বাংলাদেশৰ জগন্নাথ বিশ্ববিদ্যালয়ত মন্দিৰৰ ওচৰত গো-মাংস ৰন্ধাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ১২ অক্টোবৰত বিশ্ববিদ্যালয়খনৰ চৌহদত থকা কেন্দ্ৰীয় মন্দিৰৰ কাষত গো-মাংসৰ খিচিৰি ৰন্ধাক লৈ এই বিতৰ্কৰ সূত্ৰপাত ঘটে। ইয়াৰ দুদিন পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৌহদৰ ভিতৰত পশু বধ কৰাৰ পৰা বিৰত থাকিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই জাননী জাৰি কৰে।
কিন্তু বিশ্ববিদ্যালয় প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি মুছলমান ছাত্ৰ-ছাত্ৰীৰ এটা দলে ১৬ অক্টোবৰত পুনৰ গো-মাংসৰ ভোজৰ আয়োজন কৰাৰ ঘোষণা কৰে। পৰিস্থিতি অধিক জটিল হৈ পৰাৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে দ্বিতীয়খন জাননী জাৰি কৰি অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰে। প্ৰশাসনে কয় যে ছাত্ৰ-ছাত্ৰীসকলে এনে অনুষ্ঠান আয়োজন কৰিব পাৰে, কিন্তু ইয়াৰ ফলত আনৰ ধৰ্মীয় কাৰ্যকলাপত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
বাংলাদেশৰ জগন্নাথ বিশ্ববিদ্যালয়ৰ ইছলামিক হিষ্ট্ৰী এণ্ড কালচাৰ বিভাগৰ ১৭সংখ্যক বেটছৰ ছাত্ৰ-ছাত্ৰীসকলে ১২ অক্টোবৰত বিশ্ববিদ্যালয় চৌহদত গো-মাংসৰ খিচিৰি ৰন্ধাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকে ৰন্ধা-বঢ়াৰ বাবে বাছি লোৱা স্থানটো আছিল বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় মন্দিৰৰ ওচৰত। মন্দিৰ পৰিচালনা সমিতিৰ সদস্য সচিব জয় সাহাই BBC বাংলাক সদৰী কৰা অনুসৰি, মন্দিৰৰ কাষত গো-মাংসৰ খিচিৰি ৰন্ধা দেখি একাংশ হিন্দু ছাত্ৰই আপত্তি প্ৰকাশ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত বিশ্ববিদ্যালয়ৰ প্ৰক্টৰগৰাকীয়ে হস্তক্ষেপ কৰে। ইয়াৰ পিছতে আয়োজকসকলে মন্দিৰৰ পৰা কিছু আঁতৰত গৈ খাদ্য প্ৰস্তুত কৰে।
অৱশ্যে গো-মাংস ৰন্ধা সন্দৰ্ভত আয়োজক ছাত্ৰ-ছাত্ৰীসকলে স্পষ্টীকৰণ দি কয় যে তেওঁলোকৰ উদ্দেশ্য কাৰো ধৰ্মীয় অনুভূতিত আঘাত কৰা নাছিল। ৰন্ধা-বঢ়াৰ বাবে চৌকা নিৰ্মাণত ব্যৱহাৰ কৰা মন্দিৰৰ ওচৰত থকা ইটাখিনিও তেওঁলোকে যথাস্থানত ঘূৰাই থয়। পিছত খাদ্য প্ৰস্তুত কৰিবলৈ বিশ্ববিদ্যালয়ৰ কেণ্টিনৰ পৰা লোহাৰ চৌকা অনা হয়। জয় সাহাৰ মতে, মন্দিৰৰ ওচৰত থকা ইটাসমূহ ব্যৱহাৰ কৰাতকৈও মন্দিৰৰ ইমান ওচৰত গো-মাংস ৰন্ধাৰ বিষয়টোক লৈহে মন্দিৰ পৰিচালনা সমিতিৰ অধিক আপত্তি আছিল। এই ঘটনাৰ পিছত একাংশ সনাতনী ছাত্ৰই বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদী সমদল উলিয়ায়।
ইপিনে আয়োজন সমিতিৰ এজন ছাত্ৰই BBC বাংলাক জনোৱা অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে দুৰ্গাপূজা শেষ হোৱাৰ পিছত এই অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বিশ্ববিদ্যালয় প্ৰশাসনে পশু বধৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰাৰ পিছত তেওঁলোকে ১৬ অক্টোবৰতেই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। আয়োজকসকলে জনোৱা মতে, অনুষ্ঠানটোৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা চান্দা সংগ্ৰহ কৰি এটা গোধন ক্ৰয় কৰা হৈছিল। সামাজিক মাধ্যমত প্ৰচাৰ কৰা অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে ৭০ বাংলাদেশী টাকাকৈ পঞ্জীয়ন মাচুল নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে, আয়োজকসকলে জনায় যে সম্প্ৰতি মন্দিৰৰ সন্মুখত গো-বধ কৰাৰ পৰিৱৰ্তে কলা ভৱনৰ ওচৰৰ মুকলি পথাৰত অনুষ্ঠানটো আয়োজন কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















