে। অতি কম সময়ৰ ভিতৰতে তেওঁৰ মমোৰ ব্যৱসায়টো আগুৱাই গ’ল।
বলীউডৰ সৈতে সূৰযৰ আগৰ সম্পৰ্কই তেওঁৰ মোমোৰ ব্যৱসায়তো কিছু সহায় কৰিছিল। মোমো ভালপোৱা সোণাক্ষী সিনহা আৰু তেওঁৰ পৰিয়ালৰ লোকসকলেও সূৰযৰ মোমোৰ সোৱাদ লৈছিল। সূৰযৰ মতে, তেওঁৰ মোমোৰ বিশেষত্ব হৈছে ঘৰুৱা ৰেচিপি। মোমোৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে সূৰযে মালাড আৰু কান্দিৱলীত নতুন আউটলেট মুকলি কৰে। ব্যৱসায় ডাঙৰ হ’লেও তেওঁ গুণগত মান বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কথা কয়। সম্প্ৰতি সূৰযৰ মমোৰ কাৰখানাত ২৫গৰাকী যুৱক-যুৱতীয়ে কাম কৰে। এই মোমোবোৰ প্ৰায় ৯০ শতাংশ প্ৰস্তুত কৰাৰ পিছত বিভিন্ন আউটলেটলৈ পঠিওৱা হয়। সূৰযৰ কোম্পানীৰ নিজা দোকান হওক বা ফ্ৰেঞ্চাইজি—সকলোতে একে পদ্ধতিৰে প্ৰস্তুত কৰা মোমো যোগান ধৰা হয়।
FDAৰ অভিযানে মাতিলে বিপদ
ইমানবোৰ গুণগত মানৰ দাবীৰ মাজতে এতিয়া সূৰয লামাৰ ব্যৱসায়ৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ FDA-য়ে ব্যৱস্থা গ্ৰহণ কৰাটোৱে চৰ্চা লাভ কৰিছে। কৰ্তৃপক্ষৰ মতে, পৰিদৰ্শনৰ সময়ত খাদ্য পৰিচালনা আৰু সংৰক্ষণৰ পদ্ধতি, অনাময় ব্যৱস্থা তথা খাদ্য দূষণ ৰোধৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাত গুৰুতৰ ত্ৰুটি ধৰা পৰে। এই ত্ৰুটিসমূহ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুতৰ বুলি বিবেচনা কৰি কৰ্তৃপক্ষই ‘সূৰয লামা মোমোছ’ৰ খাদ্য অনুজ্ঞাপত্ৰ স্থগিত কৰে।
এসময়ত ১৪ বছৰ বয়সত মিৰিকৰ পৰা মুম্বাইলৈ অহা এজন কিশোৰে কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে বলীউডৰ চেলিব্ৰিটি ড্ৰাইভাৰ হিচাপে পৰিচিতি লাভ কৰিছিল। তাৰ পিছত চাকৰি এৰি চাইকেলত মোমো বিক্ৰী কৰি নিজা ব্যৱসায় গঢ়ি তুলিছিল। সেই ব্যৱসায়েই এসময়ত বৃহৎ ৰূপ লৈছিল। কিন্তু এতিয়া খাদ্য সুৰক্ষাৰ নিয়ম ভংগৰ অভিযোগত সেই ব্যৱসায়ৰ ওপৰতে FDAৰ কঠোৰ ব্যৱস্থা নামি অহা ঘটনাই সুৰজ লামাৰ কাহিনীক নতুনকৈ চৰ্চালৈ আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















