মধ্যপ্ৰদেশৰ গোৱালিয়ৰত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শীতলা মাতা মন্দিৰৰ সমীপত এখন নিয়ন্ত্ৰণহীন ধানভৰ্তি ট্ৰাকে ভক্তসকলক মহতিয়াই নিয়াৰ ফলত ১২ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ১:৩০ বজাত চিনোৰৰ পৰা আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়। ইয়াৰ পিছত ট্ৰাকখনে মন্দিৰৰ গেট আৰু বাহিৰৰ দেৱালত খুন্দা মাৰি তাত উপস্থিত থকা ভক্তসকলক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত কেইবাখনো দোকানৰো ক্ষতিসাধন হয়। উল্লেখযোগ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱা পথটোত গধুৰ বাহনৰ চলাচল নিষিদ্ধ আছিল।
SSP ধৰ্মবীৰ সিঙে সদৰী কৰা অনুসৰি, দুৰ্ঘটনাৰ পিছত মুঠ ৩৯ জন লোকক চিকিৎসালয়লৈ নিয়া হয়। ইয়াৰে ১২ জনৰ মৃ*ত্যু হয়। আহতসকলৰ ভিতৰত ছয়জনৰ অৱস্থা গুৰুতৰ। দুৰ্ঘটনাটোত কৰ্তব্যৰত দুজন আৰক্ষীও আহত হয়। আহতসকলৰ অৱস্থা পৰ্যালোচনা কৰি চিকিৎসা প্ৰদান কৰা হৈছে।
গোৱালিয়ৰৰ জিলা উপায়ুক্ত ৰুচিকা চৌহানে জনোৱা মতে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীলৈ এম্বুলেন্স আৰু উদ্ধাৰকাৰী বাহন প্ৰেৰণ কৰা হয়। তেওঁ কয় যে নৱৰাত্ৰি উপলক্ষে পথটোত আৰক্ষীৰ চেকপইণ্ট আৰু বেৰিকেড স্থাপন কৰা হৈছিল। তেনে অৱস্থাত ট্ৰাকখনে কেনেকৈ নিষিদ্ধ পথটোত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল, সেই বিষয়টো তদন্ত কৰা হৈছে। ইফালে, ট্ৰাকখনৰ কাৰিকৰী অৱস্থা পৰীক্ষা কৰিবলৈ পৰিবহণ বিভাগৰ এটা দল প্ৰেৰণ কৰা হৈছে। ট্ৰাকখনে কিয় নিয়ন্ত্ৰণ হেৰুৱালে আৰু কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ’ল, সেয়া জানিবলৈ তদন্ত অব্যাহত আছে।
ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, নিয়ন্ত্ৰণহীন অত্যধিক বোজা কঢ়িওৱা ট্ৰাকখনে প্ৰথমে আৰক্ষীৰ বেৰিকেড মহটিয়াই নিয়ে। ইয়াৰ পিছতে ট্ৰাকখনে ভক্তসকলক এফালৰ পৰা খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। শীতলা মাতাৰ মন্দিৰলৈ আহিছিল এই ভক্তসকল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















