গুৱাহাটীৰ ৰাজপথ, পদপথ বা আন ৰাজহুৱা স্থানত গুটখা আৰু তামোল খাই য’তে-ত’তে পিক পেলোৱাৰ অভ্যাস আছে নেকি? তেন্তে এতিয়াৰে পৰা সাৱধান হওক। কাৰণ, ৰাজহুৱা স্থানত পিক পেলাই পৰিৱেশ লেতেৰা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে গুৱাহাটী পৌৰ নিগমে। এই ব্যৱস্থা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ গ্ৰহণ কৰা হৈছে।
নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা আৰু ৰাজহুৱা স্থানত লেতেৰা কৰাৰ প্ৰৱণতা ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। নতুন ব্যৱস্থা অনুসৰি, ৰাজহুৱা স্থানত পিক পেলাই পৰিৱেশ বিনষ্ট কৰা লোকক প্ৰতিবাৰতে ৩০০ টকাকৈ জৰিমণা বিহা হ’ব।
গুটখা বা তামোল খাই ৰাজপথ, পদপথ অথবা আন ৰাজহুৱা স্থানত পিক পেলোৱাটো বহু লোকৰ বাবে সাধাৰণ অভ্যাসত পৰিণত হৈছে। কিন্তু এনে কাৰ্যৰ ফলত ৰাজহুৱা স্থান লেতেৰা হোৱাৰ লগতে চহৰখনৰ সৌন্দৰ্যও বিনষ্ট হয়। বিশেষকৈ ব্যস্ত ৰাজপথ, বাছ আস্থান, বজাৰ আৰু পদপথত পিকৰ দাগে পৰিৱেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত নেতিবাচক প্ৰভাৱ পেলায়।
এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে পিক পেলোৱা লোকৰ বিৰুদ্ধে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ফলত কোনো লোকে ৰাজহুৱা স্থানত পিক পেলাই ধৰা পৰিলে প্ৰতিবাৰতে ৩০০ টকাকৈ জৰিমণা ভৰিব লাগিব। তামোল বা গুটখা খাই য’তে-ত’তে পিক পেলোৱাৰ বদঅভ্যাসে এতিয়াৰে পৰা আপোনাৰ পকেটত অতিৰিক্ত বোজা পেলাব পাৰে। ৰাজহুৱা স্থানত পিক পেলোৱাৰ পৰা বিৰত থকাটো প্ৰতিজন সচেতন নাগৰিকৰ বাবে জৰুৰী।
ক’ত অভিযোগ দিব?
কেৱল জৰিমণা বিহাই নহয়, ৰাজহুৱা স্থান লেতেৰা কৰা কাৰ্যৰ বিৰুদ্ধে নাগৰিকসকলকো সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে। কোনো লোকে গুটখা বা তামোল খাই ৰাজহুৱা স্থানত পিক পেলোৱা দেখিলে সেই বিষয়ে আৰক্ষীক অৱগত কৰিব পাৰিব। তেনে লোকৰ বিৰুদ্ধে ৮৮১১০০৭০০০ নম্বৰত অভিযোগ দিব পাৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাজহুৱা স্থান লেতেৰা কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নাগৰিকসকলেও সহায় কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















