নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে ব্যাপক নিৰ্বাচনী হিংসা সংঘটিতৰ অভিযোগ উঠিছে। লাহৰীঘাটত ভোটদানক কেন্দ্ৰ কৰি এগৰাকী বৃদ্ধ লোকক আক্ৰমণ কৰাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ভোট দিয়াৰ বাবেই আতাবুৰ ৰহমান নামৰ বৃদ্ধগৰাকীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, লাহৰীঘাটৰ ২৭৩ নং লেংৰীবাৰী ভোটকেন্দ্ৰত ভোটদান কৰি আতাবুৰ ৰহমান ঘৰলৈ উভতি আহি আছিল। সেই সময়তে বাট আগুচি ধৰি প্ৰথমে আতাবুৰ ৰহমানে কাক ভোট দিছে বুলি প্ৰশ্ন কৰে কেইজনমান যুৱকে। আতাবুৰ ৰহমানে বিজেপিক ভোট দিয়া বুলি কোৱাৰ পিছতেই তেওঁক এজন যুৱকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ ফলত বৃদ্ধগৰাকী আঘাতপ্ৰাপ্ত হয়।
অভিযোগ অনুসৰি, লেংৰীবাৰীৰ আমীৰ হুছেইন নামৰ এজন যুৱকৰ বিৰুদ্ধে আতাবুৰ ৰহমানক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আতাবুৰ ৰহমানে বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক কিয় ভোট দিলে আৰু কংগ্ৰেছক কিয় ভোট নিদিলে—এই বিষয়ক লৈয়ে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে।
ঘটনাটোৱে অঞ্চলটোত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। ভোটদানৰ অধিকাৰক লৈ এগৰাকী বৃদ্ধ লোকক আক্ৰমণ কৰাৰ অভিযোগক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিগৰাকী ভোটাৰৰ নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ অধিকাৰ আছে। সেয়ে কেৱল ৰাজনৈতিক পছন্দৰ বাবে কোনো ভোটাৰক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাটো উদ্বেগজনক বুলিও চৰ্চা চলিছে। ইফালে, ঘটনাটোৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। লাহৰীঘাটৰ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















