ছ’চিয়েল মিডিয়াত বিতৰ্কিত কণ্টেণ্ট পোষ্ট কৰি পুনৰ চৰ্চালৈ আহিছে কণ্টেণ্ট ক্ৰিয়েটৰ আমীৰ চৌকিন। ত্ৰিপুৰাৰ এজন যুৱকক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগৰ মাজতে এইবাৰ এগৰাকী কৰ্মৰত হিন্দু মহিলাৰ ভিডিঅ’ক কেন্দ্ৰ কৰি তেওঁক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী জিতেন্দ্ৰ প্ৰতাপ সিঙে আমীৰ চৌকিনৰ বিৰুদ্ধে মহিলাগৰাকীক ৰাজহুৱাভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
জিতেন্দ্ৰ প্ৰতাপ সিং নামৰ এগৰাকী লোকে ইনষ্টাগ্ৰামত কৰা এটা পোষ্টত অভিযোগ কৰিছে যে আমীৰ শৌকিনে এটা শ্ব’ৰুমত কৰ্মৰত এগৰাকী মহিলাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। ভিডিঅ’টোৰ শিৰোনাম আছিল “মহিলা বা যুৱতী কেনেকৈ পতাব?” অভিযোগ অনুসৰি, ভিডিঅ’টো ৰেকৰ্ডিং কৰাৰ সময়ত আমীৰে মহিলাগৰাকীক লৈ দ্ব্যৰ্থবোধক মন্তব্য কৰিছিল। ভিডিঅ’টোত মহিলাগৰাকীয়ে নিজৰ মুখ লুকুৱাবলৈ চেষ্টা কৰা বুলিও দাবী কৰা হৈছে। এই ঘটনাক লৈ জিতেন্দ্ৰ প্ৰতাপ সিঙে প্ৰশ্ন উত্থাপন কৰি কয় যে এগৰাকী মহিলাৰ সন্মতি অবিহনে তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি এনে ধৰণৰ মন্তব্য কৰাটো কিমানদূৰ গ্ৰহণযোগ্য?
জিতেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনৰ অভিযোগ অনুসৰি, মহিলাগৰাকী শ্ব’ৰুমটোৰ এগৰাকী কৰ্মচাৰী হোৱা বাবে চাকৰি হেৰুওৱাৰ আশংকাত মুকলিকৈ প্ৰতিবাদ কৰিব পৰা নাছিল। তেওঁৰ দাবী, মহিলাগৰাকীয়ে অস্বস্তি প্ৰকাশ কৰাৰ পিছতো ভিডিঅ’ ৰেকৰ্ডিং অব্যাহত ৰখা হৈছিল। অৱশ্যে, মহিলাগৰাকীৰ সন্মতি আছিল নে নাই, ঘটনাটোৰ সময়ত তেওঁৰ প্ৰকৃত পৰিস্থিতি কি আছিল আৰু ভিডিঅ’টো কি প্ৰসংগত ৰেকৰ্ডিং কৰা হৈছিল, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো স্বতন্ত্ৰ নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। তথাপি, এই অভিযোগে কৰ্মস্থলীত মহিলাৰ গোপনীয়তা, ব্যক্তিগত মৰ্যাদা আৰু সুৰক্ষাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
‘এয়া সাধাৰণ কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
জিতেন্দ্ৰ প্ৰতাপ সিঙে নিজৰ পোষ্টত আমীৰৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁৰ মতে, এনে ধৰণৰ আচৰণক কেৱল ছ’চিয়েল মিডিয়াৰ মনোৰঞ্জনমূলক কণ্টেণ্ট বুলি গণ্য কৰিব নোৱাৰি। তেওঁ আমীৰৰ বিৰুদ্ধে পূৰ্বতেও একেধৰণৰ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁক অভ্যাসগত অপৰাধী বুলিও অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















