• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

3 weeks ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

‘জুবিন স্মৃতি অম্লান’ কি? ‘জুবিন ক্ষেত্ৰ’ৰ পৰা সৰু বৰ A to Z খবৰ

editor by editor
September 17, 2026
in অসম, চিনেমা, বিনোদন, সংগীত
0
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা তিনিদিনীয়াকৈ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত আৰম্ভ হৈছে ‘জুবিন দিৱস’। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো পূণ্যতিথি উপলক্ষে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। লাখ লাখ অনুৰাগী সমবেত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে ইতিমধ্যে জুবিন ক্ষেত্ৰক ন-ৰূপত সজাই-পৰাই সম্পূৰ্ণ কৰা হৈছে। ফুল আৰু নতুন গামোচাৰে সজাই তোলা হৈছে জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী। অনুৰাগীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰাও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথম দিনা পুৱাৰ ভাগত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী। হিন্দু, মুছলিম, শিখকে ধৰি বিভিন্ন ধৰ্মৰ লোকে একেলগে এই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত আবেলিলৈ নাম-প্ৰসংগ অনুষ্ঠিত হ’ব। কাইলৈ সাংস্কৃতিক কাৰ্যসূচী আৰু অন্তিম দিনা ভাগৱত পাঠৰ লগতে ভাওনা অনুষ্ঠিত হ’ব।

সৰ্বধৰ্মৰ মিলনস্থলী জুবিন ক্ষেত্ৰ

জুবিন গাৰ্গে যি সাম্য, সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তা নিজৰ সৃষ্টিৰ মাজেৰে দি গৈছিল, সেই ছবিখনেই যেন আজি প্ৰতিফলিত হৈছে জুবিন ক্ষেত্ৰত। জিকিৰ-জাৰী, কোৰাণ পাঠ, নাম-প্ৰসংগ আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জিকিৰ পৰিৱেশন আৰু কোৰাণ পাঠ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। একেদৰে বিভিন্ন ধৰ্মৰ লোক একেলগে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰিছে।

অনুৰাগীৰ শিল্পৰে অনবদ্য মৰম

জুবিন দাৰ প্ৰতি থকা অনুৰাগ আৰু সন্মানৰ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে তিনিচুকীয়াৰ জাগুনৰ যুৱ শিল্পী বিকাশ শৰ্মাই। পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি তেওঁ জুবিন গাৰ্গৰ এখন সুবিশাল ছবি প্ৰস্তুত কৰি জুবিন ক্ষেত্ৰলৈ আনে। ক’লা-বগা আৰ্হিৰে প্ৰস্তুত কৰা এই বিশাল ছবিখনে জুবিন ক্ষেত্ৰত উপস্থিত অনুৰাগীসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে।

জুবিন ক্ষেত্ৰত আন এক বিশেষ আকৰ্ষণ হিচাপে জিলিকি উঠিছে ৪৫০ ফুট দীঘল এখন গামোচা। ‘জুবিন স্মৃতি অম্লান’ নামেৰে এই গামোচাখন ZG আৰ্টিষ্ট ক্লাবৰ উদ্যোগত ৫০গৰাকী শিক্ষাৰ্থীয়ে বৈ উলিয়াইছে। জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰ সৈতে জড়িত বিভিন্ন স্মৃতি গামোচাখনত প্ৰতিফলিত কৰা হৈছে। সেয়েহে এই গামোচাখন কেৱল এখন বস্ত্ৰ নহয়, বৰং প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ এক বিশেষ প্ৰয়াস হিচাপে পৰিগণিত হৈছে।

ZG তিলক লৈ জুবিন ক্ষেত্ৰত গৰিমা বৌ

আজি পুৱাই কপালত চন্দনৰ ZG তিলক লৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সৃষ্টিৰাজীক উদযাপন, চৰ্চা বা পৰিৱেশন কৰিবলৈ বিচৰা সকলোকে জুবিন ক্ষেত্ৰলৈ আহিবলৈ আহ্বান জনায় তেওঁ।

অৱশ্যে, সকলো অনুষ্ঠান শান্তি-শৃংখলা বজাই অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনায় গৰিমাই। জুবিন দাৰ সৈতে সকলো সময়তে কথা পাতে বুলি আবেগিকভাৱে উল্লেখ কৰি গৰিমাই কয় যে প্ৰতিটো মুহূৰ্ততে তেওঁ জুবিনৰ পৰা পৰামৰ্শ লৈ থাকে। কিন্তু জুবিন ক্ষেত্ৰলৈ গ’লে অনুভৱটো কিছু বেলেগ হয় বুলিও তেওঁ মন্তব্য কৰে।

গুৱাহাটীত চেলিম মাৰ্চেণ্ট

ইফালে, জুবিন দিৱস উপলক্ষে আজি গুৱাহাটীত উপস্থিত হয় বলীউডৰ প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। জুবিন গাৰ্গ জীৱিত অৱস্থাত তেওঁক বহুবাৰ অসমলৈ নিমন্ত্ৰণ কৰা বুলি উল্লেখ কৰি আবেগিক হৈ পৰে শিল্পীগৰাকী। জুবিন গাৰ্গৰ সৈতে থকা সম্পৰ্ক আৰু তেওঁৰ স্মৃতি সুঁৱৰি চেলিম মাৰ্চেণ্টে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তিনিদিনীয়া ‘জুবিন দিৱস’ৰ প্ৰতিটো কাৰ্যসূচীত প্ৰাণৰ শিল্পীগৰাকীৰ অগণন অনুৰাগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জুবিন গাৰ্গৰ সৃষ্টিৰাজী, আদৰ্শ আৰু অসমীয়াৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱাৰ স্মৃতি সুঁৱৰি এই অনুষ্ঠান শান্তিপূৰ্ণ আৰু সু-শৃংখলিতভাৱে সম্পন্ন কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।

এইখনেই জুবিন গাৰ্গৰ বৰ অসম। এই অসমখন এনেদৰেই থাকক’—এই ভাবনাই যেন জুবিন ক্ষেত্ৰত এক নতুন ৰূপ লাভ কৰিছে। হিন্দু, মুছলমান, শিখ, জৈন, খ্ৰীষ্টানকে ধৰি বিভিন্ন ধৰ্মৰ লোক আজি একেটা স্থানতে সমবেত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.