বিহাৰৰ পাটনাত প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱক আৰু দুগৰাকী যুৱতীৰ মাজত হোৱা বিবাদে এনে ভয়ংকৰ ৰূপ লয় যে কাজিয়াৰ মাজতে এগৰাকী যুৱতীয়ে আন এগৰাকী মহিলাৰ নাক কামুৰি গুৰুতৰভাৱে আঘাত কৰে। শুকুৰবাৰে গৰ্ডনিবাগ মহিলা আৰক্ষী থানাৰ সন্মুখত সংঘটিত হয় এই ঘটনা।
ঘটনাটোৰ পিছতে আহত মহিলাগৰাকীক প্ৰথমে গৰ্ডনিবাগ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক এইমছলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, মহিলাগৰাকীৰ নাকৰ কটা অংশ পথত পৰি যোৱাত পৰিয়ালৰ লোকে সেই অংশ তুলি লৈ চিকিৎসালয়লৈ নিয়ে।
বিয়াৰ প্ৰতিশ্ৰুতি দি ধন লোৱাৰ অভিযোগ
প্ৰাথমিক তথ্য অনুসৰি, এজন যুৱক আৰু দুগৰাকী যুৱতীৰ মাজত থকা প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই এই বিবাদৰ সূত্ৰপাত হয়। মূল অভিযুক্ত যুৱকজন আৰৱালৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ মাছৌৰহীৰ এখন চৰকাৰী বিদ্যালয়ত কেৰাণী হিচাপে কৰ্মৰত। আহত মহিলাগৰাকীৰ অভিযোগ অনুসৰি, যুৱকজনৰ সৈতে তেওঁৰ প্ৰায় এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। মহিলাগৰাকীয়ে দাবী কৰা মতে, যুৱকজনে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি কেইবাবাৰো তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। আনহাতে, বিভিন্ন প্ৰয়োজনৰ কথা কৈ তেওঁৰ পৰা প্ৰায় দুই লাখ টকাও লৈছিল। কিন্তু পিছলৈ বিয়াৰ কথা উত্থাপন কৰাত যুৱকজনে অস্বীকাৰ কৰিবলৈ ধৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে। এই বিষয়টোক লৈয়ে দুয়োপক্ষৰ মাজত বিবাদৰ সৃষ্টি হয়।
থানাৰ সন্মুখতে ২ যুৱতীৰ মাজত কাজিয়া
জানিব পৰা মতে, শুকুৰবাৰে যুৱকজনে এগৰাকী যুৱতীক লগত লৈ গৰ্ডনিবাগ মহিলা আৰক্ষী থানালৈ আহিছিল। কিছু সময়ৰ পিছতে আন এগৰাকী যুৱতীও নিজৰ ভাতৃৰ সৈতে তাত উপস্থিত হয়। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই তৰ্কই তীব্ৰ ৰূপ লয় আৰু কাজিয়ালৈ পৰিণত হয়। অভিযোগ অনুসৰি, কাজিয়াৰ মাজতে এগৰাকী যুৱতীয়ে আন এগৰাকী যুৱতীৰ নাকত কামুৰি দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়।
ঘটনাটোৰ সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। জানিব পৰা মতে, কাজিয়াৰ মাজতে এগৰাকী যুৱতীয়ে চৰম পন্থাৰ ভাবুকি দি য়াৰপুৰ ৰে’লপথৰ ফালে দৌৰি যায়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে মহিলা আৰক্ষী থানাৰ আৰক্ষীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্ত যুৱতীগৰাকী আৰু আহত মহিলাগৰাকীৰ ভাতৃক সোধা-পোছাৰ বাবে আটক কৰি ৰাখে। আনহাতে, মহিলা আৰক্ষী থানাৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এজন যুৱক আৰু দুগৰাকী মহিলাৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এই ঘটনাত এগৰাকী মহিলাৰ নাকত আঘাত লাগে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















