পুনৰ সংঘটিত হৈছে আন এক শোকাৱহ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনিজন বন্ধুৱে। আটাইকেইজনৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফতেহপুৰত।
জানিব পৰা মতে, পুৱা একেলগে ৩ বন্ধুৱে ঘৰৰ পৰা ওলাই গৈছিল জিমলৈ। সদৰ কোতৱালি অঞ্চলৰ নৌবাঘৰ প্ৰয়াগৰাজ পথত থকা এটা পেট্ৰ’ল পাম্পৰ সমীপেৰে তেওঁলোকে খোজকাঢ়ি গৈ থকা সময়তে এখন দ্ৰুতবেগী ট্ৰাকে তেওঁলোকক মহতিয়াই নিয়ে। ট্ৰাকখনৰ খুন্দা ইমানেই প্ৰচণ্ড আছিল যে যুৱক তিনিজনে ঘটনাস্থলীতে মৃত্যুক সাবটি লয়।
এই দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক তিনিজন হৈছে স্পৰ্শ গৌতম (১৯), অনুজ পাল (১৯) আৰু বিশ্বেশ পেটেল। স্পৰ্শ গৌতম চিত্ৰং নগৰৰ, অনুজ পাল বিষ্ণুপুৰী কলনীৰ আৰু বিশ্বেশ পেটেল তাম্বেশ্বৰ মন্দিৰৰ সমীপৰ বাসিন্দা আছিল। তিনিওজনৰ মাজত আছিল গভীৰ বন্ধুত্ব। সদায়ৰ দৰে একেলগে জিমলৈ ওলাই যোৱা তিনিজন বন্ধুৰ এনেদৰে একেলগে মৃত্যু হোৱা ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ চহৰখনকে শোকস্তব্ধ কৰি তুলিছে।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে ট্ৰাকখনৰ চালকজনে বাহনখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱক তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে, পলাতক ট্ৰাকখন আৰু চালকজনক চিনাক্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ঘটনাস্থলীৰ লগতে ওচৰ-পাজৰৰ বিভিন্ন স্থানত থকা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে।
পুৱা সুস্থ-সবল অৱস্থাত ঘৰৰ পৰা ওলাই যোৱা তিনিজন যুৱকৰ মৃত্যুৰ খবৰে তেওঁলোকৰ পৰিয়াললৈ কঢ়িয়াই আনিছে গভীৰ শোক। তিনিটা পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















