পেকেজিং ড্ৰিংকিং ৱাটাৰৰ ব্ৰেণ্ড বিছলেৰীলৈ FSSAI ৰ জাননী জাৰি কৰাৰ সন্দৰ্ভত কোম্পানীটোৱে স্পষ্টীকৰণ জাৰি কৰিছে। Bisleri এ কয় যে, যিটো নমুনাৰ পৰীক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, সেই ঘটনা আৰু নমুনা সংগ্ৰহ প্ৰায় ১৪ মাহ আগৰ। কোম্পানীটোৱে দাবী কৰে যে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (এফ এছ এছ এ আই)ৰ পৰা এতিয়াও কোনো জাননী পোৱা নাই। Bisleri ৰ পানী খোৱাৰ বাবে সম্পূৰ্ণ উপযুক্ত বুলি তেওঁলোকে প্ৰকাশ কৰে।
কোম্পানীটোৰ মতে, এই বিষয়টো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বিছলেৰীৰ গোৱা উৎপাদন কাৰখানাত উৎপাদিত এটা বেচৰ সৈতে জড়িত। এই উদ্যোগটো কোম্পানীটোৰ নেটৱৰ্কত থকা ১৪৩টা উদ্যোগৰ ভিতৰত অন্যতম। ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত এফ এছ এছ এ আইয়ে গোৱা প্লাণ্টৰ পৰা ছটা পানীৰ নমুনা সংগ্ৰহ কৰে। প্ৰাৰম্ভিক পৰীক্ষাত দেখা গ’ল যে পাঁচটা নমুনাই সকলো নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰে। কিন্তু ষষ্ঠ নমুনাত ব্ৰমেটৰ মাত্ৰা প্ৰতি লিটাৰত ১২ মাইক্ৰ’গ্ৰাম দেখা গৈছিল, যিটো নিৰ্ধাৰিত সীমা প্ৰতি লিটাৰত ১০ মাইক্ৰ’গ্ৰামৰ তুলনাত।
পুনৰ নমুনাৰ ফলাফল সলনি
কোম্পানীটোৱে জনোৱা মতে, প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ পিছত ২০২৫ চনৰ ২২ নৱেম্বৰত আবেদন জনায়, তাৰ পিছত এফ এছ এছ এ আইয়ে নমুনাটো পুনৰ পৰীক্ষাৰ বাবে ৰেফাৰেল লেবলৈ প্ৰেৰণ কৰে। কোম্পানীটোৰ মতে, ৰেফাৰেল লেবৰ পৰীক্ষাত নমুনাটোত ব্ৰ’মেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা দেখা গৈছে। কিন্তু একেটা পৰীক্ষাই পলিনিউক্লিয়াৰ এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAH)ৰ উপস্থিতিৰ ওপৰত সুকীয়া প্ৰশ্ন উত্থাপন কৰিছিল।
দুয়োটা পৰীক্ষাৰ ফলাফলৰ অমিলৰ বাবে কোম্পানীয়ে স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল। তাৰ পিছত বিছলেৰীয়ে একেটা নমুনাকে আন এটা এফ এছ এছ এ আই স্বীকৃতিপ্ৰাপ্ত লেবত স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাইছিল। এই পৰীক্ষাত ব্ৰমেটৰ মাত্ৰাও নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা দেখা গৈছিল।
কোম্পানীটোৱে জনোৱা মতে, ২০২৬ চনৰ ২ ফেব্ৰুৱাৰীত আনুষ্ঠানিক পত্ৰৰ সৈতে স্বতন্ত্ৰ লেবৰ পৰীক্ষা প্ৰতিবেদন এফ এছ এছ এ আইৰ পশ্চিম আঞ্চলিক কাৰ্যালয়ত দাখিল কৰা হৈছিল।তাৰ পিছত কোম্পানীটোৱে এফ এছ এছ এ আইৰ পৰা আৰু কোনো তথ্য লাভ কৰা নাই। সেয়েহে কোম্পানীয়ে বিষয়টো বন্ধ বুলি গণ্য কৰে।
বিছলেৰীয়ে লগতে কয় যে এতিয়ালৈকে ইমেইল বা হাৰ্ড কপিৰ জৰিয়তে কোনো জাননী পোৱা নাই আৰু অভিযোগ কৰা জাননীখন এফ এছ এছ এ আইৰ ৱেবছাইটতো উপলব্ধ নহয়।
কোম্পানীটোৱে কয় যে খোৱাপানীৰ সুৰক্ষা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ। উৎপাদন প্ৰক্ৰিয়াৰ ১০টা পৰ্যায়ত ৯০টাতকৈও অধিক গুণগত মান পৰীক্ষা কৰা হয়। বিছলেৰীয়ে লগতে কয় যে উপযুক্ত নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ অধীনত এই বিষয়ত এফ এছ এছ এ আইৰ সৈতে সম্পূৰ্ণ সহযোগিতা অব্যাহত ৰাখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















