অসম লাইভ ২৪ঃ নিৰাপত্তাৰক্ষী মোতায়েন অভিনেতা চুৰিয়াৰ বাসগৃহত৷ ‘জয় ভীম’ৰ অভিনেতা সুৰিয়াৰ বিৰুদ্ধে অহা ভাবুকিৰ পাছতে অভিনেতাগৰাকীৰ চেন্নাইৰ বাসগৃহত সশস্ত্ৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে৷ এটি বিশেষ বৰ্ণগোষ্ঠীৰ শোষণৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছিল জয় ভীম ছবিখনত৷ ছবিখনৰ কিছু দৃশ্যাংশৰ বিৰোধিতা কৰি দক্ষিণৰ এটি ৰাজনৈতিক দলে অভিনেতা চুৰিয়াক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল৷ ছবিখনৰ জৰিয়তে সেই বিশেষ ‘ইৰুলৰ’ জনগোষ্ঠীটোৰ লোকক হেয় প্ৰতিপন্ন কৰাৰ প্ৰসংগ উত্থাপন কৰি আইনৰ কাষ চাপিছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে৷ ২ নবেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত ছবিখন মুকলি হোৱাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল ছবিখনৰ পৰিচালক আৰু অভিনেতা চুৰিয়া৷ মৃত্যুৰ ভাবুকি প্ৰদানৰ উপৰি অভিনেতাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ৷ অৱশেষত আইনী নিৰ্দেশৰ পাছতেই নিৰাপত্তাৰ খাটিৰত আৰক্ষী মোতায়েন কৰা হৈছে অভিনেতাগৰাকীৰ চেন্নাইৰ বাসগৃহত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ