অঞ্জলি অৰোৰাৰ আইনী সমস্যা বৃদ্ধি পাইছে। কানপুৰৰ এটা অনুষ্ঠান আধাতে এৰি যোৱাৰ অভিযোগত ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় তাৰকা তথা অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰিছে অনুষ্ঠানটোৰ আয়োজকসকলে। জাননীখনত ১.২০ কোটি টকাৰ ক্ষতিপূৰণ আৰু ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনোৱা হৈছে।
কি হৈছিল কানপুৰৰ অনুষ্ঠানত?
শেহতীয়াকৈ কানপুৰত অনুষ্ঠিত এটা অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে চৰ্চালৈ আহে অঞ্জলি অৰোৰা। অনুষ্ঠানটোৰ মঞ্চত অঞ্জলি উপস্থিত থকা সময়তে ডিজেই তেওঁৰ জনপ্ৰিয় ‘কাচ্চা বাদাম’ গীতটো বজাইছিল। গীতটো শুনি অভিনেত্ৰীগৰাকী অসন্তুষ্ট হোৱা বুলি অভিযোগ উত্থাপন হৈছে। সেই সময়ত তেওঁ পিছলৈ ঘূৰি ডিজেৰ সৈতে মুখামুখি হোৱা দেখা গৈছিল। ইয়াৰ পিছতে অনুষ্ঠানটোৰ আয়োজকসকলে অঞ্জলিৰ বিৰুদ্ধে অনুষ্ঠানটো আধাতে এৰি যোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ মতে, অঞ্জলিৰ এই কাৰ্যৰ ফলত অনুষ্ঠানটোৰ পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে আয়োজকসকল আৰ্থিক লোকচানৰ সন্মুখীন হয়।
১৫ দিনৰ ভিতৰত ১.২০ কোটি টকা দাবী
এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্জলি অৰোৰাৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিছে অনুষ্ঠানটোৰ আয়োজকসকলে। প্ৰতিবেদন অনুসৰি, তেওঁলোকে অভিনেত্ৰীগৰাকীলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে। জাননীখনত ১৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায় দিয়াৰ লগতে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনোৱা হৈছে। ‘অমৰ উজালা’ৰ প্ৰতিবেদন অনুসৰি, আয়োজকসকলে মুঠ ১.২০ কোটি টকা দাবী কৰিছে। ইয়াৰ ভিতৰত মানহানিৰ বাবে ১ কোটি টকা আৰু অনুষ্ঠানটোৰ সময়ত হোৱা আৰ্থিক লোকচানৰ বাবদ ২০ লাখ টকা অন্তৰ্ভুক্ত আছে।
আয়োজকসকলৰ অভিযোগ অনুসৰি, অঞ্জলি অৰোৰাই অনুষ্ঠানটোত প্ৰায় ৪৫ মিনিট সময় মঞ্চত উপস্থিত থাকিব লাগিছিল। সেই সময়ছোৱাত তেওঁ পৃষ্ঠপোষক আৰু বিশেষ অতিথিসকলক স্মৃতিগ্ৰন্থ প্ৰদান কৰাৰ কথা আছিল। কিন্তু অঞ্জলিয়ে অনুষ্ঠানটো আধাতে এৰি যোৱাৰ ফলত অতিথিসকল অসন্তুষ্ট হোৱা বুলি আয়োজকসকলে দাবী কৰিছে। তেওঁলোকৰ মতে, ইয়াৰ ফলত অনুষ্ঠানটোৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰ্থিক লোকচানো হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















