আমিৰ খানৰ পুত্ৰ জুনেইদৰ সৈতে দেখা যাব শ্ৰীদেৱীৰ পুত্ৰী খুচীক, চিনেমাৰ টাইটেল ট্ৰেক ৰিলিজ
বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খান আৰু হাৱা হাৱাই শ্ৰীদেৱীৰ সন্তান এইবাৰ একেলগে দেখা যাব ডাঙৰ পৰ্দাত। চিনেমাখনৰ টাইটেল ট্ৰেক ৰিলিজ সদ্যহতে। চিনেমা খনত আমিৰৰ পুত্ৰ জুইনেদৰ লগতে দেখা যাব শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুচীক।
ই যুটিটোক দেখা যাব ফেণ্টম ষ্টুডিঅ’ আৰু এজিএছ এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনা আৰু অদ্বৈত চন্দনে পৰিচালনা কৰা ‘লাভয়াপা’ ছবিখনত। এই ছবিখনৰ ঘোষণাৰ পিছৰে পৰা এই ছবিখনক লৈ ৰাইজৰ মাজত এক উত্তেজনাৰ সৃষ্টি হৈছে।
আনহাতে ডাঙৰ পৰ্দাত মুক্তি পাব লগা এই ছবিখন জুনেইদ খান আৰু খুশী কাপুৰৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হব। প্ৰথমবাৰৰ বাবে জুনেইদক দেখা যাব ৰোমান্টিক কমেডীত। এই নতুন যুটিৰ কেমেষ্ট্ৰি দেখি অনুৰাগীসকলো অতিশয় উৎসাহিত হৈছে।
‘লাভয়াপা’ই এটা লঘু আৰু কেমডী কাহিনীৰে দৰ্শকক নতুন কিবা এটা দেখুৱাব বুলি প্ৰতিশ্ৰুতি দিছে। এনে পৰিস্থিতিত এতিয়া নিৰ্মাতাসকলে ছবিখনৰ টাইটেল ট্ৰেকটো মুকলি কৰিছে, যিটো এই বছৰৰ প্ৰেমৰ গীত হ’বলৈ সাজু।
‘লভেয়াপা’ আধুনিক ৰোমাঞ্চৰ জগতখনত পৰিৱেশিত এক হৃদয়স্পৰ্শী কাহিনী, সুন্দৰ অভিনয়, ভাইব্ৰেণ্ট সংগীত আৰু সুন্দৰ দৃশ্যৰে সজ্জিত। ২০২৫ চনৰ অন্যতম ৰোমাঞ্চকৰ চিনেমা হ’বলৈ গৈ আছে এই ছবিখন। ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিখনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ