অসম লাইভ২৪ঃ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰৰ মৃত্যু। শনিবাৰে হিমাচল প্ৰদেশৰ নিৱাসী শ্যাম চৰণ নেগীৰ মৃত্যু ঘটে। ১০৬ বছৰ বয়সত দেহাৱসান ঘটে শ্যাম চৰণ নেগীৰ। মৃত্যুৰ পূৰ্বে হিমাচল প্ৰদেশৰ ১৪তম বিধান সভা নিৰ্বাচনত শেষবাৰলৈ ভোটদান কৰি গৈছে নেগীয়ে।
১৯৫১ চনৰ ২৩ অক্টোবৰত হোৱা প্ৰথমটো নিৰ্বাচনত ভোটদান কৰি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰৰূপে পৰিগণিত হৈছিল নেগী। আৰু চলিত বৰ্ষৰ নৱেম্বৰৰ ২ তাৰিখে ৩৪ বাৰৰ বাবে ভোটদান কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটত স্থান লাভ কৰিছিল হিমাচলৰ এই বৰ্ষীয়ান ব্যক্তি গৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত নেগীৰ কথা উল্লেখ কৰি লিখিছিল, ‘নেগী নৱ প্ৰজন্মৰ বাবে আদৰ্শ হওক। যি ভৱিষ্যতে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নিৰ্বাচনত ভোটদানৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰি তুলিব।’
ইয়াৰ ওপৰিও, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও তেওঁৰ মৃত্যুৰ পাছতেই কৰিছে বিশেষ টুইট। টুইটত তেওঁ লিখিছে, ‘দেশৰ প্ৰথম গৰাকী ভোটাৰৰ জীৱনৰ অন্তিম ভোটটো সমগ্ৰ দেশবাসীৰ বাবে স্মৰণীয় হৈ ৰ’ব।’ আনহাতে, শ্যাম চৰণ নেগীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলিও জানিবলৈ দিয়ে জিলাখনৰ উপায়ুক্তই।
উল্লেখ্য যে, ১৯৫১ চনৰ পৰা প্ৰত্যেকটো সৰু-বৰ নিৰ্বাচনতেই ভোটদান কৰি আহিছিল নেগীয়ে। কেৱল নিজেই ভোটদান কৰিছিল এনে নহয়, বৰং নৱ প্ৰজন্মকো ভোটদানৰ বাবে সময়ে সময়ে অনুপ্ৰেৰণা যোগাই আহিছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ