ৰোজভেলি কাণ্ডক লৈ ডাঙৰ সিদ্ধান্ত লৈছে এইবাৰ ওড়িশাৰ এখন বিশেষ আদালতে৷ ৰোজভেলিত বিনিয়োগ কৰি ধন হেৰুওৱা সকলক আদালতে দিছে বিশেষ স্বস্তি৷ টাইমছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে সেই আদালতে বজাৰৰ পৰা তোলা ৰোজভেলিৰ ধন আৰু পৰবৰ্তীকালত বাজেয়াপ্ত হোৱা টকাৰ মাজত ৩৩২.৭ কোটি টকা ৰিলিজ কৰাৰ অনুমতি দিছে৷ ইমাম দিনে এই বিপুল পৰিমাণৰ অৰ্থ বিভিন্ন বেংক একাউণ্টত ফিক্সড ডিপজিট হিচাপে জমা হৈ আছিল৷
আদালৰ সূত্ৰই জনোৱা অনুসৰি যিসকলে ৰোজভেলিত ধন জমা ৰাখিছিল বা বিনিয়োগ কৰিছিল কিন্তু পৰবৰ্তী কালত আৰু নিজৰ সেই ধন উভতাই নাপালে৷ সেই সকল ব্যক্তিকেই এই ৩৩২.৭ কোটি টকা উভতাই দিয়া হব৷ উল্লেখ্য যে ৰোজভেলি কাণ্ডৰ তদন্ত আৰম্ভ কৰাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত বিপুল পৰিমাণৰ অৰ্থ আৰু সম্পত্তি বাজেয়াপ্ত কৰিছে কেন্দ্ৰীয় অৰ্থনৈতিক তদন্তকাৰী সংস্থা এনফোৰ্ছমেণ্ট ডাইৰেক্টৰ বা চমুকৈ ই ডিয়ে৷ এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰি জনাইছে যে বৰ্তমান ক্ৰোক কৰা সম্পদৰ বজাৰ দৰ প্ৰায় ৪৫০ কোটি টকা৷
ইডিৰ বাজেয়াপ্ত কৰা সম্পদৰ মাজত বহু স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আছে৷ যিসকলে ৰোজভেলিত বিনিয়োগ কৰি ধন হেৰুৱাইছিল তেওঁলোকক সেই অৰ্থ উভতাই দিয়া হব তাৰ বাবে আদালতৰ ওচৰত অস্থাৱৰ সম্পত্তিসমূহ ৰিলিজ কৰাৰ আবেদন জনাইছে সংশ্লিষ্ট এছেট ডিছপোজেল কমিটিয়ে৷ বৃহস্পতিবাৰে সেই আবেদন মানি লৈছে আদালতে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দিলীপ কুমাৰ শেঠৰ তত্ত্বাবধান আৰু নজৰদাৰীত এডিচি গঠন কৰা হৈছিল৷ সেই কমিটিয়ে ইতিমধ্যেই মুঠ ৫ দফাত ৩২, ৩১৯ জন বিনিয়োগকাৰীক ২১ কোটি টকাতকৈ বেছি অৰ্থ উভতাই দিছে৷
বৰ্তমান পৰ্যন্ত ইডিৰ তদন্ত আৰু অনুসন্ধান যিমানেই আগুৱাই গৈছে সেই অনুসৰি তেওঁলোকৰ অনুমান যে ৰোজভেলিত ধন থৈ বিপদত পৰা ৩১ লখ বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন বিচাৰি আবেদন কৰিছে৷ এই প্ৰেক্ষাপটতেই বৃহস্পতিবাৰে ভুৱনেশ্বৰৰ আদালতে যি নিৰ্দেশ দিছে তাতো আৰু অসংখ্য বিনিয়োগকাৰীৰ বকেয়া অৰ্থ সম্ভৱ হলে উভতাই দিয়া হব বুলি আশা কৰিছে সংশ্লিষ্ট মহলে৷ ইয়াৰ ফলত টকা হেৰুওৱা বিনিয়োগকাৰীও উপকৃত হব৷
ৰোজভেলিত যিসকলে ধন জমা ৰাখিছিল তেওঁলোকৰ এক বৃহৎ অংশই দুখীয়া আৰু নিম্ন মধ্যবিত্ত৷ অতিৰিক্ত সুদৰ আশাত তেওঁলোকে ৰোজভেলিত বিনিয়োগ কৰিছিল৷ কিন্তু দুৰ্নীতি সন্মুখলৈ অহাৰ পাছতেই আৰু কেন্দ্ৰীয় সংস্থাৰ তদন্ত আৰম্ভ হোৱাৰ পাছতেই তেওঁলোকে বিনিয়োগ কৰা অৰ্থ বাজেয়াপ্ত হৈ পৰে৷ আদালতৰ নিৰ্দেশত এতিয়া সেই ধন উভতাই পাব বুলি আশা কৰিছে বহুসংখ্যক বিনিয়োগকাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ