অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ গাড়ী আছিল এখন বিলাসী ৰেঞ্জ ৰ’ভাৰ। বহু আকাংক্ষাৰে ক্ৰয় কৰা এই গাড়ীখনৰ মূল্য আছিল প্ৰায় ৯৪ লাখ টকা। কিন্তু গাড়ীখন ক্ৰয় কৰাৰ পিছত ঋণৰ কিস্তি আৰু আন আন ব্যয়ৰ এক বৃহৎ আৰ্থিক বোজাও জড়িত হৈ পৰিছিল। গাড়ীখন ক্ৰয় কৰাৰ সময়ত লোৱা ঋণ, পৰিশোধ কৰা কিস্তি আৰু অৱশেষত ঋণ বন্ধ কৰাৰ তথ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখিত তথ্য অনুসৰি, জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰখনৰ মূল মূল্য আছিল ৯৪,৪০,০০০ টকা। বাহনখনৰ পঞ্জীয়ন বাবদ ব্যয় হৈছিল অতিৰিক্ত ৮,৮৫,৪৬৯ টকা। অৰ্থাৎ গাড়ীখনৰ মূল্য আৰু পঞ্জীয়ন ব্যয় মিলাই মুঠ ব্যয়ৰ পৰিমাণ আছিল ১,০৩,২৫,৪৬৯ টকা।
গাড়ীখন ক্ৰয় কৰাৰ সময়ত ৩৪,৪০,০০০ টকা ডাউন পেমেণ্ট হিচাপে আগবঢ়োৱা হৈছিল। বাকী ৬০ লাখ টকা ঋণ হিচাপে লোৱা হৈছিল। এই ঋণ ৬০টা কিস্তিত, অৰ্থাৎ পাঁচ বছৰৰ ভিতৰত পৰিশোধ কৰাৰ চুক্তি হৈছিল। প্ৰতিটো কিস্তিত ১,২৪,৫৮৯ টকাকৈ পৰিশোধ কৰিবলগীয়া হৈছিল।
ইতিমধ্যে ২৪টা কিস্তি পৰিশোধ কৰাৰ পিছত ঋণৰ বাবদ মুঠ ২৯,৯০,১৩৬ টকা জমা দিয়া হৈছিল। কিন্তু ৩৬টা কিস্তি বাকী থকাৰ সময়ত সুতসহ ঋণৰ বাকী পৰিমাণ আছিল ৪৪,৮৫,২০৪ টকা। অৰ্থাৎ দুই বছৰত প্ৰায় ৩০ লাখ টকা পৰিশোধ কৰাৰ পিছতো ঋণৰ বৃহৎ পৰিমাণৰ ধন বাকী ৰৈ গৈছিল।
উল্লেখ্য যে, ২০২৬ চনৰ অক্টোবৰ মাহত ঋণৰ বাকী থকা ধন সম্পূৰ্ণৰূপে পৰিশোধ কৰি ঋণটো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















