একক ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা চিকিৎসা সঁজুলি আৰু অস্ত্ৰোপচাৰৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্যসেৱা প্ৰতিষ্ঠানক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে সকীয়াই দিছে যে এনে সঁজুলি পুনৰ ব্যৱহাৰ কৰিলে ৰোগীৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি আহিব পাৰে। বিশেষকৈ ICU বা জটিল ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এই বিপদ অধিক হোৱাৰ আশংকা থাকে।
স্বাস্থ্য সেৱা সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে (DGHS) স্পষ্ট কৰি দিছে যে এবাৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰ কৰিলে ৰোগীৰ দেহত সংক্ৰমণ বিয়পিব পাৰে। ইয়াৰ উপৰি সঁজুলিৰ গুণগত মান আৰু কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লগতে চিকিৎসাৰ সময়ত বিভিন্ন জটিলতাও সৃষ্টি হ’ব পাৰে।
কেন্দ্ৰীয় চৰকাৰৰ মতে, এনে কাৰ্যই ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন, ১৯৪০, চিকিৎসা সঁজুলি নিয়ম, ২০১৭ আৰু ক্লিনিকেল প্ৰতিষ্ঠান আইন, ২০১০ৰ লগতে সংক্ৰমণ নিয়ন্ত্ৰণ আৰু জৈৱ চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত নিয়মসমূহ উলংঘা কৰিব পাৰে।
কোনবোৰ এনে চিকিৎসা সঁজুলি?
ভাৰতৰ বিভিন্ন চিকিৎসালয়ত একক ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা কিছুমান চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ ভিতৰত আছে—
কাৰ্ডিয়াক কেথেটাৰ আৰু গাইডৱায়াৰ: হৃদযন্ত্ৰৰ ৰক্তনলীৰ পৰীক্ষা আৰু এঞ্জিঅ’প্লাষ্টিৰ সময়ত ব্যৱহাৰ কৰা হয়।
ডায়েলাইছিছৰ সঁজুলি: বৃক্কৰ সমস্যাত ভোগা ৰোগীৰ তেজ পৰিষ্কাৰ কৰাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
কিছুমান অস্ত্ৰোপচাৰৰ যন্ত্ৰ: অস্ত্ৰোপচাৰৰ সময়ত ব্যৱহাৰ কৰা কিছুমান এবাৰ ব্যৱহাৰযোগ্য সঁজুলিও পুনৰ ব্যৱহাৰ কৰা হয় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
চিৰিঞ্জ আৰু বেজী: এবাৰ ব্যৱহাৰৰ পিছত পেলাই দিবলগীয়া চিৰিঞ্জ আৰু বেজী পুনৰ ব্যৱহাৰ কৰাটোও এক গুৰুতৰ সমস্যা।
এই সঁজুলিসমূহ পুনৰ ব্যৱহাৰ কৰিলে ৰোগীৰ দেহত সংক্ৰমণ বিয়পাৰ আশংকা বৃদ্ধি পায়। বিশেষকৈ ৰোগীক এই সঁজুলি আগতে ব্যৱহাৰ কৰা হৈছিল নে নাই, সেই বিষয়ে অৱগত নকৰিলে ৰোগীৰ সুৰক্ষাক লৈ অধিক উদ্বেগৰ সৃষ্টি হয়। DGHS-এ লগতে উল্লেখ কৰিছে যে ২০১৬ চনৰ নৱেম্বৰ মাহতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ সৈতে জড়িত চিকিৎসালয়সমূহৰ বাবে এই বিষয়ত কাৰ্যালয়ৰ স্মাৰকপত্ৰ জাৰি কৰা হৈছিল। ইয়াৰ পিছতো একক ব্যৱহাৰৰ চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰৰ বিষয়টোৱে গুৰুত্ব লাভ কৰি আহিছে।
পুনৰ ব্যৱহাৰে কেনেদৰে বিপদ মাতিব পাৰে?
একক ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰ কৰিলে কেইবাটাও বিপদৰ সৃষ্টি হ’ব পাৰে। প্ৰথমতে, সঁজুলিত ৰৈ যোৱা ৰোগ সৃষ্টিকাৰী বীজাণুৰ পৰা এজন ৰোগীৰ দেহৰ পৰা আন এজন ৰোগীৰ দেহলৈ সংক্ৰমণ বিয়পিব পাৰে।
দ্বিতীয়তে, পুনৰ ব্যৱহাৰৰ ফলত সঁজুলিৰ গঠন বা কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ ফলত চিকিৎসাৰ সময়ত সঁজুলিয়ে সঠিকভাৱে কাম নকৰাৰ আশংকা থাকে। বিশেষকৈ হৃদযন্ত্ৰৰ চিকিৎসা, ডায়েলাইছিছ আৰু অস্ত্ৰোপচাৰৰ দৰে জটিল চিকিৎসাৰ ক্ষেত্ৰত এনে ঘটনা ৰোগীৰ বাবে বিপজ্জনক হ’ব পাৰে।
চিকিৎসা সঁজুলি উদ্যোগৰ আদৰণি
কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাক আদৰণি জনাইছে এছ’চিয়েশ্যন অব ইণ্ডিয়ান মেডিকেল ডিভাইচ ইণ্ডাষ্ট্ৰীয়ে (AiMeD)। সংগঠনটোৰ মতে, এবাৰ ব্যৱহাৰৰ বাবে বিশেষভাৱে নিৰ্মাণ আৰু পৰীক্ষা কৰা চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰ কৰিলে ৰোগীৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ সৃষ্টি হ’ব পাৰে। সংগঠনটোৰ ফ’ৰামৰ সমন্বয়ক ৰাজীৱ নাথে কয় যে কোনো চিকিৎসা সঁজুলি যদি নিৰ্মাতাৰ নিৰ্দেশনা উলংঘা কৰি পুনৰ ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াৰ বাবে কোন দায়ী হ’ব, সেয়াও স্পষ্ট কৰা উচিত।
ৰোগীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব
চিকিৎসা সেৱাৰ ক্ষেত্ৰত ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে একক ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা চিকিৎসা সঁজুলি পুনৰ ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশে চিকিৎসালয়সমূহত সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। চৰকাৰৰ এই নিৰ্দেশনা সঠিকভাৱে পালন কৰিবলৈ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। লগতে চিকিৎসা সঁজুলিৰ সঠিক ব্যৱহাৰ, সংক্ৰমণ নিয়ন্ত্ৰণ আৰু জৈৱ চিকিৎসা আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব দিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















