যান-জঁটৰ সমস্যা কেৱল ৰাজপথতে সীমাবদ্ধ নহয়। বৰ্তমান মহাকাশতো সৃষ্টি হৈছে এক ভয়ংকৰ যান-জঁটৰ পৰিস্থিতি। পৃথিৱীৰ নিম্ন কক্ষপথত হাজাৰ হাজাৰ উপগ্ৰহ ঘূৰি আছে। এই উপগ্ৰহসমূহৰ ওপৰত নিৰ্ভৰশীল আমাৰ দৈনন্দিন জীৱনৰ বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা। মোবাইল ফোন, ইণ্টাৰনেট, ডাটা যোগাযোগ, বতৰৰ আগজাননী আৰু বহুতো অত্যাৱশ্যকীয় সেৱা উপগ্ৰহৰ সহায়ত পৰিচালিত হয়। কিন্তু যদি মহাকাশত এটা পাৰমাণৱিক বো*মাৰ বি*স্ফোৰণ ঘটে, তেন্তে কি হ’ব? এই প্ৰশ্নৰ উত্তৰ দিছে এক নতুন গৱেষণাই।
গৱেষকসকলৰ মতে, পৃথিৱীৰ নিম্ন কক্ষপথত উচ্চ ক্ষমতাসম্পন্ন পাৰমাণৱিক বি*স্ফোৰণ ঘটিলে প্ৰায় সকলো উপগ্ৰহই ক্ষতিগ্ৰস্ত হ’ব পাৰে। আনকি বি*স্ফোৰণৰ ৩০ দিনৰ ভিতৰতে ৯৯ শতাংশৰো অধিক উপগ্ৰহ অকামিলা হৈ পৰাৰ আশংকা আছে। উল্লেখ্য যে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে পূৰ্বেও মহাকাশত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল
মহাকাশত পাৰমাণৱিক বি*স্ফোৰণৰ আশংকা কেৱল কল্পনা নহয়। শীতল যুদ্ধৰ সময়ত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডল আৰু মহাকাশৰ বিভিন্ন উচ্চতাত মুঠ ১৮টা উচ্চ-উচ্চতাৰ পাৰমাণৱিক বি*স্ফোৰণ ঘটাইছিল। এই বি*স্ফোৰণসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী আছিল ‘ষ্টাৰফিছ প্ৰাইম’ (Starfish Prime)।
১৯৬২ চনত প্ৰশান্ত মহাসাগৰৰ ওপৰত প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাত ১.৪ মেগাটন ক্ষমতাৰ এটা পাৰমাণৱিক ৱাৰহেড বিস্ফোৰণ ঘটোৱা হৈছিল। এই বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বিকিৰণে সেই সময়ৰ কেইবাটাও উপগ্ৰহৰ ক্ষতি কৰিছিল। ইয়াৰ পিছত ১৯৬৩ চনত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে আংশিক পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিৰ অধীনত বায়ুমণ্ডল, মহাকাশ আৰু পানীৰ তলত পাৰমাণৱিক পৰীক্ষা বন্ধ কৰিবলৈ সন্মত হয়। কিন্তু বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধ আৰু সামৰিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে গৱেষকসকলে।
উইচকনচিন-মেডিচন বিশ্ববিদ্যালয় আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিপদৰ ওপৰত এক অধ্যয়ন চলাইছে। যদিও অধ্যয়নটো এতিয়াও সিমান পৰ্যালোচিত হোৱা নাই, তথাপিও ইয়াৰ ফলাফলে মহাকাশৰ ভৱিষ্যৎ সুৰক্ষাক লৈ উদ্বেগ সৃষ্টি কৰিছে। গৱেষকসকলে দক্ষিণ আটলাণ্টিক মহাসাগৰৰ ওপৰত প্ৰায় ৫০০ কিলোমিটাৰ উচ্চতাত ১ মেগাটন ক্ষমতাৰ পাৰমাণৱিক বিস্ফোৰণ ঘটাৰ এক কাল্পনিক পৰিস্থিতি অনুকৰণ কৰিছিল। এই অঞ্চলটো ‘দক্ষিণ আটলাণ্টিক বিজুতি’ (South Atlantic Anomaly) নামেৰে পৰিচিত। ইয়াত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ তুলনামূলকভাৱে দুৰ্বল। ফলত পাৰমাণৱিক বিস্ফোৰণৰ পৰা সৃষ্টি হোৱা তেজস্ক্ৰিয় কণাবোৰ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত আবদ্ধ হৈ থাকিব পাৰে।
এই তেজস্ক্ৰিয় কণাবোৰে মহাকাশত এক কৃত্ৰিম বিকিৰণ বেল্টৰ সৃষ্টি কৰিব। উপগ্ৰহসমূহে এই অঞ্চলৰ মাজেৰে বাৰে বাৰে পাৰ হোৱাৰ ফলত বিকিৰণৰ সংস্পৰ্শলৈ আহিব। ইয়াৰ ফলত উপগ্ৰহসমূহৰ ইলেক্ট্ৰনিক ব্যৱস্থা, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য সংবেদনশীল যন্ত্ৰাংশ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
গৱেষকসকলৰ অনুকৰণত ২০২৬ চনৰ জানুৱাৰীলৈ পৃথিৱীৰ নিম্ন কক্ষপথত সক্ৰিয় হৈ থকা প্ৰায় ১৩,৩০০টা উপগ্ৰহৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল। এই অধ্যয়ন অনুসৰি, দক্ষিণ আটলাণ্টিক বিজুতি অঞ্চলত পাৰমাণৱিক বিস্ফোৰণ ঘটিলে উপগ্ৰহসমূহৰ ক্ষতি ক্ৰমান্বয়ে বৃদ্ধি পাব। গৱেষণাৰ অনুকৰণত প্ৰকাশ পোৱা সম্ভাৱ্য ক্ষতিৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল—
– বিস্ফোৰণৰ এদিনৰ পিছত প্ৰায় ২৫ শতাংশ উপগ্ৰহ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
– তৃতীয় দিনৰ ভিতৰত এই পৰিমাণ ৭৮ শতাংশলৈ বৃদ্ধি পাব পাৰে।
– এসপ্তাহৰ ভিতৰত প্ৰায় ৯৮ শতাংশ উপগ্ৰহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।
– ১৫ দিনৰ ভিতৰত প্ৰায় ৯৯.৪ শতাংশ উপগ্ৰহ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
– শক্তিশালী বিকিৰণ প্ৰতিৰোধী সুৰক্ষা ব্যৱস্থা থকা উপগ্ৰহৰ ক্ষেত্ৰতো ৩০ দিনৰ ভিতৰত প্ৰায় ৯৯.৩ শতাংশ উপগ্ৰহ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আনহাতে, ১০০ কিলোটন ক্ষমতাৰ তুলনামূলকভাৱে কম শক্তিশালী পাৰমাণৱিক ৱাৰহেড বিস্ফোৰণ ঘটিলেও প্ৰায় ৯৯ শতাংশ উপগ্ৰহ ক্ষতিগ্ৰস্ত হ’বলৈ এবছৰ সময় লাগিব পাৰে বুলি অধ্যয়নত অনুমান কৰা হৈছে।
মহাকাশৰ আৱৰ্জনাই সৃষ্টি কৰিব আন এক বিপদ
পাৰমাণৱিক বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বিকিৰণেই একমাত্ৰ বিপদ নহয়। উপগ্ৰহসমূহ অকামিলা হৈ পৰাৰ পিছত মহাকাশত সংঘৰ্ষৰ আশংকাও যথেষ্ট বৃদ্ধি পাব। উপগ্ৰহসমূহে নিয়ন্ত্ৰণ হেৰুৱালে বা নিজৰ কক্ষপথৰ পৰা বিচ্যুত হ’লে আন উপগ্ৰহৰ সৈতে সংঘৰ্ষ ঘটিব পাৰে। এনে সংঘৰ্ষৰ ফলত মহাকাশত অসংখ্য ধ্বংসাৱশেষৰ সৃষ্টি হ’ব। গৱেষকসকলৰ অনুমান অনুসৰি, বিস্ফোৰণৰ পিছৰ প্ৰথম দুবছৰত প্ৰায় ২০টা সংঘৰ্ষ ঘটিব পাৰে। আনহাতে, ১০ বছৰৰ ভিতৰত এই সংঘৰ্ষসমূহৰ ফলত প্ৰায় ৩,৯০০টা নতুন মহাকাশৰ আৱৰ্জনা সৃষ্টি হোৱাৰ আশংকা আছে।
এই ধ্বংসাৱশেষবোৰে আন উপগ্ৰহৰ সৈতে সংঘৰ্ষ ঘটাই পুনৰ নতুন আৱৰ্জনাৰ সৃষ্টি কৰিব পাৰে। ফলত মহাকাশত এক ভয়ংকৰ সংঘৰ্ষৰ শৃংখল আৰম্ভ হ’ব পাৰে। গৱেষকসকলৰ মতে, এই প্ৰক্ৰিয়া কেইবা দশক ধৰি চলি থাকিব পাৰে। আনকি ইয়াৰ প্ৰভাৱ এশ বছৰলৈকে বিস্তৃত হোৱাৰ আশংকাও আছে। এনে পৰিস্থিতিত নতুন উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাটোও অত্যন্ত বিপদজনক হৈ পৰিব। ফলত পৃথিৱীৰ যোগাযোগ, ইণ্টাৰনেট, বতৰ নিৰীক্ষণ আৰু অন্যান্য মহাকাশ-নিৰ্ভৰশীল সেৱাসমূহ পুনৰ স্বাভাৱিক কৰাটো কঠিন হৈ পৰিব পাৰে।
বিশ্বৰ বাবে এক ভয়ংকৰ সতৰ্কবাণী
পাৰমাণৱিক নীতিৰ গৱেষক জেমছ মেককিউনে এই সম্ভাৱ্য বিপদৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যত পৰিস্থিতিটোক অত্যন্ত ভয়ংকৰ বুলি অভিহিত কৰিছে। তেওঁৰ মতে, মহাকাশত পাৰমাণৱিক বিস্ফোৰণ ঘটিলে ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব পাৰে। সেয়েহে এনে ঘটনা যাতে কোনো কাৰণতে সংঘটিত নহয়, তাৰ বাবে বিশ্বৰ দেশসমূহে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত।
বৰ্তমান বিশ্বৰ যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা, বতৰ নিৰীক্ষণ আৰু অৰ্থনৈতিক কাৰ্যকলাপলৈকে বহু ক্ষেত্ৰতে উপগ্ৰহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে মহাকাশত পাৰমাণৱিক বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হ’লে ইয়াৰ প্ৰভাৱ কেৱল মহাকাশতে সীমাবদ্ধ নাথাকিব। সমগ্ৰ পৃথিৱীৰ মানুহৰ দৈনন্দিন জীৱনতো ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ, এই গৱেষণাই দেখুৱাইছে যে মহাকাশৰ সুৰক্ষা আৰু পাৰমাণৱিক অস্ত্ৰৰ নিয়ন্ত্ৰণ এতিয়া সমগ্ৰ মানৱজাতিৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















