দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে দেশত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। উৎসৱৰ বাবে নিজৰ ঘৰলৈ উভতি গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটি পৰিয়ালৰ চাৰিগৰাকী সদস্যই। দুটি সন্তানসহ এহাল দম্পতীৰ কৰুণ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
প্ৰাপ্ত তথ্য অনুসৰি, ছত্তিশগড়ৰ গৰিয়াবন্দ জিলাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। দীপাৱলী উপলক্ষে ৰায়পুৰৰ পৰা নিজ বাসগৃহলৈ বাহনেৰে গৈ আছিল পৰিয়ালটো। সেই সময়তে গৰিয়াবন্দৰ এনিকেট বান্ধৰ সমীপত বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত বাহনখন নৈত পৰি যায়।
এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনত থকা দুটি সন্তানসহ দম্পতীটোৰ মৃত্যু হয়। এক মুহূৰ্তৰ ভিতৰতে শেষ হৈ পৰে এটা সুখী পৰিয়ালৰ জীৱন। দীপাৱলীৰ আনন্দ উদযাপনৰ বাবে ঘৰলৈ উভতি যোৱা পৰিয়ালটোৰ বাবে এই যাত্ৰাই হৈ পৰিল জীৱনৰ শেষ যাত্ৰা।
উৎসৱৰ সময়ত ঘৰলৈ উভতি যোৱাৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই সকলোকে মৰ্মাহত কৰিছে। বিশেষকৈ দুটি কণমানি সন্তানৰ সৈতে এটা পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ একেলগে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।
এই শোকাৱহ দুৰ্ঘটনাই পুনৰ এবাৰ সোঁৱৰাই দিলে যে পথত সামান্য অসাৱধানতাই কিমান ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিব পাৰে। উৎসৱৰ সময়ত যাত্ৰা কৰাৰ ক্ষেত্ৰত চালকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















