ভাৰতীয় চিনেমাত বহু বিদেশী নাগৰিকত্ব থকা অভিনেতা-অভিনেত্ৰীয়ে নিজৰ অভিনয়েৰে বিশেষ স্থান দখল কৰিছে। আলিয়া ভাট, কেটৰিনা কাইফ, জেকলিন ফাৰ্নাণ্ডেজ আৰু নোৰা ফাতেহীৰ দৰে জনপ্ৰিয় তাৰকাই ভাৰতীয় চলচ্চিত্ৰ জগতত সফলতা লাভ কৰিছে। আহক, বিদেশী নাগৰিকত্বৰ সৈতে জড়িত এনে কেইগৰাকীমান অভিনেতা-অভিনেত্ৰীৰ বিষয়ে জানো।
১. আলিয়া ভাট
‘গংগুবাই কঠিয়াৱাড়ী’, ‘জী’ আৰু ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ দৰে ছবিত অভিনয় কৰি আলিয়া ভাটে বলীউডত বিশেষ পৰিচিতি লাভ কৰিছে। ৰণবীৰ কাপুৰৰ সৈতে বিৱাহপাশত আৱদ্ধ হোৱা এইগৰাকী অভিনেত্ৰীয়ে ব্ৰিটিছ নাগৰিকত্বৰ অধিকাৰী বুলি বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
২. কেটৰিনা কাঈফ
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাঈফৰ ব্ৰিটিছ নাগৰিকত্ব আছে। ‘নমস্তে লণ্ডন’, ‘জিন্দেগী না মিলেগী ডোবাৰা’, ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ ৩’ৰ দৰে ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। জন্মসূত্ৰে কেটৰিনা কাঈফে লাভ কৰিছে ব্ৰিটিছ নাগৰিকত্ব
৩. ছানী লিয়ন
ছানী লিয়নৰ কানাডা আৰু আমেৰিকাৰ নাগৰিকত্ব আছে বুলি জানিব পৰা যায়। ‘জিছম ২’ৰ জৰিয়তে তেওঁ মূলসুঁতিৰ হিন্দী চিনেমাত অভিনয় আৰম্ভ কৰে। ইয়াৰ উপৰি ‘ৰাগিনী এম এম এছ ২’ আৰু ‘এক পাহেলী লীলা’ৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছে।
৪. ইমৰান খান
‘জানে তু… য়া জানে না’ ছবিৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা ইমৰান খানৰ আমেৰিকাৰ নাগৰিকত্ব আছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। ‘দিল্লী বেলী’, ‘আই হেট লাভ ষ্ট’ৰীজ’ আৰু ‘মেৰে ব্ৰাদাৰ কি দুলহান’ তেওঁৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম। বলীউডৰ মিষ্টাৰ পাৰফেক্টছনিষ্ট আমীৰ খানৰ ভাগিনীয়েক ইমৰান খান। ইমৰান খানৰ জন্ম আমেৰিকাৰ মেডিছন চহৰত।
৫. নৰ্গিছ ফাখৰী
আমেৰিকাৰ অভিনেত্ৰী নৰ্গিছ ফাখৰীয়ে ‘ৰকষ্টাৰ’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। ৰণবীৰ কাপুৰৰ সৈতে অভিনয় কৰা এই ছবিখনৰ উপৰি ‘মাদ্ৰাজ কেফে’, ‘মেইন তেৰা হিৰো’ আৰু ‘হাউছফুল ৩’তো তেওঁ অভিনয় কৰিছে।
৬. নোৰা ফাতেহী
কানাডাৰ নাগৰিক নোৰা ফাতেহীয়ে নিজৰ নৃত্য আৰু অভিনয়ৰ জৰিয়তে ভাৰতীয় মনোৰঞ্জন জগতত জনপ্ৰিয়তা লাভ কৰিছে। ‘সত্যমেৱ জয়তে’ ছবিৰ ‘দিলবৰ’ গীতত কৰা নৃত্যই তেওঁক বিশেষ পৰিচিতি দিয়ে। ইয়াৰ উপৰি তেওঁ কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। শেহতীয়া ফুটবল বিশ্বকাপতো অনুষ্ঠান পৰিৱেশন কৰিছিল নোৰাই।
৭. জেকলিন ফাৰ্নাণ্ডেজ
শ্ৰীলংকাৰ নাগৰিক জেকলিন ফাৰ্নাণ্ডেজে ২০০৬ চনত মিছ ইউনিভাৰ্ছ শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল। ইয়াৰ পিছত তেওঁ মনোৰঞ্জন জগতত প্ৰৱেশ কৰে। ‘মাৰ্ডাৰ ২’, ‘কিক’, ‘হাউছফুল ২’ আৰু ‘জুডৱা ২’ তেওঁৰ উল্লেখযোগ্য বলীউডৰ ছবি।
৮. কাল্কি ক’চলিন
পুডুচেৰীত জন্মগ্ৰহণ কৰা কাল্কি ক’চলিন ফ্ৰান্সৰ নাগৰিক। তেওঁ ভাৰতীয় চিনেমাত অভিনয় কৰি বিশেষ পৰিচিতি লাভ কৰিছে। ‘দেৱ ডি’ ছবিৰ বাবে তেওঁ বিশেষভাৱে প্ৰশংসিত হৈছিল। ইয়াৰ উপৰি ‘জিন্দেগী না মিলেগী ডোবাৰা’ আৰু ‘য়ে জৱানী হ্যে দিৱানী’ৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছে।
৯. ইলিয়ানা ডি ক্ৰুজ
ইলিয়ানা ডি ক্ৰুজে প্ৰথমে তেলেগু ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। পিছলৈ তেওঁ বলীউডতো সফলতা লাভ কৰে। তেওঁৰ উল্লেখযোগ্য হিন্দী ছবিসমূহৰ ভিতৰত আছে ‘বৰফি!’, ‘মেইন তেৰা হিৰো’, ‘ৰুস্তম’ আৰু ‘ৰেইড’। তেওঁৰ পৰ্তুগীজ নাগৰিকত্ব আছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে।
১০. ছোনী ৰাজদান
ছোনী ৰাজদান এগৰাকী অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ভাৰতীয় চিনেমাত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। ‘সাৰাংশ’, ‘মনছুন ৱেডিং’ আৰু ‘ৰাজী’ তেওঁৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম। তেওঁৰ ব্ৰিটিছ নাগৰিকত্ব আছে বুলি জানিব পৰা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















