অসমত ২০২৭ চনৰ ১ জানুৱাৰীক ভিত্তি হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া (SSR) আৰম্ভ হ’ব। এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকা সংশোধন কৰি নতুনকৈ যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে তালিকাত থকা ভুল-ত্ৰুটিসমূহ শুধৰোৱা হ’ব। নিৰ্ধাৰিত সময়সূচী অনুসৰি, অহা ২ নৱেম্বৰৰ পৰা এই সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ’ব।
নিৰ্বাচনী সূচী অনুসৰি, ১২ নৱেম্বৰত প্ৰকাশ কৰা হ’ব খচৰা ভোটাৰ তালিকা। এই খচৰা তালিকাত ভোটাৰসকলে নিজৰ নাম, ঠিকনা আৰু অন্যান্য তথ্য পৰীক্ষা কৰিব পাৰিব। যদি কোনো যোগ্য ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, অথবা কোনো তথ্যত ভুল আছে, তেন্তে তেওঁলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত সংশোধনৰ বাবে আবেদন জনাব পাৰিব।
ভোটাৰ তালিকাক লৈ কোনো আপত্তি থাকিলে সেই আপত্তি দাখিলৰ অন্তিম দিন হিচাপে ১১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, ভোটাৰ তালিকাৰ সৈতে জড়িত সকলো ওজৰ-আপত্তি ২৮ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।
ইয়াৰ পিছত সকলো প্ৰয়োজনীয় সংশোধনী সম্পূৰ্ণ কৰি ২০২৭ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ কথা। এই তালিকাত ভোটাৰসকলৰ নাম আৰু অন্যান্য তথ্য সঠিকভাৱে অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাই হ’ব এই প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য।
সেয়েহে, ভোটাৰসকলক খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত নিজৰ নাম আৰু তথ্য ভালদৰে পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে। যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰতে প্ৰয়োজনীয় আবেদন আৰু সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















