ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বিবাহিত জীৱনে অনুৰাগীৰ মাজত প্ৰায়ে কৌতুহলৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ লিলি সিঙৰ প’ডকাষ্টত উপস্থিত হৈ ৫০ বছৰীয়া অভিনেতা অভিষেক বচ্চনে তেওঁৰ ১৮ বছৰীয়া বিবাহ আৰু পুৰুষত্বৰ বিষয়ে এক বেলেগ ব্যাখ্যা আগবঢ়াইছিল। এইবাৰ অভিষেকে যিবোৰ কথা কৈছে তাৰ বাবে পুনৰ চৰ্চালৈ আহিছে।
সাধাৰণতে দেখা যায়, পত্নী অধিক সফল হ’লে পুৰুষে নিৰাপত্তাহীনতা অনুভৱ কৰে। কিন্তু অভিষেকৰ দৰ্শন সম্পূৰ্ণ বেলেগ। তেওঁ কয়, “মোৰ এটা শক্তিশালী ইগো আছে। মই এনেকুৱা মানুহ নহয় যিয়ে আনক পৰাস্ত কৰি বা আনক তললৈ নমাই আনি জয়ী হ’ব বিচাৰে। মোৰ বিশ্বাস যে আপুনি নিজেই জয়ী হ’ব লাগিব।”
অভিষেকে বৈবাহিক সফলতাৰ সমীকৰণৰ উদাহৰণ হিচাপে পিতৃ-মাতৃক উল্লেখ কৰে। তেওঁ কয়, “যেতিয়া মোৰ মা-দেউতাৰ বিয়া হৈছিল, তেতিয়া মোৰ মা (জয়া বচ্চন) মোৰ দেউতাতকৈ ডাঙৰ তাৰকা আছিল। গতিকে পত্নীয়ে অধিক সফল হোৱাটো আমাৰ পৰিয়ালৰ বাবে অস্বাভাৱিক নাছিল।”
২০০০ চনত ‘ধাই অক্ষৰ প্ৰেম কে’ ছবিৰ সময়ত ঐশ্বৰ্য আৰু অভিষেকৰ বন্ধুত্ব আৰম্ভ হৈছিল। অভিষেকে মনত পেলাইছে, “প্ৰথম অৱস্থাত আমি কেৱল ভাল বন্ধু আছিলো। আমাৰ সম্পৰ্কটো অতি স্বাভাৱিকভাৱে আগবাঢ়িছিল।” প্ৰসংগক্ৰমে অভিষেকৰ সৈতে সৰ্বাধিক ছবিত অভিনয় কৰা একমাত্ৰ অভিনেত্ৰী ঐশ্বৰ্য।
অভিষেক বচ্চনৰ স্পষ্ট স্বীকাৰোক্তিই দেখুৱাইছে যে আত্মসন্মান আনক তুচ্ছজ্ঞান কৰাত নহয়, সংগীৰ সফলতাক উদযাপন কৰাতহে নিহিত হৈ আছে। তেওঁৰ আধুনিক চিন্তাধাৰাৰ সম্প্ৰতি ছ’চিয়েল মিডিয়াত বহুল প্ৰশংসা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















