প্ৰেমৰ কোনো নিৰ্দিষ্ট বয়স, সীমা বা নিয়ম নাই—এই কথাটো পুনৰবাৰ প্ৰমাণ কৰিছে নৱবিৱাহিত এক দম্পতীয়ে। সম্প্ৰতি বিশ্বজুৰি চৰ্চা লাভ কৰা এই মাৰ্কিন দম্পতীটোৰ প্ৰেমিকাগৰাকীৰ বয়স ৭২ বছৰ আনহাতে প্ৰেমিকৰ বয়স হৈছে মাত্ৰ ২২ বছৰ। দুয়োৰে বয়সৰ ব্যৱধান ৫০ বছৰ।
কেনেকৈ হৈছিল প্ৰথম সাক্ষাৎ?
এই প্ৰেম কাহিনীৰ প্ৰেমিকজন ডমিনিকান ৰিপাব্লিকৰ ২২ বছৰীয়া ডেনিয়েল ৰামিৰেজ আৰু প্ৰেমিকা আমেৰিকাৰ ৭২ বছৰীয়া এলিনৰ হেজ। তথ্য অনুসৰি, ডেনিয়েলে তেওঁলোকৰ পৰিয়ালৰ এটা সৰু কেফেত পৰিচালনা কৰিছিল। আনহাতে এলিনৰ হেজ ফ্ল’ৰিডাৰ এগৰাকী ধনী ৰিয়েল এষ্টেট বিনিয়োগকাৰী আছিল, যিয়ে অৱসৰ বিনোদনৰ বাবে ডমিনিকান ৰিপাব্লিকৰ পুণ্টা কানা ভ্ৰমণলৈ গৈছিল। সেই ভ্ৰমণৰ সময়তেই কেফেত দুয়োৰে প্ৰথম সাক্ষাৎ ঘটে। আৰম্ভণিতে ই এটা সাধাৰণ সাক্ষাৎ আছিল, কিন্তু সময়ৰ লগে লগে কথোপকথন, বুজাবুজি আৰু সান্নিধ্যই তেওঁলোকক ওচৰলৈ আনি দিলে। কিছু মাহৰ ভিতৰতে এই সম্পৰ্ক প্ৰেমলৈ পৰিণত হয় বুলি দুয়োজনে দাবী কৰে।
প্ৰেমৰ ৰূপান্তৰ আৰু বিবাহ
প্ৰায় দুই বছৰৰ সম্পৰ্কৰ পিছত, যোৱা মাহত মিয়ামিত এটা সৰু অনুষ্ঠানৰ মাজেৰে তেওঁলোকে বিবাহ সম্পন্ন কৰে। এই বিয়া খুব আড়ম্বৰপূৰ্ণ নাছিল, কিন্তু ই সামাজিক মাধ্যমত বিশাল আলোড়ন সৃষ্টি কৰিলে। ছবিসমূহ আৰু কাহিনী অনলাইনত ভাইৰেল হোৱাৰ লগে লগে বহুতে এই সম্পৰ্কক লৈ নিজৰ মত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।
‘বয়স কেৱল এটা সংখ্যা’
ডেনিয়েলে সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি কয়, ‘মোৰ বাবে হেজ কেৱল জীৱনৰ সংগী নহয়, তেওঁ মোৰ জীৱন। আমি ইজনে সিজনক সঁচাকৈ ভাল পাওঁ। বয়স কেৱল এটা সংখ্যা। তেওঁ মোক বুজে আৰু মই তেওঁক পুনৰ জীৱনটো খুলি জীয়াবলৈ সহায় কৰিছোঁ।’ আনহাতে এলিনৰ হেজে কৈছে যে স্বামীৰ মৃত্যুৰ পিছত তেওঁ একাকীত্বৰ মাজত আছিল। ডেনিয়েলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছত তেওঁ পুনৰ জীৱনৰ আনন্দ অনুভৱ কৰিবলৈ আৰম্ভ কৰে বুলি তেওঁ মন্তব্য কৰিছে। তেওঁৰ মতে, এই সম্পৰ্কত বয়সৰ নহয়, হৃদয়ৰ সংযোগেই গুৰুত্বপূর্ণ।
পৰিয়াল আৰু সামাজিক প্ৰতিক্ৰিয়া
এই বিবাহে কেৱল সামাজিক মাধ্যমতেই নহয়, দুয়ো পক্ষৰ পৰিয়ালতো মিশ্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিশেষকৈ এলিনৰৰ সন্তানসকল এই সম্পৰ্কক লৈ সম্পূৰ্ণ নিশ্চিত নহয় বুলি জনা গৈছে। তেওঁলোকৰ মনত সন্দেহ এইটোৱেই যে—এই সম্পৰ্ক সত্য প্ৰেমৰ নে আন কিবা?ইয়াৰ বিপৰীতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজতো মতভেদ দেখা গৈছে। কিছুমানে এই সম্পৰ্কক ‘সঁচা প্ৰেমৰ উদাহৰণ’ বুলি মন্তব্য কৰাৰ বিপৰীতে আন কিছুমানে ইয়াক সমালোচনাও কৰিছে। তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















