অসম লাইভ২৪ঃ অনুৰাগীৰ অপেক্ষাত চেঁচাপানী। এই বৰ্ষত মুকলি নহ’ল ভাইজানৰ এখনো ছবি। অনুৰাগীয়ে আশা কৰিছিল এই বৰ্ষত ভাইজানে লৈ আহিব টাইগাৰ-৩। কিন্তু হঠাতেই মুক্তিৰ দিন পিছুৱাই দিয়া হ’ল টাইগাৰ-৩ ৰো। এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী ২০২৩ চনৰ পূৰ্বে ছলমান খানে মুক্তি নিদিয়ে এই ছবিখন।
ছলমান খানৰ ছবি টাইগাৰত পূৰ্বে কেটৰিণা কাঈফে অভিনয় কৰিছিল। কিন্তু টাইগাৰ-৩ চ ছলমানে কোন কোন অভিনেত্ৰীক ৰাখিছে? এই বিষয়টোৱেও চৰ্চা লাভ কৰিছে নেট দুনীয়াত। এক সূত্ৰই প্ৰকাশ কৰামতে টাইগাৰ-৩ত কেটৰিণাৰ ওপৰিও ভাইজানে ৰাখিছে অন্য এগৰাকী নায়িকাক। কিন্তু কোন এই নায়িকা? কিয় ছলমান খানে নায়িকাগৰাকীৰ পৰিচয় দিব বিচৰা নাই? ভাইৰেল খবৰ অনুযায়ী ছলমানে এই ছবিখনত নায়িকাৰ স্থানত ৰাখিছে টেলি অভিনেত্ৰী ঋদ্ধি ডোগৰাক। ঋদ্ধিয়ে ছবিখনত কাম কৰাৰ কথা ভাইৰেল হৈ পৰাৰ পাছতেই একাংশ নেটিজেনে আকৌ কৈছে, ‘ঋদ্ধিৰ লাইফত চেঞ্জ আহিবই। ভাইজানে যাকেই সুযোগ দিয়ে তেওঁ সফলতা লাভ কৰেই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ