গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ হোটেল ইনৰ ঘটনাই সকলোকে জোকাৰি গ’ল। হোটেল বিলাস ইন কাণ্ডই কাঢ়ি নিলে পাঁচটাকৈ জীৱন। এতিয়া নিথৰুৱা হৈ পৰিল দেৱৰ্ষি আৰু ৰিণিকাৰ দুই কণমানি সন্তান। যি ঘৰখনত এসময়ত হাঁহি-আনন্দৰ পৰিৱেশে বিৰাজ কৰিছিল, সেই ঘৰখনতে এতিয়া কেৱল কান্দোনৰ ৰোল।
এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি বৰপেটাত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশৰ। হাজাৰ হাজাৰ লোকৰ চকুলো আৰু বুকু ভঙা কান্দোনৰ মাজতে সম্পন্ন হয় একেটা পৰিয়ালৰ চাৰিওগৰাকী লোকৰ শেষকৃত্য।
নিশা ১২.৩০ বজাত একেলগে জ্বলিল চাৰিখন চিতা
বৰপেটাত নিশা এক হৃদয়বিদাৰক পৰিৱেশৰ সৃষ্টি হয়। নিশা প্ৰায় ১২.৩০ বজাত একেলগে জ্বলি উঠে চাৰিখনকৈ চিতা। পঞ্চভূতত বিলীন হয় ভূদেৱ ভৰালী, হেলেনা ভৰালী, দেৱৰ্ষি কাশ্যপ আৰু ৰিণিকা ভৰালীৰ নশ্বৰদেহ।
শেষ বিদায়ৰ সময়ত উপস্থিত প্ৰতিগৰাকী লোকৰ চকু সেমেকি উঠে। নিশাৰ নিস্তব্ধতা ভেদি ভাহি আহে কান্দোনৰ ৰোল। আপোনজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকৰ সমাগম ঘটে বৰপেটালৈ। শোক, ক্ষোভ আৰু হাহাকাৰেৰে ভৰি পৰে সমগ্ৰ পৰিৱেশ।
কোনে কাক দিলে মুখাগ্নি?
এই কৰুণ বিদায়ৰ প্ৰতিটো মুহূৰ্তই উপস্থিত লোকসকলৰ হৃদয়ত গভীৰ শোকৰ সৃষ্টি কৰে। পৰিয়ালৰ সদস্যসকলে বুকুত শিল থৈ আপোনজনৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া হয়। হেলেনা ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে দিলীপ ভৰালীৰ কন্যাই। আনহাতে, ভাতৃ ভূদেৱ ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে তেওঁৰ দুই কন্যাই।
হেলেনাৰ পুত্ৰ দেৱৰ্ষি ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে দিলীপ ভৰালীৰ পুত্ৰই। ইফালে, পুত্ৰ-বোৱাৰী ৰিণিকা কাশ্যপৰ নশ্বৰদেহত মুখাগ্নি কৰে তেওঁৰ ভাতৃয়ে।
পৰিয়ালৰ সদস্যসকলে এনেদৰে নিজৰ আপোনজনক শেষ বিদায় জনোৱাৰ দৃশ্যই উপস্থিত লোকসকলক গভীৰভাৱে শোকাহত কৰে। যিসকলৰ সৈতে জীৱনৰ বহু সুখ-দুখৰ মুহূৰ্ত পাৰ কৰিছিল, তেওঁলোককেই এনেদৰে চিৰবিদায় দিবলগীয়া হোৱাটো পৰিয়ালটোৰ বাবে এক অপূৰণীয় ক্ষতি।
নিথৰুৱা হ’ল দেৱৰ্ষি আৰু ৰিণিকাৰ দুই কণমানি
এই শোকাৱহ ঘটনাৰ আটাইতকৈ মৰ্মান্তিক দিশটো হৈছে দেৱৰ্ষি আৰু ৰিণিকাৰ দুই কণমানি সন্তানৰ ভৱিষ্যৎ। পিতৃ-মাতৃক হেৰুৱাই এতিয়া তেওঁলোকৰ জীৱনলৈ নামি আহিছে গভীৰ অনিশ্চয়তা। যি বয়সত সন্তান দুটাই পিতৃ-মাতৃৰ মৰম, সান্নিধ্য আৰু নিৰাপত্তাৰ মাজত ডাঙৰ হ’ব লাগিছিল, সেই বয়সতে তেওঁলোকৰ জীৱনৰ পৰা হেৰাই গ’ল আটাইতকৈ আপোন দুগৰাকী মানুহ। পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত হোৱা এই দুই কণমানিৰ ভৱিষ্যতৰ কথা ভাবি শোকত ভাগি পৰিছে বহু লোক।
এটা ঘটনাই কেৱল চাৰিটা জীৱনেই কাঢ়ি নিলে এনে নহয়, ইয়াৰ লগতে থানবান কৰি পেলালে এটা পৰিয়ালৰ ভৱিষ্যতো। দুই কণমানিৰ জীৱনত সৃষ্টি হোৱা এই শূন্যতা কেতিয়াও পূৰণ কৰিব নোৱাৰিব।
SITৰ প্ৰতিবেদন নহয়, দোষীৰ কঠোৰ শাস্তি বিচাৰিছে বৰপেটাবাসীয়ে
এই ঘটনাক কেন্দ্ৰ কৰি বৰপেটাত শোকৰ লগতে ক্ষোভৰো সৃষ্টি হৈছে। স্থানীয় লোকসকলৰ মাজত ন্যায়ৰ দাবী অধিক তীব্ৰ হৈ উঠিছে। কেৱল SITৰ প্ৰতিবেদন বা চাৰ্জশ্বীট দাখিল কৰাই নহয়, ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
প্ৰকাশিত বক্তব্য অনুসৰি, একাংশ ক্ষুব্ধ লোকৰ দাবী—তেওঁলোকে কেৱল তদন্তৰ প্ৰতিবেদন বা চাৰ্জশ্বীট নিবিচাৰে, তেওঁলোকে কঠোৰতম শাস্তি বিচাৰে। ক্ষোভ প্ৰকাশ কৰি একাংশ লোকে এনকাউণ্টাৰৰ দাবীও উত্থাপন কৰিছে।
অৱশ্যে, ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটন, দায়ী ব্যক্তিৰ ভূমিকা নিৰ্ধাৰণ আৰু আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাটোৱেই ন্যায় প্ৰতিষ্ঠাৰ গুৰুত্বপূৰ্ণ পথ। তদন্তৰ ফলাফল আৰু প্ৰমাণৰ ভিত্তিত দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীও গুৰুত্বপূৰ্ণ হৈ পৰিছে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















