চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ চিকিৎসকে। মাতৃগৰ্ভত থকা ২৫ সপ্তাহৰ এটি ভ্ৰুণৰ মেৰুদণ্ডৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি বিশেষ সাফল্য অৰ্জন কৰিছে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ (AIIMS)ৰ চিকিৎসকৰ এটা দলে। প্ৰায় ৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰ ভাৰতত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হৈছে।
এই অস্ত্ৰোপচাৰৰ আটাইতকৈ বিশেষ কথাটো হ’ল, শিশুটিৰ জন্ম হোৱাৰ পাছত নহয়, বৰঞ্চ মাতৃৰ গৰ্ভত থকা অৱস্থাতে চিকিৎসকে মেৰুদণ্ডৰ জন্মগত বিসংগতিটো ঠিক কৰিবলৈ সক্ষম হৈছে।
কি হৈছিল ভ্ৰুণটোৰ?
চিকিৎসকৰ মতে, মাতৃগৰ্ভত থকা ২৫ সপ্তাহৰ ভ্ৰুণটোৰ মেৰুদণ্ডত এটা ফুটা বা জন্মগত বিসংগতি ধৰা পৰিছিল। চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগবিধক ‘মাইল’মেনিংগ’চিল’ (Myelomeningocele) বুলি কোৱা হয়। ই স্পাইনা বিফিডা (Spina Bifida) নামৰ জন্মগত ৰোগৰ আটাইতকৈ গুৰুতৰ ৰূপ।
এই ৰোগত শিশুটিৰ মেৰুদণ্ড আৰু ইয়াক সুৰক্ষা প্ৰদান কৰা আৱৰণ সম্পূৰ্ণৰূপে বিকশিত নহয়। ফলত মেৰুদণ্ডৰ এটা অংশ পিঠিৰ ফালে থকা ফুটাৰে বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত স্নায়ুতন্ত্ৰৰ ক্ষতি হোৱাৰ লগতে শিশুটিৰ ভৱিষ্যতে খোজকঢ়াত অসুবিধা, শৰীৰৰ কিছুমান অংশ পক্ষাঘাতগ্ৰস্ত হোৱা আৰু মগজুত পানী জমা হোৱাৰ দৰে গুৰুতৰ সমস্যাই দেখা দিব পাৰে।
৫ সপ্তাহৰ প্ৰস্তুতিৰ অন্তত ৬ ঘণ্টীয়া অস্ত্ৰোপচাৰ
এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ চিকিৎসকৰ দলটোৱে পাঁচ সপ্তাহতকৈও অধিক সময় ধৰি প্ৰস্তুতি চলাইছিল। ভ্ৰুণটোৰ অৱস্থা পৰীক্ষা, বিভিন্ন ধৰণৰ ইমেজিং, অভিভাৱকৰ সৈতে আলোচনা আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত ১২ নৱেম্বৰত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। AIIMS দিল্লীৰ নিউৰ’ছাৰ্জাৰী বিশেষজ্ঞ ডাঃ দীপক গুপ্তাৰ নেতৃত্বত অস্ত্ৰোপচাৰটো সম্পন্ন কৰা হয়। মাতৃ আৰু ভ্ৰুণৰ চিকিৎসাৰ দায়িত্বত আছিল ডাঃ নীনা মালহোত্ৰা আৰু ডাঃ কে. অপৰ্ণা শৰ্মা।
এই জটিল প্ৰক্ৰিয়াত ৩০জনতকৈও অধিক চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াত নিউৰ’ছাৰ্জাৰী, স্ত্ৰীৰোগ, এনাস্থেছিয়া, প্লাষ্টিক ছাৰ্জাৰী, ৰেডিঅ’লজি আৰু নৱজাতকৰ চিকিৎসা বিভাগৰ বিশেষজ্ঞসকল জড়িত আছিল। অত্যাধুনিক মাইক্ৰ’স্কোপ আৰু আল্ট্ৰাছাউণ্ডৰ সহায়ত চিকিৎসকে ভ্ৰুণটোৰ মেৰুদণ্ডৰ ক্ষতিগ্ৰস্ত অংশটো মেৰামতি কৰে। অস্ত্ৰোপচাৰৰ পাছত মাতৃৰ গৰ্ভ পুনৰ বন্ধ কৰি পৰৱৰ্তী সময়ত মাতৃ আৰু ভ্ৰুণ দুয়োকে নিৰীক্ষণত ৰখা হৈছে।
কিয় ইমান গুৰুত্বপূৰ্ণ এই অস্ত্ৰোপচাৰ?
সাধাৰণতে এনে ধৰণৰ মেৰুদণ্ডৰ বিসংগতি শিশুটিৰ জন্মৰ পাছত অস্ত্ৰোপচাৰৰ জৰিয়তে ঠিক কৰা হয়। কিন্তু জন্মৰ আগতেই অস্ত্ৰোপচাৰ কৰাৰ ফলত গৰ্ভত থকা অৱস্থাতে মেৰুদণ্ডৰ স্নায়ুতন্ত্ৰৰ অধিক ক্ষতি ৰোধ কৰাৰ সম্ভাৱনা থাকে। বিশেষজ্ঞসকলৰ মতে, উপযুক্ত ৰোগীৰ ক্ষেত্ৰত এনে অস্ত্ৰোপচাৰে ভৱিষ্যতে মগজুত পানী জমা হোৱাৰ সমস্যা হ্ৰাস কৰাৰ লগতে শিশুটিৰ চলন-ফুৰণৰ ক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ নিৰাময় নহয় আৰু শিশুটিক জন্মৰ পাছতো দীৰ্ঘদিন চিকিৎসা আৰু নিৰীক্ষণৰ প্ৰয়োজন হ’ব পাৰে।
আনহাতে, এই অস্ত্ৰোপচাৰ সকলো গৰ্ভৱতী মহিলাৰ বাবে উপযোগী নহয়। মাতৃ আৰু ভ্ৰুণৰ স্বাস্থ্যৰ বিভিন্ন দিশ পৰীক্ষা কৰাৰ পাছত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অকালতে প্ৰসৱ হোৱা আৰু অস্ত্ৰোপচাৰৰ পাছত জটিলতা সৃষ্টি হোৱাৰ আশংকাও থাকে।
বিনামূলীয়াকৈ সম্পন্ন কৰা হ’ল অস্ত্ৰোপচাৰ
আন এটা উল্লেখযোগ্য দিশ হ’ল, এই জটিল অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালটোক কোনো ধৰণৰ ধন ব্যয় কৰিবলগীয়া হোৱা নাই। ভাৰত চৰকাৰৰ ‘জননী শিশু সুৰক্ষা কাৰ্যক্ৰম’ (JSSK) আঁচনিৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ এই চিকিৎসা প্ৰদান কৰা হৈছে।
এই সফলতাই ভাৰতৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। বিশেষকৈ জন্মৰ আগতেই শিশুৰ কিছুমান গুৰুতৰ বিসংগতিৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত দেশৰ চিকিৎসা ব্যৱস্থাই যে এক নতুন দিশে আগবাঢ়িছে, এই ঘটনাই তাৰেই প্ৰমাণ দাঙি ধৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















