হিন্দী আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ শক্তিশালী অভিনেতা প্ৰদীপ ৰাৱটে আজি ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।কিছুদিন ধৰি অসুস্থ হৈ থকা প্ৰদীপ ৰাৱটক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘদিনীয়া চলচ্চিত্ৰ জীৱনৰ সময়ছোৱাত প্ৰদীপ ৰাৱটে খলনায়ক আৰু সহযোগী চৰিত্ৰত নিজকে সুকীয়া কৰি তুলিছিল। আমীৰ খানৰ “গজিনী” ছবিত নাম ভূমিকাত অভিনয় কৰা প্ৰদীপ ৰাৱটে “লগান”ত দেৱ সিং চোধিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মুহিছিল। তেওঁৰ মৃ্ত্যুত চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে
১৯৫২ৰ ২১ জানুৱাৰীত মধ্যপ্ৰদেশৰ জব্বলপুৰত জন্মগ্ৰহণ কৰা প্ৰদীপ ৰাৱটে চলচ্চিত্ৰ উদ্যোগলৈ অহাৰ পূৰ্বে টেলিভিছনত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ বিখ্যাত ‘মহাভাৰত’ ধাৰাবাহিকত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰিছিল। যিয়ে তেওঁক দৰ্শকৰ মাজত চিনাকি কৰাইছিল। ইয়াৰ পিছত ১৯৮৫ চনত মুক্তি পোৱা “মেৰী জং” ছবিৰ জৰিয়তে হিন্দী চিনেমা জগতত প্ৰৱেশ কৰে প্ৰদীপ ৰাৱটে। প্ৰথমে তেওঁ কেইবাখনো ছবিত সৰু সৰু কিন্তু প্ৰভাৱশালী চৰিত্ৰত অভিনয় কৰি ক্ৰমান্বয়ে উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰিছিল।
প্ৰদীপ ৰাৱটে প্ৰকৃত জনপ্ৰিয়তা অৰ্জন কৰিছিল “ছৰফৰোজ” (১৯৯৯), “লগান” (২০০১) আৰু “গজিনী” ছবিত কৰা অভিনয়েৰে। ইয়াৰ উপৰিও তেওঁ কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছিল তেওঁ, য’ত “দ্য হিৰো: লাভ ষ্ট’ৰী অব এ স্পাই”, “গ্ৰেণ্ড মস্তি”, “সিং ইজ ব্লিং”, “চাভা” আদিও আছিল। বহু কেইখন তেলেগু, তামিল, কানাড়া, মালয়ালম ছবিতো তেওঁ অভিনয় কৰিছিল।
প্ৰদীপ ৰাৱট কেৱল হিন্দী চিনেমাতে সীমাবদ্ধ নাছিল। তেওঁ তেলেগু ছবি “ছাই”ৰ জৰিয়তে দক্ষিণ ভাৰতীয় চিনেমাত অভিষেক ঘটাইছিল যাৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ খলনায়ক (তেলেগু) বঁটা লাভ কৰিছিল। ৪ দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ একাধিক ভাষাৰ ১০০খনতকৈও অধিক ছবি আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছিল। শক্তিশালী কণ্ঠ, আকৰ্ষণীয় পৰ্দাৰ উপস্থিতি আৰু অনন্য খলনায়ক শৈলীৰে প্ৰদীপ ৰাৱটক সদায় ভাৰতীয় চিনেমাৰ অন্যতম স্মৰণীয় অভিনেতা হিচাপে গণ্য কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















