নিয়তিৰ নিষ্ঠুৰ পৰিহাস! নিমিষতে সকলো সুখ যেন কাঢ়ি নিলে! যি বয়সত পিতৃ-মাতৃৰ মৰমৰ মাজত হাঁহি-ধেমালিৰে ডাঙৰ হ’ব লাগিছিল, সেই বয়সতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল দেৱৰ্ষি আৰু ৰিণিকাৰ দুই কণমানি সন্তান। হোটেল বিলাস ইন কাণ্ডই থানবান কৰি পেলালে এটা পৰিয়াল। এটা কৰুণ ঘটনাই কাঢ়ি নিলে চাৰিটাকৈ জীৱন, ভাঙি পেলালে বহু সপোন।
ঘাতক ঘনকান্ত গগৈৰ নিৰ্দয় গুলীচালনাত পিতৃ-মাতৃ উভয়কে হেৰুৱাই সম্পূৰ্ণভাৱে অনাথ আৰু নিথৰুৱা হৈ পৰিল দুই কনমানি সন্তান। প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল দেৱৰ্ষি-ৰিণিকাৰ কন্যা আৰু তেওঁলোকৰ কনমাণি ল’ৰাটো মাত্ৰ দেৰ বছৰীয়া।
এতিয়া বৰপেটাৰ বাসগৃহত কেৱল শোক আৰু কান্দোনৰ ৰোল। আপোনজনক হেৰুৱাই ভাগি পৰিছে পৰিয়ালৰ সদস্যসকল। চাৰিগৰাকী লোকৰ মৃত্যুৰ পিছত পৰিয়ালটোত সৃষ্টি হোৱা এই অপূৰণীয় শূন্যতাই মৰ্মাহত কৰিছে সকলোকে।
পিতৃ-মাতৃৰ আঁতৰি যোৱাৰ পিছতে দেৱৰ্ষি আৰু ৰিণিকাৰ দুই কণমানি সন্তানৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। পিতৃ-মাতৃৰ মৰম, স্নেহ আৰু নিৰাপত্তাৰ মাজত ডাঙৰ হোৱাৰ সময়তে তেওঁলোকৰ জীৱনৰ পৰা হেৰাই গ’ল আটাইতকৈ আপোন দুগৰাকী মানুহ।
এতিয়াৰ পৰা কোনে দিব তেওঁলোকক সেই পিতৃ-মাতৃৰ দৰে মৰম, কোনে মচি দিব তেওঁলোকৰ চকুৰ পানী, কোনে পূৰণ কৰিব তেওঁলোকৰ সৰু সৰু আবদাৰ… এনে অলেখ প্ৰশ্নই এতিয়া ব্যথিত কৰিছে পৰিয়ালৰ আত্মীয়-স্বজনৰ লগতে ঘটনাটোৰ বিষয়ে জানিব পৰা প্ৰতিগৰাকী লোকক।
শূন্যতা কেতিয়াও পূৰণ হ’বনে? সময়ৰ সৈতে হয়তো তেওঁলোক আগবাঢ়িব, কিন্তু পিতৃ-মাতৃৰ অনুপস্থিতিয়ে সৃষ্টি কৰা অভাৱ তেওঁলোকৰ জীৱনৰ এক গভীৰ বাস্তৱ হৈ থাকিব।
মঙলবাৰে শেষ বিদায়ৰ দৃশ্যই কন্দুৱালে সকলোকে। নিশা ১২ঃ৩০ বজাত হেলেনা ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে দিলীপ ভৰালীৰ কন্যাই। আনহাতে, ভূদেৱ ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে তেওঁৰ দুই কন্যাই। দেৱৰ্ষি ভৰালীৰ নশ্বৰদেহত মুখাগ্নি কৰে দিলীপ ভৰালীৰ পুত্ৰই। ৰিণিকা কাশ্যপৰ নশ্বৰদেহত মুখাগ্নি কৰে তেওঁৰ ভাতৃয়ে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















