থু পেলাওতে সাৱধান! মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ গঞ্জবাসোডাৰ ৬ নং ৱাৰ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ১১ কেভি হাই টেনচন বিদ্যুৎ পৰিবাহী তাঁৰত ৬০ বছৰীয়া এজন ব্যক্তিৰ কৰুণ মৃত্যু। বিদ্যুৎ ইমানেই বেছি আছিল যে মানুহজনৰ নিমিষতে মৃত্যু হয়। বহুসময় তেওঁৰ শৰীৰটো বেলকনিত বহু সময় ওলমি থাকে। কিন্তু কেনেকৈ কি হৈছিল?
খবৰ অনুসৰি মৃত বৃদ্ধজনে ৬ নং ৱাৰ্ডত নিৰ্মাণৰত এটা ঘৰ ভাড়াত লৈ শ্ৰমিক হিচাপে কাম কৰি আছিল। ঘটনাটোৰ সময়ত তেওঁ ঘৰৰ ওপৰৰ মহলাৰ বেলকনিত গুটখাৰ পিক পেলায়। এই সময়ছোৱাত তেওঁ ঘৰৰ একেবাৰে ওচৰৰ পৰা পাৰ হৈ যোৱা ১১ কেভিৰ হাই টেনচন লাইনৰ সংস্পৰ্শলৈ আহিছিল। বিদ্যুতৰ তীব্ৰ জোকাৰণিৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। বেলকনিত ওলমি থকা তেওঁৰ মৃতদেহটো দেখি চাৰিওফালৰ অঞ্চলত আলোড়নৰ সৃষ্টি হয়, আৰু বৃহৎ সংখ্যক স্থানীয় লোকৰ সমাগম হয়।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে গঞ্জবাসোডা নগৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। যথেষ্ট কষ্টৰ অন্তত আৰক্ষীৰ দলটোৱে মৃতদেহটো বেলকনিৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা নিশ্চিত কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক মনিকা তিৱাৰীয়ে কয় যে, “আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাৰ সকলো দিশৰ পুংখানুপুংখ তদন্ত কৰি আছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















