জন্মদিনৰ দিনাই সন্দেহজনক পৰিস্থিতিত মৃ*ত্যু হয় এগৰাকী মহিলাৰ। নিজৰেই ঘৰত মহিলাগৰাকীৰ মৃ*তদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ মাঞ্জাৰী থানাৰ অন্তৰ্গত চিৰুবাছা মৰাংছাই গাঁৱত।
জানিব পৰা মতে, জন্মদিনৰ দিনাই স্কুটাৰৰ চাবিক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল। তাৰ পিছতে সংঘটিত হয় এই কৰুণ ঘটনা। মহিলাগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। প্ৰাপ্ত তথ্য অনুসৰি, চিৰুবাছা মৰাংছাই গাঁৱৰ বাসিন্দা ছেলাই পুৰ্তীৰ পত্নীয়ে ৯ নৱেম্বৰত নিজৰ জন্মদিন পালন কৰিছিল। জন্মদিন উপলক্ষে পৰিয়ালৰ আন সদস্যসকলো ঘৰত উপস্থিত আছিল। পৰিয়ালটোৱে জন্মদিন উদযাপনৰ বাবে এখন মেলালৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
কিন্তু এই আনন্দৰ মাজতে স্কুটাৰৰ চাবিক লৈ স্বামী-স্ত্ৰীৰ মাজত বিবাদৰ সৃষ্টি হয়। জানিব পৰা মতে, দীপিকাই স্বামীক স্কুটাৰৰ চাবি দিবলৈ অস্বীকাৰ কৰাত ছেলাই পুৰ্তী খঙত ঘৰৰ পৰা ওলাই যায়। কিছু সময়ৰ পিছত তেওঁ ঘৰলৈ উভতি আহি এটা কোঠাৰ ভিতৰত দীপিকাক ফান্দত ওলমি থকা অৱস্থাত দেখা পায়। এই ঘটনাৰ পিছতে পৰিয়ালটোৰ মাজত শোক আৰু উত্তেজনাৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃ*তদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চাইবাছাৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকসকলকো সোধা-পোছা কৰা হৈছে। ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মহিলাগৰাকীৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। অৱশ্যে, বৰ্তমানলৈকে মৃ*ত্যুৰ কাৰণ নিশ্চিত হোৱা নাই।
জন্মদিনৰ দৰে আনন্দৰ দিনটোতে এনে কৰুণ ঘটনা সংঘটিত হোৱাত গাঁওখনৰ বাসিন্দাসকলো স্তম্ভিত হৈ পৰিছে। পৰিয়ালটোৰ ওপৰত নামি অহা এই শোকৰ ছাঁই সমগ্ৰ অঞ্চলটোকে মৰ্মাহত কৰিছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ পিছতহে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















