উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বাধাপুৰ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক নীৰজ কুমাৰ তোমাৰৰ বিৰুদ্ধে থানাৰ অফিচিয়েল হোৱাটছএপ গ্ৰুপত অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গ্ৰুপটোত থানাখনৰ কেইবাজনো আৰক্ষী বিষয়া আৰু কৰ্মচাৰী সদস্য হিচাপে আছিল। ঘটনাৰ পিছতে বিজনৌৰৰ আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণোইয়ে পৰিদৰ্শকজনক তাৎক্ষণিকভাৱে নিলম্বন কৰে। লগতে ঘটনা সন্দৰ্ভত বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি, দেওবাৰে নিশা পৰিদৰ্শক নীৰজ কুমাৰ তোমাৰে বাধাপুৰ থানাৰ অফিচিয়েল হোৱাটছএপ গ্ৰুপত ১ মিনিট ১৩ ছেকেণ্ডৰ এটা অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰিছিল। গ্ৰুপটোত থানাখনৰ বিষয়া আৰু কৰ্মচাৰীসকল থকাৰ লগতে ভিডিঅ’টোত এগৰাকী মহিলা কনিষ্টবল থকা বুলিও অভিযোগ উত্থাপন হৈছে।
ভিডিঅ’টো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে পৰিদৰ্শকজনে গ্ৰুপটোৰ পৰা ভিডিঅটো ডিলিট কৰি দিয়ে। কিন্তু তাৰ আগতেই গ্ৰুপৰ বহু সদস্যৰ দৃষ্টিত পৰে ভিডিঅ’টো। আনকি একাংশ আৰক্ষী কৰ্মচাৰীয়ে ভিডিঅ’টো ডাউনলোড কৰি ৰখাৰ কথাও পোহৰলৈ আহিছে। ঘটনাটোৱে আৰক্ষী বিভাগৰ ভিতৰতে ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। পিছত বিষয়টো উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ দৃষ্টিগোচৰ হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰা হয়।
ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিজনৌৰৰ আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণোইয়ে চক্ৰ বিষয়াক (চি অ’) তদন্তৰ দায়িত্ব দিয়ে। প্ৰাৰম্ভিক তদন্তত পৰিদৰ্শকজনৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন হয়। এনে কাৰ্যই আৰক্ষী বিভাগৰ অনুশাসন আৰু ভাবমূৰ্তিত প্ৰভাৱ পেলাব পাৰে বুলি বিবেচনা কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁক নিলম্বন কৰে।
ইয়াৰ লগতে পৰিদৰ্শকজনৰ বিৰুদ্ধে বিতং বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত পোহৰলৈ অহা তথ্যৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে, ঘটনাটোৰ সৈতে জড়িত সকলো দিশ বৰ্তমান তদন্তাধীন হৈ আছে। ঘটনাৰ পিছতে আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণোই নিজেই বাধাপুৰ থানাত উপস্থিত হয়। তেওঁ থানাখনত কৰ্মৰত মহিলা আৰক্ষী বিষয়াসকলৰ সৈতে কথা পাতে আৰু তেওঁলোকৰ অভিজ্ঞতা তথা কৰ্মক্ষেত্ৰৰ পৰিৱেশৰ বিষয়ে বুজ লয়।
আৰক্ষী অধীক্ষকগৰাকীয়ে মহিলা আৰক্ষী কৰ্মচাৰীসকলক আশ্বাস দিয়ে যে বিভাগত কোনো ধৰণৰ অশ্লীল আচৰণ বা হাৰাশাস্তি সহ্য কৰা নহ’ব। তেওঁ মহিলা কৰ্মচাৰীসকলক কোনো ভয় বা সংকোচ নকৰাকৈ নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। লগতে, মহিলা কৰ্মচাৰীসকলৰ সন্মান, সুৰক্ষা আৰু কৰ্মক্ষেত্ৰত এক সুস্থ পৰিৱেশ নিশ্চিত কৰাটো আৰক্ষী প্ৰশাসনৰ অগ্ৰাধিকাৰ বুলি তেওঁ উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















