উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ ভূটা থানা অঞ্চলৰ মাকপুৰ কালান গাঁৱত এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কিশোৰীগৰাকীৰ নিৰুদ্দেশৰ গোচৰত আৰক্ষীয়ে সোধা-পোছা কৰা ২০ বছৰীয়া সুৰজিতে নিজৰ ঘৰতে চৰম পন্থা অৱলম্বন কৰে। যুৱকজনৰ মৃ*ত্যুৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। বৰ্তমান যুৱকজনৰ মৃ*ত্যুৰ ঘটনা আৰু কিশোৰীগৰাকীৰ নিৰুদ্দেশৰ গোচৰ দুয়োটাৰে তদন্ত অব্যাহত আছে।
৮ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন কিশোৰীগৰাকী
প্ৰাপ্ত তথ্য অনুসৰি, বাৰেলীৰ ভূটা থানা অঞ্চলৰ এগৰাকী কিশোৰী যোৱা ৮ ছেপ্টেম্বৰত নিৰুদ্দেশ হৈছিল। কিশোৰীগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে নিৰুদ্দেশ হোৱাৰ পূৰ্বে কিশোৰীগৰাকীয়ে শেষবাৰৰ বাবে সুৰজিত নামৰ যুৱকজনৰ সৈতে ফোনত কথা পাতিছিল। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ফোনৰ কল ডিটেইল পৰীক্ষা কৰি সুৰজিতক সোধা-পোছাৰ বাবে মাতে। ইয়াৰ উপৰি, ঘটনাটোৰ সৈতে জড়িত আন দুজন যুৱককো আৰক্ষীয়ে জেৰা কৰে। কিন্তু বাতৰি লিখা পৰ্যন্ত কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।
আৰক্ষীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ
সুৰজিতৰ পিতৃ গংগা ৰামে অভিযোগ কৰা অনুসৰি, আৰক্ষীয়ে তেওঁৰ পুত্ৰক থানালৈ লৈ গৈ তিনিদিন ধৰি সোধা-পোছা কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া তেওঁক ঘৰলৈ ঘূৰাই অনা হয়। পৰিয়ালৰ অভিযোগ, আৰক্ষীৰ জেৰা আৰু কিশোৰীগৰাকীৰ পিতৃৰ পৰা পোৱা বুলি দাবী কৰা ভাবুকিৰ বাবে সুৰজিত মানসিকভাৱে ভাগি পৰিছিল। এই মানসিক চাপৰ বাবেই তেওঁ চ*ৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।
নিশা কোঠাত উদ্ধাৰ যুৱকৰ মৃ*তদেহ
পৰিয়ালৰ লোকে জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত সুৰজিতে নিজৰ কোঠাত চৰ*ম সিদ্ধান্ত লয়। এই ঘটনাৰ পিছতে পৰিয়ালটোত হুৱাদুৱা লাগে। খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। লগতে ফৰেনছিক দলেও ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰে। আৰক্ষীয়ে সুৰজিতৰ মৃ*তদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে, পাঁচজন ভাতৃৰ ভিতৰত সুৰজিত আছিল তৃতীয়জন। তেওঁ অবিবাহিত আছিল। যুৱকজনৰ আকস্মিক মৃ*ত্যুত পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।
কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধেও অভিযোগ
পুত্ৰৰ মৃ*ত্যুৰ পিছত সুৰজিতৰ পিতৃ গংগা ৰামে আৰক্ষীৰ জেৰা আৰু কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। আনহাতে, কিশোৰীগৰাকীৰ নিৰুদ্দেশৰ ঘটনাটোৰ তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই। আৰক্ষীয়ে তেওঁৰ সন্ধান উলিওৱাৰ লগতে ঘটনাটোৰ সৈতে জড়িত আন তথ্য সংগ্ৰহৰ চেষ্টা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে অস্বীকাৰ কৰিলে নিৰ্যাতনৰ অভিযোগ
এই সন্দৰ্ভত চি অ’ সন্দীপ সিঙে কয় যে ফোনৰ কল ডিটেইলৰ ভিত্তিত সুৰজিতক কেৱল সোধা-পোছাৰ বাবেহে মাতি অনা হৈছিল। তেওঁক তিনিদিন ধৰি থানাত বন্দী কৰি ৰাখি অত্যাচাৰ কৰা বুলি উত্থাপিত অভিযোগ আৰক্ষীয়ে মিছা বুলি দাবী কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে সুৰজিতৰ মৃ*ত্যুৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা হৈছে। বৰ্তমান যুৱকজনৰ মৃ*ত্যুৰ ঘটনা আৰু কিশোৰীগৰাকীৰ নিৰুদ্দেশৰ গোচৰ দুয়োটাৰে তদন্ত চলি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















