অসম লাইভ ২৪ঃ ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী উচ্চ ন্যায়ালয়ৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা গাড়ীত অকলে থাকিলেও পৰিধান কৰিব লাগিব মাস্ক। বুধবাৰে এই নিৰ্দেশনা প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। গাড়ীক ৰাজহুৱা স্থানৰ সৈতে তুলনা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। গতিকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক অন্যথা নিৰ্দেশনা অমান্য কৰিলে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা। মহামাৰীৰ সময়ছোৱাত মাস্কক ‘সুৰক্ষা কৱচ’ হিচাপে অভিহিত কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ৰাজধানী দিল্লীত প্ৰতিদিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। ৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ দিল্লীত জাৰি কৰা হৈছে সান্ধ্য আইন। দিল্লীত বৰ্তমানলৈকে নতুন কোভিড আক্ৰান্তৰ সংখ্যা ৫,১০০গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ