ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ পৰৱৰ্তী ছিজনক লৈ এতিয়াৰ পৰাই ক্ৰিকেট অনুৰাগীৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা। বিশেষকৈ ৰাজস্থান ৰয়েলছৰ (RR) অধিনায়ক কোন হ’ব, তাক লৈ চলিছে বিভিন্ন জল্পনা-কল্পনা। বিগত ছিজনত পূৰ্ণাংগ অধিনায়কৰ দায়িত্ব লাভ কৰা অসমৰ সন্তান ৰিয়ান পৰাগক লৈও ক্ৰিকেট মহলত অব্যাহত আছে তীব্ৰ চৰ্চা। বহু অনুৰাগীৰ মতে, পৰৱৰ্তী ছিজনত ৰিয়ান পৰাগৰ হাতত অধিনায়কত্বৰ দায়িত্ব নাথাকিবও পাৰে। কিন্তু এই সকলো জল্পনা-কল্পনাৰ মাজতে ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্টৰ পৰা পোৱা দুটা বিশেষ ইংগিতে পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ আনিছে ৰিয়ান পৰাগক।
বিগত ছিজনত অধিনায়ক হিচাপে ৰিয়ানৰ প্ৰদৰ্শন
বিগত IPL ছিজনত ৰাজস্থান ৰয়েলছৰ পূৰ্ণাংগ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিছিল ৰিয়ান পৰাগে। অধিনায়কত্বৰ দায়িত্ব লাভ কৰাৰ পিছত দলটোক প্ৰতিযোগিতাখনত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে উপনীত কৰোৱাত ৰিয়ানৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। অসমৰ এই প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে অধিনায়ক হিচাপে নিজৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিছিল।
কিন্তু ছিজনৰ পিছৰে পৰা ৰিয়ান পৰাগৰ অধিনায়কত্বক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰে। প্ৰাক্তন ক্ৰিকেটাৰ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ক্ৰিকেট বিভাগৰ ছ’চিয়েল মিডিয়া পেজ আৰু ক্ৰিকেট বিষয়ক লৈ কৰা কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ মাজতো ৰিয়ানৰ অধিনায়কত্ব অব্যাহত থাকিব নে নাই, তাক লৈ চৰ্চা চলি আহিছে।
চৰ্চাৰ আঁৰত মূলতঃ দুটা কাৰণ
ৰিয়ানৰ অধিনায়কত্ব থাকিব নে নাই এই চৰ্চাৰ প্ৰথমটো কাৰণ হৈছে ৰিয়ান পৰাগৰ আঘাতজনিত সমস্যা। দীৰ্ঘদিন ধৰি আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা ৰিয়ানৰ ফিটনেছ আৰু পৰৱৰ্তী ছিজনত খেলাৰ সম্ভাৱনাক লৈ অনুৰাগীসকলৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিবলৈ সম্পূৰ্ণ ফিট হৈ থকাটো অত্যন্ত জৰুৰী। সেয়েহে বৰ্তমান সময়ত খেলপথাৰত ৰিয়ানৰ অনুপস্থিতিক তেওঁৰ অধিনায়কত্বৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰা হৈছে। কিয়নো ৰাজস্থান ৰয়েলছৰ অন্যতম সদস্য যশস্বী জয়ছোৱাল হৈছে টীম ইণ্ডিয়াৰ এখন চিনাকি মুখ। অন্তত টেষ্টত জয়ছোৱাল অপ্ৰতিদ্বন্দ্বী।
দ্বিতীয়টো কাৰণ হৈছে ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্বৰ পৰিৱৰ্তন। দলটোৰ মালিকীস্বত্বৰ পৰিৱৰ্তনৰ পিছত নতুন মেনেজমেণ্টে দলৰ নেতৃত্বৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিব নেকি, তাক লৈও বিভিন্ন জল্পনা-কল্পনা চলিছে। নতুন মালিকীস্বত্বৰ অধীনত দলৰ কৌশল, খেলুৱৈৰ ভূমিকা আৰু অধিনায়ক নিৰ্বাচনৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে বুলি একাংশ অনুৰাগীয়ে ধাৰণা কৰিছে।
ৰিয়ানৰ পক্ষত RRৰ দুটা বিশেষ ইংগিত
উপৰিউক্ত সকলো চৰ্চাৰ মাজতে ৰিয়ান পৰাগৰ পক্ষত দেখা গৈছে দুটা বিশেষ ইংগিত। প্ৰথমটো ইংগিত হৈছে ৰিয়ানৰ জন্মদিনত RRৰ বিশেষ বাৰ্তা। ৰিয়ান পৰাগৰ অধিনায়কত্বক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে তেওঁৰ জন্মদিনত ৰাজস্থান ৰয়েলছৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা বিশেষ পোষ্টে ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে। ৰিয়ান পৰাগৰ এখন ফটো প্ৰকাশ কৰি ৰাজস্থান ৰয়েলছে কেপচনত লিখিছিল— ‘তেতিয়াও তোমাৰ কাষত আছিলোঁ আৰু এতিয়াও তোমাৰ কাষত আছোঁ।’

এই বাৰ্তাটোৱে অনুৰাগীসকলৰ মাজত বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ, দলটোৰ সৈতে ৰিয়ান পৰাগৰ সম্পৰ্ক কেৱল এগৰাকী খেলুৱৈৰ সম্পৰ্ক নহয়। ৰাজস্থান ৰয়েলছৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক, দলটোৰ প্ৰতি তেওঁৰ অৱদান আৰু অধিনায়ক হিচাপে লাভ কৰা দায়িত্ব নতুন মেনেজমেণ্টৰ দৃষ্টিতো যে একেই থাকিব তাৰেই যে এই বাৰ্তা। এই বাৰ্তাক বহু অনুৰাগীয়ে এই বিশেষ ইংগিত হিচাপে গ্ৰহণ কৰিছে।
বিশেষকৈ মালিকীস্বত্বৰ পৰিৱৰ্তনৰ পিছতো ৰাজস্থান ৰয়েলছৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা ৰিয়ানৰ প্ৰতি এনে সমৰ্থনমূলক বাৰ্তা প্ৰকাশ পোৱাটোৱে নতুন মেনেজমেণ্টেও ৰিয়ান পৰাগৰ কাষত থকাৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিছে বুলি একাংশ অনুৰাগীয়ে মত প্ৰকাশ কৰিছে।
ৰিয়ানকেই অধিনায়কৰ দায়িত্ব দিয়া যে হব ইয়াৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ ইংগিত হিচাপে বিবেচনা কৰা হৈছে যশস্বী জয়ছোৱালৰ ট্ৰেডক লৈ ওলোৱা বিভিন্ন খবৰ। যশস্বী জয়ছোৱাল ৰাজস্থান ৰয়েলছৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰতিভাৱান খেলুৱৈ। তেওঁৰ বিস্ফোৰক বেটিং, ধাৰাবাহিক প্ৰদৰ্শন আৰু দলৰ প্ৰতি অৱদানৰ বাবে তেওঁক ভৱিষ্যতৰ অধিনায়ক হিচাপেও বিবেচনা কৰা হয়। সেয়েহে ৰিয়ান পৰাগৰ অধিনায়কত্বৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী হিচাপে যশস্বী জয়ছোৱালৰ নাম চৰ্চালৈ বিগত ছিজনতো আহিছিল। ইতিমধ্যে যশস্বী জয়ছোৱালক লৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ অথবা কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ট্ৰেডৰ সম্ভাৱনাক লৈ বিভিন্ন খবৰ প্ৰকাশ পাইছে।
এই খবৰসমূহৰ আঁৰত অধিনায়কত্বৰ সমীকৰণ জড়িত হৈ থাকিব পাৰে বুলি একাংশ ক্ৰিকেট অনুৰাগীয়ে ধাৰণা কৰিছে। যদি ৰাজস্থান ৰয়েলছে পৰৱৰ্তী ছিজনৰ বাবে জয়ছোৱালক যে অধিনায়কৰ দৃষ্টিৰে চোৱা নাই ট্ৰেডৰ খবৰবোৰ ইয়াৰ অন্যতম প্ৰমাণ হিচাপে বিবেচিত হৈছে। অৱশ্যে যশস্বী জয়ছোৱালৰ ট্ৰেডৰ খবৰ আৰু ৰিয়ান পৰাগৰ অধিনায়কত্বৰ মাজত কোনো আনুষ্ঠানিক সম্পৰ্ক নিশ্চিত হোৱা নাই। এই ক্ষেত্ৰত ট্ৰেডৰ খবৰসমূহক এতিয়াও জল্পনা-কল্পনা হিচাপেই বিবেচনা কৰিব লাগিব।
ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী ছিজনৰ অধিনায়ক নিৰ্বাচনৰ ক্ষেত্ৰত কেইবাটাও বিষয় গুৰুত্বপূৰ্ণ হ’ব। ৰিয়ান পৰাগৰ ফিটনেছ, বিগত ছিজনৰ অধিনায়কত্বৰ অভিজ্ঞতা, দলৰ খেলুৱৈসকলৰ সৈতে তেওঁৰ সমন্বয় আৰু নতুন মেনেজমেণ্টৰ পৰিকল্পনাই এই সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে। এফালে ৰিয়ান পৰাগৰ জন্মদিনত প্ৰকাশ কৰা ৰাজস্থান ৰয়েলছৰ বিশেষ বাৰ্তা, আনফালে যশস্বী জয়ছোৱালৰ ট্ৰেডক লৈ চলা চৰ্চা—এই দুয়োটা বিষয়েই এতিয়া অধিনায়কত্বৰ সমীকৰণক নতুন মাত্ৰা প্ৰদান কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















